ডিব্ৰুগড়ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা প্ৰচাৰ শাখা সভাপতি- সম্পাদকৰ সন্মিলন সম্পন্ন

ডিব্ৰুগড়ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা প্ৰচাৰ শাখা সভাপতি- সম্পাদকৰ সন্মিলন সম্পন্ন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- শ্রীমন্ত শংকৰদেৱ সংঘ, ডিব্ৰুগড় জিলা প্ৰচাৰ শাখাৰ গুৰুত্বপূৰ্ণ সভাপতি- সম্পাদকৰ সন্মিলনখনি ডিব্ৰুগড় আঞ্চলিক শাখাৰ আতিথ্যত বৈৰাগীমঠ কদমনিস্থিত মূল শাখা নামঘৰত অনুষ্ঠিত হয়। দিনজোৰাকৈ অনুষ্ঠিত হোৱা সন্মিলনখনি আৰম্ভহোৱা আগতে জিলা প্ৰচাৰ শাখা কাৰ্যনিৰ্বাহক সভাখনিও অনুষ্ঠিত হয়। জিলাপ্ৰচাৰ শাখাৰ সভাপতি উমাকান্ত মহনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সন্মিলনত জিলাখনৰ অন্তৰ্গত আঞ্চলিক শাখা ক্ৰমে- নামৰূপ,পূবেৰুন, টেঙাখাত, ডিব্ৰুগড় , নিৰ্মল, লৰুৱা আঞ্চলিককে ধৰি প্ৰতিখনৰ পৰা সভাপতি -সম্পাদক সকলে সন্মিলনত অংশ গ্ৰহণ কৰে। শ্রীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় আঞ্চলিকৰ প্ৰচাৰ শাখাৰ সভাপতি প্ৰশান্ত কাকতিয়ে উদ্বোধন কৰা সম্মিলনখনিত ৫৭৭ শঙ্কৰাব্দ ২০২৬ বৰ্ষৰ গুৰু ধৰ্ম পালনত সহায় হোৱাকৈ সকলো দিশ সামৰি বিসংগতি সমূহ আঁতৰাই একত্ৰীকৰণৰ পথ প্ৰশস্ত কৰি আগন্তুক দিনত শৃংখলাবদ্ধভাৱে কাৰ্যসূচী সমূহ আগবঢ়াই নিয়াৰ লগতে সভাপতি-সম্পাদক সকলে কাৰ্যসূচী সমূহ ৰূপায়ণ কৰাৰ অৰ্থে অনুষ্ঠিত হোৱা সন্মিলনত জিলা প্ৰচাৰ শাখা সম্পাদক, অজিত বড়া বাপে – কর্ম আঁচনি আৰু বাজেট দাখিল কৰে। আগন্তক দিনত সভাপতি-সম্পাদক সকলে নিজ নিজ আঞ্চলিক শাখাত এই কাৰ্যসূচী সমূহ ৰূপায়ন কৰিবলৈ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে । সভাত প্ৰচাৰ শাখা উপদেষ্টা- নামৰূপ আঞ্চলিক শাখাৰ নবীন চলিহা, জিলা সংস্কৃতি শাখাৰ সভাপতি নগেন শইকীয়া, জিলা শিশু আই-মাতৃ কল্যাণ সমিতিৰ সভানেত্ৰী -পূবেৰুন আঞ্চলিক শাখা, ৰূপামনি দত্ত গগৈ, সম্পাদিকা- হিৰণ্য চেতিয়া গগৈ,টেঙাখাত আঞ্চলিক শাখা, জিলা সাহিত্য শাখা সভাপতি, দীপক গগৈৰ লগতে জিলা শাখাৰ অন্তৰ্গত দহখন আঞ্চলিকৰ অধিসংখ্যক প্ৰতিনিধি বাপ-আই উপস্থিত থাকে। সন্মিলনত ডিব্ৰুগড় আঞ্চলিক শাখাৰ পৰা প্ৰশান্ত শইকীয়াক ডিব্ৰুগড় জিলা প্ৰচাৰ শাখাৰ সদস্য ৰূপে সভাই মনোনীত কৰে।