ডিব্ৰুগড়ত মিছন বসুন্ধৰা ৩.০ৰ অধীনত খিলঞ্জীয়া ভূমিহীনৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠানসহ ৪২৭ জনক ডিজিটেল পট্টা প্ৰদান
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- মিছন বসুন্ধৰা ৩.০ অধীনত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক শুভাৰম্ভ কৰাৰ পিছত হাজাৰ হাজাৰ ভূমিহীন লোকক মাটিৰ পট্টা প্ৰদান কৰে। ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ডিব্ৰুগড়তো আজি আনুষ্ঠানিক ভাবে খিলঞ্জীয়া ভূমিহীন পৰিয়াৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠান সহ ৪২৭ জনক এচ ভিএএম আইটিভিএৰ অধীনত জৰীপ সম্পন্ন হোৱা পূৰ্বৰ এন চি গাঁওসমূহৰ ভূমি বন্দবস্তি প্রদান কৰা প্রতিষ্ঠানসমূহকো আজি ডিজিটেল পাট্টা প্ৰদান কৰে। ডিব্ৰুগড়ৰ শ্রী শ্রী আউনীআটী শাখা সত্র, ৰংগমঞ্চত এক ৰাজহুৱা সভাত ঐতিহ্যমণ্ডিত ডিব্ৰুগড় মহানগৰৰ অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় চৰকাৰী বহুমুখী বালক বিদ্যালয়, ডিব্ৰুগড় জিলা সাংবাদিক সন্থা, মানকটা প্ৰগতি মধ্য ইংৰাজী বিদ্যালয়, নামঘৰ, সংঘৰ লগতে ব্যক্তিগত সহ ৪২৭ টা ভূমিহীন পৰিয়ালক এই মাটি পট্টা বিতৰণ কৰে। ডিব্ৰুগড় জিলা প্ৰসাশনৰ উদ্যোগত অনুষ্ঠিত হোৱা পট্টা বিতৰণ সভাত জিলা পৰিষদৰ দিপু ডেকা, ডিব্ৰুগড় পৌৰনিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰ, উপ-মেয়ৰ উজ্বল ফুকন, ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী পুস্পাঞ্জলী সোনোৱাল, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ,অসীম হাজৰিকা, অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুনীল ৰাজকোঁৱৰ, অবিচি বৰ্ডৰ সভাপতি প্ৰশান্ত কোঁৱৰকে ধৰি বহুতো চৰকাৰী বিষয়া কৰ্মচাৰীৰ লগতে গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে।
