ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ ঘোষণা:অনলাইন মানি ট্ৰেডিংৰ নামত অবৈধ ধন সংগ্ৰহকাৰীক কঠোৰ ব্যৱস্থা ল’ব চৰকাৰে

ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ ঘোষণা:অনলাইন মানি ট্ৰেডিংৰ নামত অবৈধ ধন সংগ্ৰহকাৰীক কঠোৰ ব্যৱস্থা ল’ব চৰকাৰে

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অনলাইন মানি ট্ৰেডিঙৰ নামত অবৈধভাৱে ধন সংগ্ৰহ কৰা প্ৰৱঞ্চকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব চৰকাৰে। ৰাজ্যত মানি ট্ৰেডিঙৰ নামত এটা প্ৰৱঞ্চক চক্ৰই লুন্ঠন কৰা সম্পৰ্কত ডিব্ৰুগড়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰিজাৰ্ভ বেংকৰ অনুমতি নোলোৱাকৈ মানি ট্ৰেডিঙৰ নামত ধন সংগ্ৰহ কৰা সকলো ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্রীয়ে।তেওঁ আৰু কয় যে, ৰিজাৰ্ভ বেংকৰ অনুমতি নোলোৱাকৈ আমাৰ দেশত কোনোৱে বিত্তীয় লেনদেন কৰিব নোৱাৰে। বিনিয়োগকাৰীসকল জানি-বুজি যদি ধন বিনিয়োগ কৰিছে তেনেহ’লে ভুল কৰিছে। ভৱিষ্যতে যাতে এনে কাম কৰিব নোৱাৰে তাৰ বাবে সকলোৱে সচেতন হ’ব লাগিব। আৰক্ষীয়ে কাৰ ওচৰত কোনে, কিমান টকা বিনিয়োগ কৰিছে সেই বিষয়ে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিব। এই গোচৰটোৰ তদন্তৰ বাবে চি আই ডিক দায়িত্ব দিয়া হৈছে। অনাগত দিনত বিশেষ মানুহৰ দৰকাৰ হ’লে এছ আই টি গঠন কৰা হ’ব। গতিকে এইক্ষেত্ৰত ডিজিপিয়ে সিদ্ধান্ত ল’ব। মানি ট্ৰেডিঙৰ নামত ধন সংগ্ৰহ কৰা প্ৰৱঞ্চকসকলক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত আমি ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। ৰাইজে তাৎক্ষণিকভাৱে অভিযোগ দিয়ক। আমি গোটেই ব্যৱস্থাটোকে নোহোৱা কৰিম। ৰিজাৰ্ভ বেংক আৰু ৰিজাৰ্ভ বেংকৰ দ্বাৰা অনুমোদিত সংস্থাতহে ধন জমা ৰাখক। নহ’লে বাৰে বাৰে আমি ঠগ আৰু প্ৰৱঞ্চনাৰ বলি হৈ থাকিব লাগিব বুলিও সাংবাদিকৰ আগত মুখ্যমন্ত্রীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।