ডিব্ৰুগড়,২৯ জুলাইঃ ষ্টাফ ৰিপ’ৰ্টাৰ
অসমৰ অন্যতম লোক কৃষ্টি আৰু পৰম্পৰাগত লোকনাম দিহানামক সাৰ্বজনীন কৰাৰ মানসেৰে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ অন্তৰ্গত মানকটা শাখা সাহিত্য সভাই চলিত বৰ্ষৰ ৩০ নবেম্বৰ আৰু ১ ডিচেম্বত ৰূপালী জয়ন্তী অনুষ্ঠান সম্পন্ন কৰিব। ৰূপালী জয়ন্তী বৰ্ষৰ অধিৱেশনৰ লগত সংগতি ৰাখি এখনি দিহানাম প্রতিযোগিতা অনুষ্ঠিত হৈ যায়। মানকটা শাখা সাহিত্য সভাৰ এলেকাধীন নিজ-মানকটা গাঁওৰ নামঘৰ প্ৰাংগণত নামঘৰ পৰিচালনা সমিতি আৰু মানকটা শাখা সাহিত্য সভাৰ ৰূপালী জয়ন্তী অধিৱেশনৰ আদৰণী সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত মুঠ ১৪ টা দলে অংশ গ্ৰহণ কৰে। মাংগলিক কাৰ্যসূচীৰে শুভাৰম্ভণি হোৱা অনুষ্ঠানত এটি দেহবিচাৰ ( টোকাৰী ) গীত পৰিৱেশনেৰে মঞ্চ উদ্বোধন কৰাৰ পিছতে মানকটা শাখাৰ সদস্য সকলে “চিৰ চেনেহী মোৰ ভাষা জননী”- শীৰ্ষ গীতটি পৰিৱেশন কৰে। প্ৰতিযোগিতা তিনিটা দিহা নামৰ দ’লে ক্ৰমে অগ্ৰগামী দিহানামৰ দল,দলৰ নেত্ৰী ৰীতা দাস প্ৰথম, পাঞ্চজন্য দিহানামৰ দল, দলৰ নেত্ৰী জুলী দত্ত দ্বিতীয় আৰু দলনেত্ৰী বাগ্মীতা গগৈৰ অংকুৰণ চেমনীয়া দিহানামৰ দলে তৃতীয় স্হান কৰি বঁটা পাবলৈ সক্ষম হয়। বিজয়ী দলসমূহক অহা নবেম্বৰ মাহৰ ৩০ আৰু ১ ডিচেম্বৰত অনুষ্ঠিত হʼব লগা ৰূপালী জয়ন্তী মূল অনুষ্ঠানৰ কাৰ্যসূচী মুকলি সভাত বঁটা প্ৰদান কৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।