ডিব্ৰুগড়ত বীৰ চিলাৰায় দিৱস উদযাপন: সাহিত্যিক – ড° শশীকান্ত শইকীয়ালৈ ২০২৪ বৰ্ষৰ চিলাৰায় বটাঁ প্ৰদান: জনজাতিকৰণ দাবী উত্থাপন

ডিব্ৰুগড়ত বীৰ চিলাৰায় দিৱস উদযাপন: সাহিত্যিক – ড° শশীকান্ত শইকীয়ালৈ ২০২৪ বৰ্ষৰ চিলাৰায় বটাঁ প্ৰদান: জনজাতিকৰণ দাবী উত্থাপন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ ডিব্ৰুগড় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা )আক্ৰাছু)ৰ উদ্যোগত আৰু ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত দুদিনীয়া কাৰ্যসূচীৰ আজি অন্তিম দিনত বীৰ চিলাৰায় দিৱস উদ্‌যাপন কৰা হয়।প্ৰথম দিনাৰ কাৰ্য্যসূচী অনুসৰি সদৌ কোচ ৰাজবংশী ছাত্র সন্থা (আক্ৰাছু)ৰ পতাকা উত্তোলন কৰে আক্রাছুৰ ডিব্রুগড় জিলা সমিতিৰ সভাপতি দিগন্ত শইকীয়াই। দ্বিতীয় দিনা চিলাৰায়ৰ প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে বিয়লিলৈ অনুষ্ঠিত হয় মুকলি সভা। মকুলি সভা উদ্বোধন কৰে কানৈ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ নৰেন্দ্ৰ মহেলাই। নিদ্দিষ্ট বক্তা আৰু বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়া, আৰু মৰাণ মহাবিদ্যালয়ৰ অধ্যাপক ড° ৰাজীৱ হাজৰিকা, অধীক্ষক অভিযন্তা প্ৰশান্ত কুমাৰ শইকীয়া, শিক্ষয়িত্ৰী মঞ্জুলতা সোনোৱাল গগৈ প্ৰমুখ্যে কৰি বহকেইগৰাকী গন্যমাণ্য ব্যক্তি উপস্থিত থাকে। এই সভাতে চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি প্ৰশান্ত শইকীয়াৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ “প্ৰবাহমান” উন্মোচন কৰে অসম আদিত্য কাকতৰ সম্পাদক মনজিৎ বৰাই। উক্ত অনুষ্ঠানত প্ৰথমবাৰৰ বাবে সদৌ ডিব্ৰুগড় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই শিক্ষা,সাহিত্য- সংস্কৃতিৰ দিশত সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা কানৈ মহাবিদ্যালয় অধ্যক্ষ ড° শশীকান্ত শইকীয়াক আক্ৰাছূ তৰফৰ পৰা বীৰ চিলাৰায় বটাঁ প্ৰদান কৰা হয়। এই অনুষ্ঠানত বিশ্ব মহাবীৰ চিলাৰায় প্ৰতিচ্ছবিৰ সন্মূখত বন্তি প্ৰজ্বলন কৰে লাহোৱাল মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক সৰল দত্তই আৰু মহাবীৰ গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে ডিব্ৰুগড় গৃহৰক্ষী বাহিনী অধীক্ষক সুমন দাসে। ইয়াৰ পাছতেই নগৰখনত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰে সাংবাদিক হিৰণ্য কৌশিক বৰাই।মহাবীৰ জনাৰ পবিত্ৰ জন্ম জয়ন্তীত কোচৰাজবংশী জনগোষ্ঠীসকলক জনজাতিকৰণ কৰিবলৈ চৰকাৰক দাবী জনায় আক্ৰাছুৱে।