ডিব্ৰুগড়ত  বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস উদযাপন: ১২৫  কিশোৰ কিশোৰীৰ অংশগ্ৰহণ 

ডিব্ৰুগড়ত  বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস উদযাপন: ১২৫  কিশোৰ কিশোৰীৰ অংশগ্ৰহণ 
এম হাছিম  আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ “জিলা সংকল্প: মহিলা সৱলীকৰণ কেন্দ্র” আৰু বে-চৰকাৰী অনুষ্ঠান ” চেভ দা ছিল্ডৰেণ” ডিব্ৰুগড় শাখাৰ  উদ্যোগত তথা ডিব্ৰুগড় জিলা প্রশাসন আৰু চাহ বাগিচা কৰ্তৃপক্ষৰ  সহযোগত  যোৱা ১২ জুন  তাৰিখে” বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস” উপলক্ষে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ‘মাউদ  চাহ বাগিচা’ আৰু ‘লেপেটকটা চাহ বাগিচা’ত শিশু শ্ৰমিক ৰোধ কৰা সন্দৰ্ভত সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই  কাৰ্যসূচীত চাহ বাগিচা দুখনৰ অন্তৰ্গত কিশোৰ-কিশোৰী গোট সমূহে পদযাত্রা কৰাৰ উপৰিও ঘৰে ঘৰে গৈ অভিভাৱক সকলৰ লগত কম বয়সত এটি  শিশুৱে অত্যাধিক শ্রম কৰিলে শিশুটিৰ ওপৰত কেনেদৰে মানসিক আৰু শাৰিৰীক প্রভাৱ পৰে লগতে এটি শিশুক কোনো সংগঠিত বা অসংগঠিত খণ্ডত শ্ৰমিক হিচাপে কাম কৰালে কেনেদৰে আইনী প্রক্রিয়াৰ দ্বাৰা শিশুজনক উদ্ধাৰ কৰিব পাৰি আৰু এই প্রক্রিয়াত কেনেদৰে আগবাঢ়ি যাব পাৰি তাৰ ওপৰত সজাগ কৰিবলৈ চেষ্টা কৰা হয়।  এই কাৰ্যসূচীত সৰ্বমুঠ ১২৫ গৰাকী কিশোৰ- কিশোৰীয়ে অংশগ্রহণ কৰে। শিশু শ্ৰমিক ৰোধ কৰাৰ ক্ষেত্রত জিলা সংকল্প: মহিলা সৱলীকৰন কেন্দ্র, ডিব্ৰুগড় আৰু Save The Children ৰ ডিব্ৰুগড় শাখাৰ বিষয়-ববীয়াই জনায় যে, শিশু শ্ৰমিকৰ  ওপৰত বিভিন্ন দল-সংগঠনৰ লগত যুটীয়া ভাবে বিভিন্ন সজাগতা মূলক কাৰ্যসূচী জিলা খনত চলাই থকা হৈছে আৰু ভৱিষ্যতেও চলাই যোৱা হ’ব। লগতে তেওঁলোকে সকলো পয্যায়ৰ ৰাইজক  শিশু শ্ৰমিক ৰোধ কৰাৰ ক্ষেত্রত  মাৰ বান্ধি ঠিয়  হবলৈ অনুৰোধ জনায়। লগতে  কৰবাত যদি শিশু শ্ৰমিক প্রত্যক্ষ কৰে তেন্তে অনতিপলমে বিভাগীয়  কৰ্তৃপক্ষক খবৰ দিবলৈও অনুৰোধ জনায়।