ডিব্ৰুগড়ত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত আন্তজাৰ্তিক নাৰী দিৱস

ডিব্ৰুগড়ত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত আন্তজাৰ্তিক নাৰী দিৱস:: বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা দহগৰাকী মহিলাক সম্বৰ্ধনা

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উত্তৰ পূব মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰ আৰু ইষ্টাৰ্ণ হেৰিটেজৰ যৌথ উদ্যোগত ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক নাৰী দিৱসত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি- ক্ৰীড়া-শিক্ষা-উদ্যোগী-সমাজ কৰ্মীসহ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ১০ গৰাকী বিশিষ্ট মহিলাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।ডিব্ৰুগড় শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহত সন্ধিয়াৰে পৰা অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অনুষ্কা সোনোৱালে আতঁধৰা অনুষ্ঠানত ইষ্টাৰ্ণ হেৰিটেজৰ প্ৰতিষ্ঠাপক ৰুমী বৰশইকীয়া দাসে আদৰণি ভাষণ প্ৰদান কৰে।মালা পাংগিংয়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডা° সৈকত পাত্ৰ, শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় পঞ্জীয়ক পংকজ বৰঠাকুৰসহ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত বয়ন শিল্পৰ জৰিয়তে অসমক গৌৰৱান্বিত কৰা পদ্মশ্ৰী তথা অসম গৌৰৱ বঁটা প্ৰাপক হেমপ্ৰভা চুতীয়া, বিশিষ্ট সমাজকৰ্মী জ্যোৎস্না সোনোৱাল, সংগীত নাটক অকাডেমী বঁটা প্ৰাপক মিছিং জনগোষ্ঠীয় ঐনিতমৰ ৰাণী খ্যাত ধেমাজিৰ তৰাৱতী মিলি বড়ী, বিশিষ্ট শিক্ষাবিদ, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা জোনাইৰ বীণাপাণি পেগু, বিশিষ্ট চাহ খেতিয়ক জাগুনৰ মুহিমাই মিলি, সুদক্ষ বিষয়া ডিব্ৰুগড় জিলা উন্নয়ন বিষয়া নন্দিতা বৰুৱা, অসমীয়া ভাষা সাহিত্যলৈ কেইবাখনো উল্লেখযোগ্য উপন্যাসেৰে অৱদান আগবঢ়োৱা জুৰি বৰা বৰগোহাঞি, ডিব্ৰুগড় শংকৰদেৱ চিকিৎসালয়ৰ পৰিচালন সঞ্চালক কাঞ্চন দৌবে মহন্ত, বিশিষ্ট দৌৰবিদ জোনালী পাটিৰ দলে আৰু এ এ ডব্লিউৰ পি এৰ প্ৰতিষ্ঠাপক সভাপতি ৰিস্মা ওৰাঙক সম্বৰ্ধনা জ্ঞাপন কৰে। অংগবস্ত্ৰ, স্মাৰক আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে সকলোকে। আনহাতে নাৰী দিৱসৰ কাৰ্যসূচীত চুবুৰীয়া ৰাজ্য মণিপুৰ, নাগালেণ্ডৰ সাংস্কৃতিক দলৰ দ্বাৰা নৃত্য প্ৰদৰ্শন কৰা লগতে অসমৰ চাহ জনগোষ্ঠীয় ঝুমুৰ, জেং বিহু কে ধৰি কেইবাটাও লোকনৃত্য জৰিয়তে সৌষ্ঠৱ বৃদ্ধি কৰা লগতে কেইবাটাও সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। আৰম্ভণিতে এটা বৰগীত আৰু ইষ্টাৰ্ণ হেৰিটেজৰ মহিলা সকলৰ দ্বাৰা পৰিৱেশিত সমবেত সংগীতেৰে অনুষ্ঠান জীপাল কৰি তোলে। কাৰ্যসূচীত ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়া ছেমি শইকীয়া,বিশিষ্ট লেখক হৃদয়ানন্দ মহন্ত, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইসহ উত্তৰ পূব মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।