ডিব্ৰুগড়ত মুখ্য মন্ত্ৰীৰ বিজেপিৰ মাণ্ডলিক কাযাৰ্লয়ৰ শুভ উদ্বোধন :: ৰাইজৰ আস্থা আৰু বিশ্বাসৰ নিশ্চিত প্ৰতিফলন:মুখ্যমন্ত্ৰী ডঃ শৰ্মা
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত ৰাইজৰ ব্যাপক সঁহাৰি পোৱা গৈছে।সকলোতেই ৰাইজৰ স্বতঃস্ফুত সঁহাৰি। প্ৰতিটো দিশৰ পৰাই ৰাইজ, হিল দল ভাঙি ওলাই আহিছে।ৰাইজৰ আস্থা আৰু বিশ্বাসৰ এয়া নিশ্চিত প্ৰতিফলন। ডিব্ৰুগড়ত বিজেপিৰ মাণ্ডলিক কাযাৰ্লয়ৰ শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এনেদৰেই সাংবাদিকৰ আগত মত প্ৰকাশ কৰে।তেওঁ আৰু কয় যে ডিব্ৰুগড যিহেতু এখন ৰাজ্যৰ দ্বিতীয় ৰাজধানী,সেয়ে জিলা কাযাৰ্লয় নকৰি মাণ্ডলিক কাযাৰ্লয় খোলা হৈছে।গুৱাহাটীৰ বাজপেয়ী ভৱন মুকলিৰ পিছত ডিব্ৰুগড়ত বিজেপি দলৰ অত্যাধুনিক মাণ্ডলিক কাৰ্যালয়টো কালি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰে। ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰত স্থাপন কৰা মাণ্ডলিক কাৰ্যালয়টোৰ মুকলি অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী বিমল বৰা, প্ৰশান্ত ফুকন, ৰাজ্য সভাৰ সাংসদ ৰামেশ্বৰ তেলীকে প্ৰমুখ্যে কৰি বিজেপিৰ বহু সংখ্যক বিষয়ববীয়া, কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। প্ৰায় ১২ কোটি টকা ব্যয়েৰে নিৰ্মাণ হোৱা ৮ খন জিলাৰ ৪৮ টা সমষ্টিক সাঙুৰি এই কাৰ্যালয় নিৰ্মাণ কৰা হৈছে। অত্যাধুনিক কাৰ্যালয়টোত কনফ্ৰাৰেন্স গৃহ , কম্পিউটাৰ গৃহ , বিজেপিৰ জিলা কাৰ্যালয়ৰ লগতে অতিথি আহিলে থাকিব পৰা অত্যাধুনিক সুবিধা থকা সম্পূৰ্ণ কোঠা সংলগ্ন আছে। এই মাণ্ডলিক কাৰ্যালয় স্থাপনৰ জৰিয়তে ডিব্ৰুগড় আৰু উজনি অসমৰ বিভিন্ন জিলাৰ প্ৰশাসনিক কাম-কাজ অধিক সৰল আৰু দ্রুত গতিত সম্পন্ন হোৱাৰ লগতে আগন্তুক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দলীয় কৰ্মকৰ্তা সকলৰ মাজত যথেষ্ট উৎসাহ বৃদ্ধি পাব।গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত নোযোৱাকৈ ডিব্ৰুগড় কাৰ্যালয় পৰাই আগন্তুক নিৰ্বাচনৰ সকলো কাম-কাজৰ পৰিচালনা হ’ব।
