ডিব্ৰুগড়ত সদৌ অসম ভিত্তিত আমন্ত্ৰণমূলক চলন্ত বীৰাঙ্গণা জাতীয় জনগোষ্ঠীয় মহিলা ফুটবল ট্ৰফী-২০২৬ৰ লাইখুঁটা স্থাপন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- জাতীয় ঐক্যমঞ্চ ডিব্রুগড়ে অসমীয়া জাতি-মাটি-ভেটিৰ লগতে আর্থিক সামাজিক, সাংস্কৃতিক উন্নয়নৰ স্বাৰ্থত বিভিন্ন সময়ত কাৰ্য্যসূচী গ্ৰহণ কৰি বৃহত্তৰ অসমীয়া জাতি গঠনৰ হকে কাম কৰি আহিছে। সাহিত্য-সংস্কৃতিৰ লগতে ক্রীড়াৰ ক্ষেত্ৰত মহিলা সকলক আগবঢ়াই নিয়া বাবে অনাগত দিনত “মহিলা ফুটবল খেল”ৰ জৰিয়তে প্রতিষ্ঠিত হ’বলৈ হ’লে আনুষ্ঠানিকভাবে প্রতিযোগিতাৰ মঞ্চ এখন খুবেই প্রয়োজন অনুভৱ কৰি অহা ০২ ফেব্ৰুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ ডিব্ৰুগড়ৰ জাতীয় জনগোষ্ঠীয় ঐক্যমঞ্চই প্ৰথম বাৰ্ষিক”সদৌ অসম ভিত্তিত আমন্ত্রণমূলক চলন্ত বীৰাঙ্গণা ট্রফী-(২০২৬ ) মহিলা ফুটবল প্রতিযোগিতা”খনি অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই প্রতিযোগিতাৰ বাবে আজি আনুষ্ঠানিক ভাবে খেল পৰিচালনা সমিতিৰ সভানেত্ৰী বিপ্লৱী দাস,কাৰ্যকৰী সভাপতি মনোজ কছাৰী, সম্পাদিকা উষা দাসৰ উপস্থিতিত মাংগলিক কাৰ্যসূচীৰে বন্তি প্ৰজ্বলন আৰু ভক্তিময় প্ৰাৰ্থনাৰে লাইখুঁটা স্থাপন কৰা হয়।
