ডিব্ৰুগড়ত সদৌ অসম পাৰিজাতে অৱসৰপ্ৰাপ্ত অধ্যক্ষ হিৰণ্য সেনাপতিক শিশু বন্ধু উপাধি
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত সদৌ অসম মইনাপাৰিজাতৰ গোলঘাটত অনুষ্ঠিত হোৱা মহাৰজত জয়ন্তীবৰ্ষৰ সামৰণি আৰু অষ্টাদশ দ্বি বাৰ্ষিক শিশুসমাৰোহত ডিব্ৰুগড় জিলা মইনাপাৰিজাতৰ প্ৰায় ১৫০ জন মইনা আৰু চেমনীয়া প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে।সমাৰোহ উপলক্ষে আয়োজিত বিভিন্ন প্ৰতিযোগিতাসমূহত বিশেষ স্থান লাভ কৰি ৩০ টাতকৈও অধিক পুৰষ্কাৰেৰে জিলাখনক গৌৰান্বিত কৰে।তদুপৰি মহাৰজত জয়ন্তীবৰ্ষত ব্যৱহৃত প্ৰতীকচিহ্নটি অংকন কৰা ডিব্ৰুগড়জিলা মইনাপাৰিজাতৰ নিশ্চিত প্ৰাণ বৰুৱাক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। নিশ্চিত প্ৰাণ বৰুৱাই সদৌ অসম মইনাপাৰিজাতৰ প্ৰধান সম্পাদক ৰাতুল বৰাক সদৌ অসম মইনা পাৰিজাতলৈ আইতা নলিনীবালা দেৱী আৰু ককা মহাদেৱ শৰ্মাৰ দুখন ছবি উপহাৰ দিয়ে। ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ মইনা বাগ্মিতা গগৈয়ে ‘চৰাই হোৱা হ’লে’ -নামৰ এখনি কাব্য গ্ৰন্থ আৰু জিলা বিষয়ববীয়া কিশোৰ গগৈৰ ‘লেছেৰী’ নামৰ এখনি শিশুনাট গ্ৰন্থ সমাৰোহত উন্মোচন কৰা হয়।মইনা ঋতম ৰাজ হাজৰিকাই সমাৰোহত ‘অতিথি মইনা বক্তা’ ৰ আসন অলংকৃত কৰে।ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ উপসভাপতি,ডিব্ৰুগড় আঞ্চলিক মইনাপাৰিজাতৰ সভাপতি একান্ত শিশুসেৱক , অৱসৰপ্ৰাপ্ত অধ্যক্ষ হিৰণ্য সেনাপতিক ২০২৫ বৰ্ষৰ শিশু বন্ধু উপাধিৰে বিভূষিত কৰে।সদৌ অসম ভিত্তিত আয়োজিত স্মৃতিগন্থ প্ৰতিযোগিতাত ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ সদ্য প্ৰকাশিত ‘পাৰিজাত’ নামৰ স্মৃতিগ্ৰন্থখনিয়ে প্ৰথম স্থান লাভ কৰি জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত সকলোকে আনন্দিত কৰি তুলিছে।
