ডিব্ৰুগড়ত সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ তৃতীয় কাৰ্যনিৰ্বাহকৰ সামৰণি

ডিব্ৰুগড়ত সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ তৃতীয় কাৰ্যনিৰ্বাহকৰ সামৰণি
চৰকাৰে প্ৰস্তাৱসমূহ সমাধান নকৰাত আক্ষেপ

এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় কমিটিৰ তৃতীয় কাৰ্যনিৰ্বাহক সভাখনি ডিব্ৰুগড় শাখাৰ উদ্যোগত ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত কেন্দ্ৰীয় সভানেত্ৰী সোণালী দাসৰ পৌৰোহিত্যত সফলতাৰে সম্পন্ন হয়। এই উদ্দেশ্যে পুৱা ১০-৩০ বজাত আৰম্ভ হোৱা সন্থাৰ প্ৰাক্তন মুখ্য উপদেষ্টা তথা মুখ্য পৃষ্ঠপোষক পূৰৱী ফুকন মহনৰ বন্তি প্ৰজ্বলন আৰু সদস্যাসকলৰ দ্বাৰা পৰিৱেশিত সন্থাৰ প্ৰাক্তন মুখ্য উপদেষ্টা চৈয়দা নুৰজাহান বেগমৰ ৰচনাৰে শীৰ্ষ গীত- ‘মাতৃৰ মমতাৰ আশীষেৰে” আৰম্ভ হোৱা সভাখনত সন্থাৰ মুখ্য উপদেষ্টা ড° ভানুপ্ৰভা শইকীয়া, অন্যতম উপদেষ্টা সু লেখিকা শিল্পী দীপালী দত্ত শইকীয়াৰ লগতে কেন্দ্ৰীয় বিষয়ববীয়া আৰু অসমৰ বিভিন্ন শাখাৰ প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰা সভাখনৰ আবেলি সামৰণি পৰে। কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদিকা তথা ডিব্ৰুগড় শাখাৰ সম্পাদিকা চৈয়দা মাছহুদা ৰহমানে আঁত ধৰা, সাধাৰণ সম্পাদিকা মাইকণ দেৱীৰ উদ্দেশ্য ব্যাখ্যাৰ পিছতে সভানেত্ৰীৰ পৰিচালনাত সদস্যাসকলৰ দ্বাৰা পৰিৱেশিত সাংস্কৃতিক কাৰ্যসূচীবোৰেও সভাৰ অন্যতম আকৰ্ষণ আছিল। মল্লিকা শৰ্মাৰ নেতৃত্বত যোৰা-নাম, মীনা যোশী আৰু প্ৰীতিমা চাংমাইৰ কণ্ঠৰ গীত, ডিব্ৰুগড় শাখাৰ সভানেত্ৰী লক্ষহীৰা গগৈ আৰু বৰপেটা শাখাৰ দীপা দাসৰ স্বৰচিত কবিতা পাঠেও সকলোকে মোহিত কৰে৷ সভাত দুগৰাকীকৈ ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত শিক্ষয়িত্ৰী ক্ৰমে দিপালী ডেকা আৰু সংগীতা দেৱীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ সভাই বহুকেইটা বিষয়ৰ ওপৰত আলোচনা আগবঢ়ায়। কৰ্মচাৰী মহিলাৰ সমস্যাসমূহৰ সমাধানৰ বাবে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হয়। চৰকাৰৰ ওচৰত আগবঢ়োৱা বহুকেইটা প্ৰস্তাৱ আজিকোপতি সমাধান নোহোৱাৰ বাবে সভাই আক্ষেপ কৰে আৰু পুনৰবাৰ প্ৰস্তাৱসমূহ আগবঢ়োৱাৰ পৰামৰ্শ প্ৰদান কৰা হয়। বিশেষকৈ নাৰীৰ নিৰাপত্তাজনীত বিষয়টোৱে গুৰুত্ব পোৱাৰ লগতে সাম্প্ৰতিক ঘটনাৰাজিক লৈও সভাই গভীৰ উদ্বেগ প্ৰকাশ কৰে৷ শলাগৰ শৰাই আগবঢ়ায় ডিব্ৰুগড় শাখাৰ কাৰ্যকৰী সভানেত্ৰী আৰিফা বেগমে।