ডিব্ৰুগড়ত সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগৰ  সভা

ডিব্ৰুগড়ত সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগৰ  সভা
  
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-   সপ্তম অসম ৰাজ্যিক বিত্তীয় আয়োগৰ এক গুৰুত্বপূৰ্ণ সভা  ডিব্ৰুগড়  জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় । সপ্তম অসম ৰাজ্যিক বিত্তীয় আয়োগৰ অধ্যক্ষ অৱসৰপ্ৰাপ্ত লেফটেনেন্ট্ জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ (পি.ভি.এচ.এম, ইউ.ৱাই.এচ.এম, এ.ভি.এচ.এম, এচ.এম, ভি.এচ.এম)  অধ্যক্ষতাত অনুষ্ঠিত সভাত পঞ্চায়ত ও গ্ৰামোন্নয়ন, ডিব্ৰুগড় পৌৰ নিগম তথা জিলাখনৰ আটাইকেইখন পৌৰসভা, নগৰ আৰু গাওঁ পৰিকল্পনা,  লোকনিৰ্মাণ, জনস্বাস্থ্য- কাৰিকৰী, কৃষি, জলসিঞ্চন আদি বিভাগসমূহৰ বিত্তীয় ব্যৱস্থা লগতে বিগত ২০১৯-২০ বিত্তীয় বৰ্ষৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষলৈকে হোৱা আয়-ব্যয়ৰ সবিশেষ খতিয়ান লোৱা হয় । সভাত জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাওঁ পঞ্চায়তৰ বিষয়ববীয়াই  বিত্তীয় আয়োগৰ তৰফৰ পৰা নিৰ্ধাৰিত প্ৰশ্নাৱলীৰ আধাৰত বিতং তথ্য আগবঢ়ায়। সপ্তম অসম ৰাজ্যিক বিত্তীয় আয়োগৰ মাননীয় অধ্যক্ষ  মহোদয়ে পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ লগতে সকলো সংশ্লিষ্ট বিভাগক নিজস্ব উৎসৰে ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিবলৈ  লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অনুদানসমূহৰ সৎ ব্যৱহাৰ কৰি উপাৰ্জন সৃষ্টিকাৰী সম্পদ গঢ়িবলৈ পৰামৰ্শ আগবঢ়ায়। ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ  আৰু জিলাখনৰ আটাইকেইখন পৌৰসভাৰ পৌৰপতি আৰু কাৰ্যবাহী বিষয়াসকলৰ সৈতে হোৱা সভাত পৌৰ নিগম তথা পৌৰ সভাকেইখনৰ কৰ্মচাৰীৰ সাম্প্ৰতিক স্থিতি, ৰাজহ উৎপাদন, বৰ্তমান ৰূপায়ণহৈ থকা বিভিন্ন প্ৰকল্প আৰু ইয়াৰ লগত জড়িত প্ৰত্যাহ্বান, কৰ সংগ্ৰহ উন্নত কৰাৰ ভৱিষ্যতৰ সম্ভাৱনাৰ ওপৰত বিতং আলোচনা কৰা হয়। আয়োগৰ তৰফৰ পৰা ৰাজহ উৎপাদন বৃদ্ধিৰ লগতে জনসাধাৰণৰ প্ৰতি থকা সেৱা উন্নত কৰাৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়োৱা হয়।এই সভাত সপ্তম অসম  ৰাজ্যিক বিত্ত আয়োগৰ  পৰামৰ্শদাতাদ্বয় ক্ৰমে অৱসৰপ্ৰাপ্ত কৰ্ণেল বুধিন্দ্ৰ লহকৰ, অধ্যাপক  কনক হালৈ, পৌৰ প্ৰশাসন সঞ্চালকালয়ৰ এছ.আৰ.অ  মনোজ কুমাৰ কাফলে, ডিব্ৰুগড় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল কুমাৰ দাস, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰ প্ৰমুখ্যে চাবুৱা, নাহৰকটীয়া আৰু নামৰূপ পৌৰসভাৰ পৌৰপতিদ্বয়, বিভিন্ন উন্নয়নী বিভাগৰ বিভাগীয় মূৰব্বীসকল, খণ্ড উন্নয়ন বিষয়াসকল, পৌৰসভাৰ কাৰ্যবাহী বিষয়াসকল, জিলা পৰিষদৰ বিষয়ববীয়া তথা জিলাখনৰ বিভিন্ন পঞ্চায়তৰ পঞ্চায়ত সচিবসকল উপস্থিত থাকে।