ডিব্ৰুগড়ত শান্তিপূৰ্ণ ভাৱে ঈদ উদযাপন: বিশ্ব শান্তিৰ বাবে দোৱা: বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ শুভেচ্ছা

ডিব্ৰুগড়ত শান্তিপূৰ্ণ ভাৱে ঈদ উদযাপন: বিশ্ব শান্তিৰ বাবে দোৱা: বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ শুভেচ্ছা

এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড়তো আজি(২৯/৬/২৩) শান্তিপূৰ্ণভাৱে ইছলামধৰ্মী লোকসকলে তেওঁলোকৰ পৱিত্ৰ ত্যাগৰ উৎসৱ ঈদুজ্জোহা উৎসৱ পালন কৰে। ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰত থকা “কেন্দ্ৰীয় ঈদগাহ”ত প্ৰায় দহ হাজাৰ লোকে ঈদৰ নামাজত অংশ গ্ৰহণ কৰে। নামাজত ঈমামতি কৰে তিনিকোণীয়া মছজিদৰ পেচঈমাম আলহজ মৌলানা আতিকুৰ ৰহমান কাচিমিয়ে। পুৱা ৮-১৫ মিনিটত অনুষ্ঠিত হোৱা নামাজৰ অন্তত বিশ্ব শান্তিৰ বাবে সকলোৱে দোৱা প্ৰাৰ্থনা কৰে। ডিব্ৰুগড় ঈদগাহ কমিটিৰ সভাপতি আলহজ আমানউল্লা আনচাৰি আৰু সম্পাদক আলহজ চৌকত আলিয়ে জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, ডিব্ৰুগড় পৌৰসভা, ব্ৰহ্মপুত্ৰ বোৰ্ড, বিদ্যুৎ বিভাগ, প্ৰচাৰ মাধ্যমৰ লগতে ডিব্ৰুগড়ৰ সমূহ ৰাইজ আৰু মছজিদ সমূহৰ সভাপতি আৰু সম্পাদক আদিয়ে সহায় সহযোগিতা আগবঢ়োৱা বাবে কমিটিৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰে।বিশ্বভাতৃত্ব মহামিলনৰ উৎসৱ পালন কৰাৰ বাবে আমোলাপট্টিত থকা “আলহজ জলালউদ্দিন আহমেদ” ঈদগাহত ঈদৰ নামাজত ঈমামতি কৰে অসম জামিউল উলুম মাদ্ৰাছাৰ মুফতি মৌলানা মকচুদুল ইছলামে। ইয়াত প্ৰায় আঢ়ৈ হেজাৰ লোকে অংশ গ্ৰহণ কৰে বুলি ইদগাহ কমিটিৰ সম্পাদক জাৱেদ ৰহমানে জানিবলৈ দিয়ে। ডিব্ৰুগড়ত থকা ২৮ টা মছজিদতো আজি শান্তিপূৰ্ণ ভাৱে ঈদৰ নামাজ অনুষ্ঠিত হয়। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ঈদৰ শুভেচ্ছা আৰু ঈদ মোবাৰাক জনায় ইয়াৰ ভিতৰত ডিব্ৰুগড় জিলাৰ সদৰকাজী তথা হিলাল কমিটিৰ সভাপতি আলহজ মৌলানা আইনান জুবেৰী, সম্পাদক নাচিমুল গণি, ডিব্ৰুগড়ৰ জাকাত এণ্ড ইমদাদ ফাউণ্ডেছনৰ সভাপতি ডাঃ চাজিদ আহমেদ, সম্পাদক নাচিৰ চুলতান, ডিব্ৰুগড়ৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ সভাপতি ডাঃ আহমেদউল্লা খান, সম্পাদক এম হাছিম আলী, দক্ষিণ আমোলাপট্টি মুছলিম কল্যাণ সমিতিৰ সভাপতি আলহজ চেহিৰ আহমদ, উজনি অসম মুছলিম কল্যাণ পৰিষদ ডিব্ৰুগড় শাখাৰ সভাপতি চাহিদ লটিফ ফিৰোজ আৰু সম্পাদক আব্দুল চালেহ আদিৰ লগতে বিভিন্ন জনে ঈদৰ আন্তৰিক শুভেচ্ছা আৰু ঈদ মোবাৰক জনায়।