ডিব্ৰুগড়ত শ্বহীদ কুশল কোঁৱৰৰ ৮৩ সংখ্যক মৃত্যুবাৰ্ষিকী উদযাপন:মেয়ৰ সৈকত পাত্ৰৰ পুষ্পাঞ্জলী

ডিব্ৰুগড়ত শ্বহীদ কুশল কোঁৱৰৰ ৮৩ সংখ্যক মৃত্যুবাৰ্ষিকী উদযাপন:মেয়ৰ সৈকত পাত্ৰৰ পুষ্পাঞ্জলী

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি ৰক্ষা সমিতি আৰু ডিব্ৰুগড় পৌৰ নিগমৰ উদ্যোগত তথা পাৰিজাত একাডেমীৰ মহাবিদ্যালয়ৰ সহযোগত ১৫ জুনত ডিব্ৰুগড়ৰ চৌকিডিঙীস্থিত শ্বহীদ কুশল কোঁৱৰ উদ্যানত শ্বহীদ গৰাকীৰ ৮৩ সংখ্যক মৃত্যুবাৰ্ষিকী বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ সৈকৎ পাত্ৰই পূস্পাঞ্জলী অৰ্পন কৰা অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে শ্বহীদ কুশল কোঁৱৰ স্মৃতি ৰক্ষা সমিতিৰ সভাপতি প্ৰকাশ গগৈয়ে। বন্তি প্ৰজ্বলন কৰাৰ আগতে পাৰিজাত একাডেমীৰ শিক্ষন শিকন মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ দ্বাৰা মঙলাচৰণ কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে উপ-সভাপতি মদন চন্দ্ৰ কোঁৱৰ আৰু সদস্য ক্ৰমে – মানিক বৈশ্য: ৰঞ্জিত মেচ,পৱন গাৰোডীয়া,নিৰজ সিংহানীয়া আৰু নিৰ্মলক্ৰান্তি শীলকে ধৰি যথেষ্ট সংখ্যক ৰাইজ উপস্থিত থাকে। শেষত শ্বহীদ কুশল কোঁৱৰ স্মৃতি ৰক্ষা সমিতিৰ সম্পাদকৰ উদ্দেশ্য বাখ্যাৰ লগতে শলাগৰ শৰাই আগবঢ়ায় অনিল প্ৰসাদ সিংহই।