ডিব্ৰুগড়ত বিদ্যুতৰ স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত অজাযুছাপৰ প্ৰতিবাদ

ডিব্ৰুগড়ত বিদ্যুতৰ স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত অজাযুছাপৰ প্ৰতিবাদ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিদষদে স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এপিডিচিএলে স্মাৰ্ট মিটাৰ সংস্থাপনৰ ফলত সাধাৰণ শ্ৰেণীৰ পৰিয়ালে অত্যাধিক মাচুল পৰিশোধ কৰিবলগীয়া হোৱাত এতিয়া দুখীয়াৰ মাজত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। ৰাইজৰ প্ৰতিবাদ তথা দল-সংগঠনৰ বিৰোধিতাৰ পিছতো চৰকাৰে স্মাৰ্ট মিটাৰ সংস্থাপন প্ৰক্ৰিয়াত আকোৰগোজ স্থিতি গ্ৰহণ কৰিছে। অন্যহাতে সঘনাই লোড শ্বেডিঙ বা বিদ্যুত কৰ্তনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে। অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ ব্যৱস্থা বাতিল নকৰিলে ঘৰে ঘৰে সংস্থাপন কৰা স্মাৰ্ট মিটাৰ আঁতৰাই পুনৰ এপিডিচিএলক চমজাই দিয়া হ’ব বুলি স্পষ্ট কৰি দিছে। প্ৰতিবাদী কাৰ্যসূচীৰ অন্ততঃ মুখ্যমন্ত্ৰীলৈ এখন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।