ডিব্ৰুগড়ত মিতভাষ স্ৰষ্টা ড০ নগেন শইকীয়ালৈ ‘ৰামানুজন শিক্ষক বঁটা ২০২৪’ প্ৰদান

ডিব্ৰুগড়ত মিতভাষ স্ৰষ্টা ড০ নগেন শইকীয়ালৈ ‘ৰামানুজন শিক্ষক বঁটা ২০২৪’ প্ৰদান
এম্ হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰথিতযশা সাহিত্যিক, শিক্ষাবিদ, সাহিত্য একাডেমি ফেল’ সন্মানপ্ৰাপক তথা মিতভাষৰ স্ৰষ্টা ড॰ নগেন শইকীয়াক আজি (২৭-১১-২৪) অসমৰ এখন নামজ্বলা শিক্ষানুষ্ঠান নগাঁওস্থিত ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ে “ৰামানুজন শিক্ষক বঁটা- ২০২৪”প্ৰদান কৰে৷ ডিব্ৰুগড়ৰ সাহিত্যিক গৰাকীৰ বাসভৱন ‘আশ্ৰয়’ত এই বঁটা প্ৰদান কৰে শিক্ষানুষ্ঠানটিৰ হৈ অধ্যক্ষ দিলীপ কুমাৰ বৰা, উপাধ্যক্ষ সংগীতা বৰুৱা বৰা আৰু শিক্ষয়িত্ৰী ত্ৰিৱেণী শৰ্মাই৷ শিক্ষানুষ্ঠানটিয়ে সাহিত্যিক গৰাকীক ফুলাম গামোচা, গৰম বস্ত্ৰ, তিনিটা স্মাৰক আৰু ১০,০০০/-(দহ হেজাৰ) টকাৰ চে’কসহ প্ৰশংসাপত্ৰ প্ৰদান কৰি এই সম্বৰ্ধনা জ্ঞাপন কৰে৷ উল্লেখ্য যে শিক্ষক দিৱস উপলক্ষে চলিত বৰ্ষত শিক্ষানুষ্ঠানটিয়ে ড॰ শইকীয়াৰ লগতে বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড॰ উপেন ৰাভা হাকাচাম, নগাঁও কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মহেন্দ্ৰ আহোমক এই বঁটা প্ৰদানৰ কথা ঘোষণা কৰিছিল৷ কিন্তু উক্ত দিনা শাৰিৰীক অসুস্থতাৰ হেতুকে নগাঁৱত বঁটা গ্ৰহণ কৰিব নোৱৰাৰ বাবে আজি ড০ শইকীয়াৰ বাসগৃহত আহি শিক্ষানুষ্ঠানটিৰ তৰফৰ পৰা এই বঁটা প্ৰদান কৰা হয়৷ শিক্ষানুষ্ঠানটিৰ হৈ অধ্যক্ষ বৰুৱাই শইকীয়াৰ দৰে এগৰাকী ব্যক্তিক এই বঁটা প্ৰদান কৰিবলৈ পাই ধন্য মানিছো বুলি উল্লেখ কৰি অসমৰ জাতীয় জীৱনৰ হকে তেখেতে নিজস্ব লেখনিৰে অধিক অৱদান আগবঢ়াই যাব বুলি আশা প্ৰকাশৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে৷ আনহাতে নিজৰ অনুভৱ ব্যক্ত কৰি প্ৰথিতযশা সাহিত্যিক গৰাকীয়ে কয় যে ৰাজ্যৰ এখনি নামজ্বলা শিক্ষানুষ্ঠান হিচাপে প্ৰতিষ্ঠিত ‘ৰামানুজন’ৰ দ্বাৰা প্ৰদান কৰা এই বঁটাৰ বাবে এগৰাকী শিক্ষক হিচাপে মই আনন্দ অনুভৱ কৰাৰ লগতে নিজে প্ৰতিষ্ঠানটোত উপস্থিত হৈ গ্ৰহণ কৰিবপৰা হ’লে অধিক আনন্দ লাভ কৰিলোহেঁতেন৷ তদুপৰি ইমান দুৰৰ পৰা আহি বিশেষকৈ শিক্ষকতাৰ দৰে মহান বৃত্তিৰ লগত জড়িত এই বঁটা প্ৰদান কৰাৰ বাবে মই কৃতজ্ঞবোধ কৰিছো বুলিও তেওঁ বক্তব্যত উল্লেখ কৰে৷ উক্ত অনুষ্ঠানত অধ্যাপক নগেন শইকীয়া সাৰস্বত ন্যাস পৰিষদৰ সভাপতি তথা ডিব্ৰুগড় আৰু নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড॰ কন্দৰ্প কুমাৰ ডেকা, ন্যাসৰ সদস্যা তথা বিশিষ্ট কবি, সাহিত্যিক ড॰ কৰবী ডেকা হাজৰিকা, সম্পাদক বীৰেন বৰুৱা, প্ৰচাৰ সচিব ৰতন হাজৰিকা আৰু সাহিত্যিকগৰাকীৰ সহধৰ্মিনী লাৱণ্য শইকীয়া উপস্থিত থাকে৷ ন্যাসৰ তৰফৰ পৰা ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষক সম্বৰ্ধিত ব্যক্তিগৰাকীৰ দ্বাৰা লিখিত গ্ৰন্থ ‘অসমীয়া মানুহৰ ইতিহাস’ প্ৰদান কৰি আদৰণি জ্ঞাপন কৰা হয়৷