ডিব্ৰুগড়ত শান্তিপূৰ্ণ ভাৱে ঈদুজ্জোহা উদযাপন: বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা

ডিব্ৰুগড়ত শান্তিপূৰ্ণ ভাৱে ঈদুজ্জোহা উদযাপন: বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  দেশৰ অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড়তো আজি শান্তিপূৰ্ণভাৱে ইছলামধৰ্মী লোকসকলে তেওঁলোকৰ পৱিত্ৰ ত্যাগৰ উৎসৱ ঈদুজ্জোহা পালন কৰে। পুৱাৰ পৰা নেৰানেপেৰা ধাৰাসাৰ বৰষুণৰ কাৰণে ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰত থকা “কেন্দ্ৰীয় ঈদগাহ”ৰ পৰিৱৰ্তে ঈদগাহৰ কমিউনিটি হলত ইছলাম ধৰ্মী লোকসকলে নামাজত অংশগ্ৰহণ কৰে বুলি সমিতিৰ সভাপতি আলহজ আমানুল্লাহ আনচাৰি আৰু সম্পাদক আলহজ চৌকত আলিয়ে জানিবলৈ দিয়ে। এই ঈদৰ নামাজত ঈমামতি কৰে নালিয়াপুল মছজিদৰ পেচ ঈমাম হজৰত মৌলানা চৈয়দ মোবাৰাক হুছেইনে। নামাজৰ অন্তত সমূহীয়া ভাৱে দুহাত তুলি বিশ্ব শান্তিৰ বাবে, দেশৰ-দহৰ মঙ্গলৰ বাবে দোৱা- প্ৰাৰ্থনা কৰে আৰু ইজনে সিজনৰ লগত আলিঙ্গন কৰি সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰে। হিন্দু মুছলিমৰ সমন্বয় তথা ত্যাগৰ বাণী বিলোৱা এই মহান উৎসৱ পালন কৰাৰ বাবে আমোলাপট্টিত থকা “আলহজ জালালউদ্দিন আহমেদ” ঈদগাহতো বৰষুণৰ কাৰণে অংশগ্ৰহণ কৰাৰ পৰিবৰ্তে ঈদৰ নামাজ স্হানীয় মছজিদ সমূহত অনুষ্ঠিত কৰে বুলি ঈদগাহ কমিটিৰ সম্পাদক জাৱেদ ৰহমানে জানিবলৈ দিয়ে। ডিব্ৰুগড়ত থকা ২৮ টা মছজিদতো আজি পুৱাৰ ভাগতে শান্তিপূৰ্ণ ভাৱে ইছলাম ধৰ্মী লোকসকলে ঈদৰ নামাজত অংশগ্ৰহণ কৰে। বৈচিত্ৰৰ মাজত ঐক্য। হিন্দু মুছলমানৰ মাজত থকা এই ঐক্য, সমন্বয়, ভ্ৰাতৃত্ববোধ আৰু ত্যাগৰ বানী বিলাই তাহানিৰে পৰাই একেডাল এনাজৰীৰে বান্ধ খাই আছে। ঈদ উপলক্ষে ডিব্ৰুগড়ৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ঈদৰ শুভেচ্ছা আৰু ঈদ মোবাৰাক জনায় । ইয়াৰ ভিতৰত ডিব্ৰুগড় জিলাৰ হিলাল কমিটিৰ সভাপতি আলহজ মৌলানা আইনান জুবেৰী, সম্পাদক নাচিমুল গণি, ডিব্ৰুগড়ৰ জাকাত এণ্ড ইমদাদ ফাউণ্ডেছনৰ সভাপতি ডাঃ চাজিদ আহমেদ, সম্পাদক নাচিৰ চুলতান, ডিব্ৰুগড়ৰ সামাজিক- সাংস্কৃতিক অনুষ্ঠান ‘চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজ’ৰ সভাপতি ডাঃ আহমেদউল্লা খান, সম্পাদক এম হাছিম আলী, উপ- সভাপতি আব্দুল খালেক, দক্ষিণ আমোলাপট্টি মুছলিম কল্যাণ সমিতিৰ সভাপতি আলহজ চেহিৰ আহমদ, ফয়জে ইলিয়াছ মাদ্ৰাছা তথা ডিব্ৰুগড় ঈমাম পৰিষদৰ সম্পাদক আলহজ মৌলানা আতিকুৰ ৰহমান কাছিমি , সদৌ অসম গৰিয়া মৰিয়া জাতীয় পৰিষদৰ সভাপতি ৰহিমুল হুছেইন আৰু সম্পাদক ৰুবুল আলি আদিৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ঈদৰ আন্তৰিক শুভেচ্ছা আৰু ঈদ মোবাৰক জনায়।