ডিব্ৰুগড়ত বিশ্ব ঋতুস্ৰাৱজনিত স্বচ্ছতা দিৱস উপলক্ষে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত সজাগতা সভা

ডিব্ৰুগড়ত বিশ্ব ঋতুস্ৰাৱজনিত স্বচ্ছতা দিৱস উপলক্ষে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত সজাগতা সভা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্ব ঋতুস্ৰাৱজনিত স্বচ্ছতা দিৱস উপলক্ষে ডিব্ৰুগড়ৰ লাহোৱাল আৰু পানীতোলাস্থিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত ডিব্রুগড় জিলা প্ৰশাসন, শিক্ষা বিভাগৰ সহযোগত আৰু মহিলা আৰু শিশু উন্নয়ন বিভাগৰ “জিলা সংকল্পঃ মহিলা সৱলীকৰণৰ কেন্দ্ৰ”ৰ উদ্যোগত দুয়োখন বিদ্যালয়ৰে ছাত্ৰীসকলৰ মাজত সজাগতা কাৰ্য্যসূচী অনুষ্ঠিত হয়। এই সজাগতা কাৰ্য্যসূচীত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডিব্রুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়ৰ পৰামৰ্শদাতা নছিফা খাতুন। সমল ব্যক্তিগৰাকীয়ে ঋতুস্ৰাৱৰ লগত জড়িত বিভিন্ন বিষয় যেনে ঋতুস্ৰাৱৰ দিনবোৰত কেনেদৰে পৰিষ্কাৰ-পৰিচ্ছন্নকৈ থাকিব লাগে, উক্ত দিনকেইটাত পুষ্টিকৰ খাদ্যৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে সন্তুলিত আহাৰ খোৱা, ঋতুস্ৰাৱৰ সময়ত ছোৱালী তথা মহিলাসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা আৰু এই সমস্যাসমূহ কেনেদৰে দূৰ কৰিব লাগে, সঠিকভাৱে চেনিটাৰী নেপকিন ব্যৱহাৰ কৰা আদি বিষয়ৰ ওপৰত বিষদভাবে আলোকপাত কৰে। এই সজাগতা কাৰ্যসূচীত মুঠ ২০৭ জন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।