ডিব্ৰুগড়ত মঞ্চৰূপাৰ উদ্যোগত সুধাকণ্ঠৰ জন্ম শতজয়ন্তী উদযাপন 

ডিব্ৰুগড়ত মঞ্চৰূপাৰ উদ্যোগত সুধাকণ্ঠৰ জন্ম শতজয়ন্তী উদযাপন 

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ অগ্ৰণী সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান ‘মঞ্চৰূপা’ৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ শতবৰ্ষীয় জন্মজয়ন্তী ৮ ছেপ্টেম্বৰত স্থানীয় সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠানৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হয়। অনুষ্ঠানত গীতে মাতে সুধাকণ্ঠক সশ্ৰদ্ধ স্মৰণ কৰা হয়। মঞ্চৰূপাৰ সভাপতি সংগীতা বৰুৱা আৰু সম্পাদক জুলী দিহিঙীয়া, কাৰ্যকৰী সভাপতি জোনালী খাউণ্ড সমন্বিতে অন্যান্য সদস্য সকলৰ বন্তি প্ৰজ্বলন  আৰু ডিব্ৰুগড় সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠানৰ শিল্পী সকলে পৰিবেশন কৰা বৰগীতেৰে সাংস্কৃতিক অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বিশিষ্ট বাঁহী বাদক দিগন্ত শইকীয়াই।শইকীয়াক  চেলেং চাদৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে জুলী দিহিঙীয়া আৰু জোনালী খাউণ্ডে। ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীত’ মানুহে মানুহৰ বাবে’ সমবেত সংগীতেৰে সামৰণি পৰা সাংস্কৃতিক সন্ধিয়াটি ভূপেন্দ্ৰ সংগীতেৰে সজায় কুমুদ দাস, অনুপম দত্ত, অৰুণ চেতিয়া, ৰীতামনি শইকীয়া, নমিতা বৰুৱা,  বিনু দেউৰী, জুলী দিহিঙ্গীয়া, নিভা কোঁৱৰ আদিয়ে। সাংস্কৃতিক অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল স্থানীয় বিভিন্ন  মইনা পাৰিজাতৰ কণ কণ শিল্পী সকলে পৰিবেশন কৰা সত্ৰীয়া নৃত্য।  ভূপেন হাজৰিকাৰ গীতৰ ওপৰত আধাৰিত আধুনিক সৃষ্টিশীল নৃত্য আৰু আবৃত্তি বিশাৰদ সংগীতা বৰুৱাৰ কবিতা আবৃত্তিৰে অনুষ্ঠানটি আকৰ্ষণীয় হৈ উঠে। অনুষ্ঠানত বাদ্য যন্ত্ৰত সংগ দিয়ে ৰোহিনী গগৈ, ইন্দ্ৰজিৎ বৰুৱা, আৰু দিগন্ত (দাদুল) গোহাঁইয়ে । উল্লেখযোগ্য যে মঞ্চৰূপাৰ‌ গুৰি ধৰোতা প্ৰাক্তন মুখ্য উপদেষ্টা প্ৰয়াত হাচান শ্বৰীফ আহমেদৰ পৰলোকপ্ৰাপ্ত হয় যোৱা ৮ ছেপ্টেম্বৰ ২০১৯ চনত।  মঞ্চৰূপাৰ আন এগৰাকী গুৰি ধৰোতা প্ৰয়াত অনিল শৰ্মা, আৰু  অনাতাঁৰ শিল্পী ও মঞ্চৰূপাৰ শুভাকাংক্ষী বিপুল ফুকনসহ তিনিও গৰাকীৰ  আত্মাৰ শান্তি কামনা কৰি এক মিনিট সময়  মৌনতা অৱলম্বন কৰা হয় ।সম্পাদক জুলী দিহিঙ্গীয়াই মঞ্চৰূপাৰ সদস্য নমিতা বৰুৱাই শলাগ জ্ঞাপন কৰে।