ডিব্ৰুগড়ত মহীয়সী জয়মতী দিৱস উদযাপন 

ডিব্ৰুগড়ত মহীয়সী জয়মতী দিৱস উদযাপন 
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় নাগৰিক মঞ্চ,তাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰ তথা সদৰ  আৰু আঞ্চলিক আহোম সভাৰ উদ্যোগত ২৭ মাৰ্চ অৰ্থাৎ চ’ত মাহৰ তেৰ তাৰিখে দিনযোৰা কাৰ্যসূচীৰে দেশপ্ৰাণ ,আদৰ্শ নাৰী মহীয়সী জয়মতীৰ স্মৃতি দিৱস পালন কৰা হয়। পুৱা ৯-৩০ বজাত মহীয়সী জয়মতী উদ্যানত আয়োজক সকলৰ উপস্থিতিত জয়মতীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ,বন্তি প্ৰজ্জ্বলন আৰু তাই ভাষাত পৰিৱেশিত এটি প্ৰাৰ্থনাৰে শ্ৰদ্ধাঞ্জলি নিৱেদন কৰা হয়। বন্তি প্ৰজ্জ্বলন কৰি নাগৰিক মঞ্চৰ সভাপতি ড০ ভাৰতী দত্তই  চমু বক্তব্য দাঙি ধৰি কয় যে ইতিহাসৰ এই দিনটোৰ বিশেষ তাৎপৰ্য অতীততো আছিল, আজিও  আছে আৰু ভৱিষ্যতেও থাকিব। দেশ ৰক্ষাৰ বাবে নিজৰ প্ৰাণকো বলিদান কৰি মহীয়সী।জয়মতীয়ে কাললৈ খ্যাতি ৰাখি থৈ গ’ল। আজিৰ প্ৰজন্মই এইগৰাকী দেশপ্ৰাণ,পতিৰ জীৱন ৰক্ষা কৰোঁতা,অদম্য সাহসী তথা দৃঢ়মনা নাৰীৰ জীৱন কাহিনী পঢ়িব লাগে আৰু তেনে আদৰ্শ  সাৰোগত কৰিব লাগে । তাই শিক্ষা তথা সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি হেমকান্ত দিহিঙীয়া, ৰাজ্যিক আহোম সভাৰ সভাপতি শশাংক নেওগ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত অনুষ্ঠিত পুৱাৰ কাৰ্যসূচীৰ আঁত ধৰে মঞ্চৰ সম্পাদক দুৰ্লভ গগৈয়ে। সন্ধিয়া স্থানীয় তাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰত  এক বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। তাই কেন্দ্ৰৰ  কণমানি শিল্পীসকলে শিক্ষাগুৰু গন্ধেশ্বৰ চমুৱাৰ পৰিচালনাত গীত-মাত পৰিৱেশন কৰাৰ লগতে নৃত্য নাটিকাও পৰিৱেশন কৰা হয়। বিশিষ্ট গায়ক ভুবন গগৈ, নৃত্যাংগনা কলা কেন্দ্ৰৰ ৰুবী সন্দিকৈ গগৈ ,অণ্বেষা ফুকন অপৰূপা বৰবৰাৰ পৰিচালনাত বিভিন্ন মন পৰশা গীত-মাত ,নৃত্য আদি পৰিৱেশন কৰা হয়। তাই ভাষাত পৰিৱেশিত অনুষ্ঠানে পৰিৱেশ ব্যতিক্ৰমী তথা সজীৱ কৰি দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলে।