ডিব্ৰুগড়ত শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ত ৰাভা দিৱস উদ্যাপন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ ৰাজ্যখনৰ লগতে সংগতি ৰাখি ডিব্ৰুগড় বৈৰাগীমঠস্থিত শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়তো গণশিল্পী বিষ্ণুৰাভা দিৱস পালন কৰা হয়৷ এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে অধ্যক্ষ ভূষণজ্যোতি সন্দিকৈয়ে৷ ইয়াৰ পিছতে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰাৰ লগতে বিষ্ণুৰাভাৰ দ্বাৰা ৰচিত গীত পৰিৱেশন আৰু কবিতা আবৃত্তি কৰে৷ অধ্যক্ষ ভূষণজ্যোতি সন্দিকৈ, শৈক্ষিক বিষয়া ডঃ দীপা গোস্বামী, সমাজতত্ত্ব বিভাগৰ শিক্ষক প্ৰণাম প্ৰভু বৰুৱাই বিষ্ণুপ্ৰসাদ ৰাভাই অসমৰ সাহিত্য-সামাজিক-সাংস্কৃতিক তথা ৰাজনৈতিক জীৱনলৈ আগবঢ়োৱা অৱদানৰ কথা ছাত্ৰ-ছাত্ৰীৰ আগত ব্যক্ত কৰে৷ অনুষ্ঠানৰ আঁত ধৰে পদাৰ্থবিজ্ঞান বিভাগৰ শিক্ষয়িত্ৰী পল্লৱী সোনোৱালে৷ শলাগৰ শৰাই আগবঢ়ায় প্ৰণাম প্ৰভু বৰুৱাই৷