ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিশাল ৰোড শ্ব’

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিশাল ৰোড শ্ব’

ৰঙিলী বাৰ্ত্তাসেৱা- অহা ৯ এপ্তিলত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মাজুলী, নাওবৈচা, চিচিবৰগাঁও আৰু শদিয়া বিধানসভা সমষ্টিত চাৰিখনকৈ বিজয় সংকল্প সভাত অংশগ্রহণ কৰাৰ লগতে ডিব্ৰুগড় বিধানসভা সমষ্টিত আয়োজিত এক বিশাল ৰোড শ্ব’ত অংশ লয়। কেউখন সভাতে জনসাধাৰণে বিপুল উপস্থিতিৰে উজনি অসমত বিজেপি আৰু মিত্ৰদলৰ সবল স্থিতি প্রদর্শন কৰে। মুখ্যমন্ত্রীয়ে প্রথমে মাজুলী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ভুবন গামৰ সমৰ্থনত গড়মূৰস্থিত মাজুলী মিনি ষ্টেডিয়ামত আয়োজিত বিশাল জনসভাত অংশগ্ৰহণ কৰে। এই সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- স্বাধীনতা লাভৰ পাছত সুদীর্ঘ দিন ধৰি প্ৰৱঞ্চনাৰ সন্মুখীন হৈ অহা মাজুলীবাসীৰ জীৱনলৈ ২০১৬ চনৰ পৰা পৰিৱৰ্তনৰ জোৱাৰ আহিছে। মাজুলী অসমৰ সাংস্কৃতিক আৰু আধ্যাত্মিক জীৱনৰ প্ৰাণকেন্দ্ৰৰূপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে নিৰন্তৰে প্ৰয়াস আৰু প্ৰচেষ্টা কৰি আহিছে। মাজুলীক জিলা হিচাপে ঘোষণা কৰাৰ লগতে যোগাযোগৰ দ্রুত পৰিৱৰ্তন আৰু শৈক্ষিক অভিকেন্দ্রলৈ ৰূপান্তৰকৰণ আদিকে ধৰি যোৱা ১০টা বছৰত মাজুলীলৈ চকুত লগা পৰিৱৰ্তন আহিছে।

কিছুদিন পূর্বে মাজুলীত জিলা আযুক্তৰ কাৰ্যালয় উদ্বোধন কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়- মাজুলীত সাংস্কৃতিক বিশ্ববিদ্যালয় নির্মাণ হোৱাৰ পাছত ৫০ কোটি টকা ব্যয় সাপেক্ষে বিশ্ববিদ্যালয়খনক নতুন ৰূপ দিয়াৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। এই বিশ্ববিদ্যালয়খনক কেৱল সাংস্কৃতিক বিশ্ববিদ্যালয় হিচাপে নাৰাখি এখন পূর্ণাংগ বিশ্ববিদ্যালয় হিচাপে মর্যাদা প্ৰদানৰ বাবে অসম চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে। মাজুলী বিশ্ববিদ্যালয় উন্নয়নৰ বাবে বিজেপি চৰকাৰ আহিলে ২৫০ কোটি টকা মজুৰি প্ৰদানৰ সিদ্ধান্ত গ্রহণ কৰা হ’ব। কৃত্রিম বুদ্ধিমত্তাৰ পৰা ৰাজনীতি, অর্থনীতি, কম্পিউটাৰ আদি সকলো বিষয়ৰ অধ্যয়নৰ বাবে দেশ-বিদেশৰ শিক্ষার্থীসকল আহি মাজুলীৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে চিনাকি হোৱাৰ লগতে শিক্ষাৰ আলোকেৰেও যাতে আলোকিত হ’ব পাৰে, তাৰ বাবে মাজুলীক এডুকেচনেল হাবলৈ ৰূপান্তৰ কৰাৰ প্ৰচেষ্টা হাতত লোৱা হ’ব। মুখ্যমন্ত্রীয়ে কয়- মাজুলীত আদর্শ মহাবিদ্যালয় নির্মাণ হ’ল আৰু এতিয়া চেলেং-ঘুণাসুঁতিৰ দলঙো মাজুলীৰ বাবে সপোন নহয়, ই মাজুলীৰ বাবে এক জীৱন্ত আৰু বাস্তৱ প্রতিচ্ছবি হৈ দেখা দিছে। মাজুলীৰ বাট-পথৰ উন্নয়নৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়-ঢকুৱাখনা হৈ ডিব্ৰুগড়লৈ যোৱা পথটো ৰাজ্য চৰকাৰে ৰাজ্যিক ঘাইপথ হিচাপে ঘোষণা কৰিছিল। এই পথছোৱাৰ জৰিয়তে অসমমালা আৰু অন্যান্য আঁচনিৰ সহায়েৰে বগীবিল, ঢকুৱাখনা আৰু মাজুলীৰ মাজত নিৰন্তৰ সংযোগ স্থাপন কৰা হৈছে। মাজুলীৰ পৰা বগীবিল-কাৰেং চাপৰিলৈ দুই লেনযুক্ত পথ নির্মাণ, ভকতিবিলৰ পৰিষ্কৰণ, লুইত খাবলু মথাউৰি নিৰ্মাণ, মাজুলীত তাৰকাগৃহ নির্মাণ, পলিটেকনিক স্থাপন, গোসাঁইগাঁৱলৈ জিঅ’ বেগৰ জৰিয়তে মথাউৰি নির্মাণকে ধৰি মুখ্যমন্ত্রীয়ে আজি কেইবাখনো আঁচনি গ্রহণ কৰা হ’ব বুলি আশ্বাস দিয়ে। ইফালে, কংগ্ৰেছে মাজুলীক মূৰৰ কামোৰণি বুলি যি জ্ঞান কৰিছিল, সেই মাজুলীক বিজেপিয়ে সম্ভাৱনা তথা এখন আদর্শ স্থান হিচাপে গণ্য কৰে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

তেওঁ কয়- মুখ্যমন্ত্রী হিচাপে যোৱা ৫ বছৰত কমেও ১৫ বাৰ মাজুলী ভ্রমণ কৰিছোঁ মই। প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু তেওঁ যিমানবাৰ মাজুলীলৈ আহিছে, বিগত ৬০ বছৰত কংগ্ৰেছৰ আটাইকেইজন মুখ্যমন্ত্ৰীৰ ভ্ৰমণ যোগ কৰিলেও তাৰ সমান নহয়। কংগ্ৰেছৰ বাবে মাজুলীৰ দৰে ঐতিহ্যময় স্থানতকৈ বাংলাদেশী মিঞা বসতিপ্রধান অঞ্চলৰ গুৰুত্ব বেছি। কংগ্ৰেছৰ নতুন বৰ অসমৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু চাওলুং চুকাফাই নিৰ্মাণ কৰা বৰ অসমৰ আদৰ্শ কংগ্ৰেছৰ নতুন বৰ অসমত নাই।কংগ্রেছ চৰকাৰৰ কাৰ্যকালত চৰকাৰৰ টকা-পইচা বাংলাদেশী মিঞা বাস কৰা স্থানত বেছিকৈ খৰচ কৰাৰ বিপৰীতে মাজুলীৰ দৰে ঐতিহ্যপূর্ণ স্থানসমূহক প্ৰৱঞ্চনা কৰিছিল। যি কংগ্ৰেছে কমলাবাৰী, গড়মূৰত এখন পিএইচচি নিৰ্মাণ কৰিবলৈ সাহস কৰা নাছিল, সেই মাজুলীত বিজেপিয়ে চিকিৎসা মহাবিদ্যালয় নির্মাণ কৰি দেখুৱাই দিব। মাজুলীৰ পাছতে মুখ্যমন্ত্ৰীয়ে নাওবৈচা বিধানসভা সমষ্টিৰ মিত্রজোটৰ প্ৰাৰ্থী বসন্ত দাসৰ সমৰ্থনত লখিমপুৰ জিলাৰ ঘূণাসুঁতিস্থিত কপাক চাপৰি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত এক জনাকীর্ণ বিজয় সংকল্প সভাত অংশগ্রহণ কৰে। এই সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপি চৰকাৰৰ শাসনকালত অসমত বহু পৰিৱৰ্তন হ’ল। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে কাৰ্যকাল গ্ৰহণ কৰাৰ পাছতে নিৰ্বাচনৰ সময়ত প্রদান কৰা প্ৰতিটো প্রতিশ্রুতি আখৰে আখৰে পূৰণ কৰা হৈছে। মুখ্যমন্ত্রীয়ে কয়- মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলাসকলক ১০ হাজাৰ টকাকৈ প্ৰদান কৰা হৈছে আৰু এই ধনৰাশি অহাবাৰ ২৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। নাওবৈচা সমষ্টিত নতুনকৈ ১০ হাজাৰ মহিলাক অৰুণোদয় আঁচনিত অন্তর্ভুক্ত কৰাৰ ব্যৱস্থা কৰা হ’ব।

বিগত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত এক লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তিৰ প্রতিশ্রুতি প্ৰদানৰ কথা উল্লেখ কৰা হৈছিল। সেই লক্ষ্য অতিক্রম কৰি যোৱা ৫ বছৰত ১ লাখ ৬৫ হাজাৰ যুৱক-যুৱতীক স্বচ্ছতাৰে নিযুক্তি দিয়া হৈছে। নিৰ্বাচনৰ পাছত এইবাৰ ২ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা হ’ব। শিক্ষার্থীসকলৰ বাবে পঢ়া খৰচ চৰকাৰে বহন কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- সন্তানৰ পঢ়া-শুনা খৰচৰ বাবে পিতৃ-মাতৃয়ে চিন্তা কৰিবলগীয়া নহ’ব। অসমৰ বাবে নাওবৈচা সমষ্টিত বিজেপি আৰু মিত্রদল অগপৰ মনোনীত প্রার্থী বসন্ত দাসক বিপুল ভোটত জয়যুক্ত কৰাৰ বাবে  আহ্বান জনায় মুখ্যমন্ত্রীয়ে। সোৱণশিৰি নদীৰ দক্ষিণ পাৰে থেকেৰাগুৰিৰ পৰাই নতুন মথাউৰি নিৰ্মাণ, উত্তৰ পাৰে পানীগাঁও, তেলীয়াপথাৰৰ পৰা মুদৈবিল হৈ নতুন মথাউৰি, মিৰি জীয়ৰী কলেজ স্থাপন, সোৱণশিৰি কলেজ স্থাপন, বেবেজীয়াৰ পৰা ঘুণাসুঁতিলৈ পথ-দলং নির্মাণ, নামনি আদিসুঁতিৰ পৰা ৰৌমাৰী সৰাচাপৰিলৈ পথ নিৰ্মাণ, বৰছলাৰ পৰা ম’হখুলিলৈ পথ নিৰ্মাণ কৰা হ’ব বুলি আজি প্রতিশ্রুতি দিয়ে। তদুপৰি চলিত বৰ্ষৰ পৰাই মিচিং জনগোষ্ঠীৰ আলি-আয়ে-লুংগাং উৎসৱৰ দিনটো ৰাজ্যিক বন্ধ হিচাপে অভিহিত কৰা হ’ব বুলিও উল্লেখ কৰে। এই সভাৰ পাছতে মুখ্যমন্ত্ৰীয়ে চিচিবৰগাঁও বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্রার্থী জীৱন গগৈৰ সমৰ্থনত ধেমাজি জিলাৰ চিলাপথাৰস্থিত ড’নি পল’ কমপ্লেক্সত আয়োজিত বিশাল বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে। এই সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সভাত ৰাইজৰ বিশাল উপস্থিতিয়ে বিজেপিৰ প্ৰতি থকা বিশ্বাস আৰু আস্থাক দৃঢ়তাৰে প্রতিফলন কৰিছে। যোৱা ৫ বছৰত নিৰন্তৰ শান্তি স্থাপনেৰে অসমে ৰাজ্যৰ ইতিহাসত এক নজিৰ স্থাপন কৰিলে। তেওঁ কয়- আজি অসমত বিকাশ আৰু উন্নয়নৰ লগতে নাগৰিকৰ মনত সন্তুষ্টিৰ হাঁহি বিৰিঙি উঠিছে।

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ৰাজ্য চৰকাৰে ইতিমধ্যে ১ লাখ যুৱক- যুৱতীক দুই লাখ টকাকৈ প্ৰদান কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- ৰেচন কাৰ্ডৰ জৰিয়তে পৰিয়ালসমূহে বর্তমানে লাভ কৰি অহা বিনামূলীয়া চাউল, ১০০ টকাত এক কিলোগ্রামকৈ দাইল-চেনি আৰু নিমখৰ লগতে অহা সময়ছোৱাত ১ লিটাৰকৈ মিঠাতেল প্রদান কৰা হ’ব। চিচিবৰগাঁও সমষ্টিত ১০ হাজাৰ হিতাধিকাৰীক নতুনকৈ অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে বিগত কার্যকালত বিকাশ আৰু উন্নয়নেৰে জনসাধাৰণৰ জীৱনলৈ অকল্পনীয় পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। এই যাত্রা অব্যাহত ৰখাৰ উদ্দেশ্যে তেওঁ পুনৰ এবাৰ বিজেপি নেতৃত্বাধীন চৰকাৰ গঠনৰ বাবে ৰাইজক আহ্বান জনায়। এই সভাৰ পাছতে মুখ্যমন্ত্রীয়ে শদিয়া বিধানসভা সমষ্টিৰ কাকপথাৰ ৰাজহুৱা খেলপথাৰত বিজেপিৰ প্রার্থী বলীন চেতিয়াৰ সমৰ্থনত আন এখন বিজয় সংকল্প সভাত অংশগ্রহণ কৰে। এই সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ বিগত ১০ বছৰীয়া কার্যকালত জনসাধাৰণে নিজৰ বহু আশা-আকাংক্ষা পূৰ কৰিবলৈ সক্ষম হৈছে আৰু অসম দেশৰ ভিতৰতে এখন অন্যতম অগ্ৰণী ৰাজ্যত পৰিণত হোৱাৰ দিশত শক্তিশালীভাৱে অগ্ৰসৰ হৈছে।

যোৱা ৫ বছৰৰ উন্নয়নৰ বিভিন্ন কাম-কাজৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শদিয়া সমষ্টিতো পথ-দলং, আন্তঃগাঁথনি উন্নয়ন আদিৰে উন্নয়নৰ যাত্রা অব্যাহত ৰখা হৈছে। জনাকীর্ণ সভাখনত ভাষণ প্রদান কৰি তেওঁ কয়- বিগত বিধানসভা নির্বাচনত দিয়া প্রতিশ্রুতিসমূহ হাতে-কামে ৰূপায়ণৰ বাবে বিজেপি চৰকাৰে প্ৰচেষ্টা গ্রহণ কৰিছিল। শদিয়া সমষ্টিত ১০ হাজাৰ যুৱক-যুৱতীক ব্যৱসায় তথা উদ্যোগ স্থাপনৰ বাবে দুই লাখ টকাকৈ প্ৰদান কৰা হ’ব। বিকাশ আৰু উন্নয়নৰ অবিৰত যাত্রা অব্যাহত ৰাখিবলৈ বলীন চেতিয়াক বিপুল ভোটত জয়যুক্ত কৰাবলৈ তেওঁ শদিয়াবাসীক আহ্বান জনায়। আনহাতে, কাকপথাৰত ১৫ কোটি টকা ব্যয় সাপেক্ষে এখন ইনড’ৰ ষ্টেডিয়াম নিৰ্মাণৰ বাবে ইতিমধ্যে পুঁজি মঞ্জুৰি প্ৰদানৰ লগতে ৰাজহুৱা খেলপথাৰৰ ভূমি ম্যাদীকৰণৰ কাৰণে চৰকাৰী প্রিমিয়াম ৰেহাই, ডিৰাক-চোমনি বান্ধ জিঅ’ বেগেৰে নির্মাণ, দিবাং নৈৰ ওপৰত দলং নিৰ্মাণকে ধৰি কেইবাটাও প্রতিশ্রুতি প্রদান কৰে মুখ্যমন্ত্ৰীয়ে। বিজয় সংকল্প সভাৰ পাছতে মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় বিধানসভা সমষ্টিত এক বিশাল ৰোড শ্ব’ত অংশগ্রহণ কৰে। মুখ্যমন্ত্রী ড° শৰ্মাৰ আগমনৰ পূর্বেই গেৰুৱাময় হৈ পৰা ডিব্ৰুগড় চহৰ জনস্রোতৰ হৰ্ষধ্বনিত মুখৰিত হয়। বিশাল ৰাইজক প্ৰত্যক্ষ কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য- এয়া ৰাইজৰ মৰম আৰু আশীর্বাদ। ইমান বিশাল সমাগম আৰু ৰাইজৰ আস্থাই প্রমাণিত কৰে যে আকৌ এবাৰ বিজেপি চৰকাৰ গঠন হ’ব। ইয়াৰ পূৰ্বে সন্ধিয়া ডিব্ৰুগড়ৰ বিজেপি প্রার্থী মন্ত্রী প্রশান্ত ফুকনক লগত লৈ মহানগৰখনৰ এটি ৰোডস্থিত পৌৰ নিগমৰ কাৰ্যালয়ৰ সমীপৰ পৰা এই ৰোড শ্ব’ আৰম্ভ হয়। বেডক্ৰছ ৰোড, কে চি গগৈ ৰোড, ব্যস্ত থানা চাৰিআলিৰ মাজেৰে যোৱা এই বৃহৎ সমদলটো চাবলৈ পথৰ দুয়োকাষে হাজাৰ হাজাৰ লোক উপস্থিত হয়। উপস্থিত ৰাইজে মুখ্যমন্ত্ৰীক হাত জোকাৰি অভিবাদন জনোৱাৰ লগতে ঠায়ে ঠায়ে গামোচা, শৰাই আৰু পুষ্পবৃষ্টিৰে মুখ্যমন্ত্ৰীক আদৰণি জনায়।