ডিব্ৰুগড়ত সক্ষম শিশুৰ ‘প্ৰেৰণা’ শিশুগৃহত উমৈহতীয়া জন্মদিন উদ্যাপন:: ৰসৰাজ বেজবৰুৱাৰ ‘চম্পাৱতী’ৰ নাট্যৰূপ প্ৰদৰ্শন
ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ অনাথ শিশু আৰু বিশেষভাৱে সক্ষম সকলৰ হৈ বিগত পঁচিশ বছৰৰো অধিক কাল সেৱা আগবঢ়াই অহা ‘প্ৰেৰণা প্ৰতিবন্ধী এনজিঅ’ নামৰ একমাত্ৰ স্বেচ্চাসেৱী সংগঠন চমুকৈ ‘প্ৰেৰণা’ৰ উদ্যোগত সংগঠনটোৰ ‘প্ৰেৰণা শিশুগৃহ’ত থকা ৩০ গৰাকী শিশুৰ উমৈহতীয়া জন্মদিন পালন কৰা হয়৷ ইয়াৰ স’তে সংগতি ৰাখি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধু ‘চম্পাৱতী’ৰ ৰাজীৱ দাসৰ নাট্যৰূপ আৰু পৰিচালনা, ৰূদ্ৰাণী শৰ্মাৰ সহযোগী পৰিচালনাত সাৱলীল ভাৱে প্ৰদৰ্শন কৰি শিশুসকল উপস্থিত থাকি সকলোকে আপ্লুত কৰে৷ এই উপলক্ষে চহৰখনৰ মানকটাস্থিত ‘শ্ৰীশ্ৰী আউনীআটী সত্ৰ প্ৰেক্ষাগৃহ’ত অনুষ্ঠিত দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিশিষ্ট নাট্যকাৰ, অভিনেতা অসীম শৰ্মা আৰু সত্ৰৰ নামঘৰীয়া প্ৰশান্ত বৰাই৷ ‘প্ৰেৰণা শিশু গৃহ’ৰ শিশুসকলে মাতৃবন্দনা পৰিৱেশন কৰে৷ শিশুসকলৰ উমৈহতীয়া জন্মদিন উপলক্ষ্যত কেক্ কাটি শুভাৰম্ভ কৰে ডিব্ৰুগড় জিলা শিশু কল্যাণ সমিতিৰ সভানেত্রী ৰূপাৰাণী কৌৰ, বিশিষ্ট সমাজকৰ্মী জ্যোতি প্ৰসাদ কানৈ আৰু ‘প্ৰেৰণা প্ৰতিবন্ধী’ৰ সভাপতি বিৰু কুমাৰ সিঙে৷ ‘আলোকৰে যাত্ৰা’ শীৰ্ষক শিশুসকলৰ সৃষ্টিসম্বলিত প্ৰদৰ্শনী মুকলি কৰে ডিব্ৰুগড় জিলা আইন প্ৰাধিকৰণৰ সচিব অভিজিৎ শইকীয়াই৷ সংগঠনটোৰ দ্বাৰা প্ৰকাশিত ‘প্ৰেৰণা শিশু গৃহ’ৰ শিশুসকলৰ দ্বাৰা লিখিত মুখপত্ৰ ‘আমাৰ আশা’ যৌথভাৱে উন্মোচন কৰে বিশিষ্ট লেখক পেইম থি গোহাঁই আৰু জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকাই৷ ইয়াৰ পিছতে অনুষ্ঠিত ‘প্ৰণামী’ অনুষ্ঠানত সমাজকৰ্মী কিৰণ বৰা, ডাঃ অদিতি বৰুৱা, চেতনা দত্ত, মৌচুমী পাল, মামনি শৰ্মা, ডিব্ৰুগড় শিশু কল্যাণ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড॰ গীতিমল্লিকা গগৈ, প্ৰণীতা কোঁৱৰ, ব্যৱসায়ী প্ৰণৱ সোণোৱাল, অধিবক্তা প্ৰাঞ্জল কোঁৱৰ আদিক শিশুসেৱাৰ ক্ষেত্ৰত কৰা সহযোগিতাৰ বাবে সংগঠনটোৰ দ্বাৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ ‘প্ৰেৰণা শিশু গৃহ’ৰ শিশুসকলৰ দ্বাৰা পৰিৱেশিত ‘চম্পাৱতী’ নাট আৰু বিচিত্ৰানুষ্ঠানটি উদ্বোধন কৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড॰ বিনোদ চন্দ্ৰ বড়াই৷ ‘প্ৰেৰণা’ সংগঠনৰ অধ্যক্ষা তথা শদিয়া সমষ্টিৰ প্ৰাক্তন বিধায়িকা জ্যোৎস্না সোণোৱালে আঁতধৰা অনুষ্ঠানত সমাজকৰ্মী কল্পনা খাউন্দ, সংগীতমৰ সভানেত্ৰী কল্পনা ডেকা কলিতা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নাৰী অধ্যয়ন কেন্দ্ৰৰ অধ্যাপিকা লনী দুৱৰা, মহীয়সী সেউজী সাহিত্য মঞ্চৰ ডিব্ৰুগড় শাখাৰ জিতা ডেকা হাজৰিকা, জিলা শিশু কল্যাণ সমিতিৰ সদস্য-সদস্যাবৃন্দ, হেল্পিং হেণ্ডৰ সদস্যবৃন্দৰ লগতে ‘প্ৰেৰণা প্ৰতিবন্ধী’ৰ সম্পাদক মহেশ কৈৰী, ‘প্ৰেৰণা শিশু গৃহ’ৰ অধ্যক্ষা পাপৰি বৰুৱা, ৰশ্মিৰেখা গোস্বামী, ব্যৱস্থাপক নিৰ্মল শেনচোৱাকে ধৰি বহুসংখ্যক গণ্যমান্য বিশিষ্ট ব্যক্তিৰ লগতে দ্বিশতাধিক লোক উপস্থিত থাকে৷ ‘প্ৰেৰণা’ৰ সদস্যাসকলে পৰিৱেশন কৰা এটি সমবেত সংগীতেৰে সামৰণি পৰা অনুষ্ঠানটিত ‘প্ৰেৰণা শিশুগৃহ’ত থকা ওঠৰ বছৰ উৰ্ধৰ কিশোৰ-কিশোৰী সকলৰ সংস্থাপনৰ বাবে এক আঁচনি গ্ৰহণৰ বাবে উপস্থিত অতিথি তথা বিশিষ্ট অতিথিসকলে ঐকমত্য প্ৰকাশ কৰে৷
