ডিব্ৰুগড়ত বিজ্ঞান সমিতিৰ উদ্যোগত জয়শ্ৰী মেধি স্মৃতি বক্তৃতানুষ্ঠান সম্পন্ন
এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় বিজ্ঞান সমিতি আৰু কানৈ মহাবিদ্যালয়ৰ উদ্যোগৰ লগতে জয়শ্ৰী মেধি পৰিয়ালৰ সহযোগত” জয়শ্ৰী মেধি স্মৃতি বক্তৃতানুষ্ঠান আৰু ৰচনা প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠান” কানৈ মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আজি (২১/১২/২৩) তাৰিখে অনুষ্ঠিত হৈ যায়। বহুসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত পৌৰহিত্য কৰে ডিব্ৰুগড় বিজ্ঞান সমিতিৰ সভাপতি ড০ ভাৰতী দত্তই। প্ৰয়াত জয়শ্ৰী মেধিৰ সম্পৰ্কত বক্তব্য আগবঢ়ায় সম্পাদন নাছিৰ চুলতানে। প্ৰয়াত জয়শ্ৰী মেধিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰে সভাপতিয়ে। শ্ৰদ্ধাঞ্জলি নিবেদন কৰে প্ৰয়াত মেধিৰ স্বামী, প্ৰখ্যাত চিকিৎসক ডা০ ৰমা প্ৰসাদ মেধি, ড০ পৰমানন্দ মহন্ত আৰু ড০ প্ৰদীপ কুমাৰ ভূঞা আদি বিশিষ্ট ব্যক্তিসকলে। জ্যোতি প্ৰাৰ্থনা কৰে বিজয়লক্ষ্মী শৰ্মা গোস্বামীয়ে। নিৰ্দিষ্ট বক্তা ,বিশিষ্ট পদাৰ্থ বিজ্ঞানী ড০ প্ৰদীপ কুমাৰ ভূঞাৰ জীৱন তথা বিদ্যায়তনিক দিশত আলোকপাত কৰে ড০ চুলতানা হাজৰিকাই। বায়ুমণ্ডলীয় বিজ্ঞানৰ এগৰাকী পণ্ডিত, গৱেষক বিজ্ঞানী গৰাকীয়ে জলবায়ু পৰিৱৰ্তন সম্পৰ্কে ‘পাৱাৰ পইণ্ট প্ৰেজেন্টেছ্ন’ৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ কাৰণ আৰু উষ্ণতা বৃদ্ধিৰ তথ্য ভিত্তিক প্ৰমাণ উপস্থাপন কৰে। মানৱৰ কাৰ্যকলাপৰ ফলত “সেউজ গৃহ গেছ”ৰ বৃদ্ধিৰ ফলত বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিৰ বিস্তৃত ব্যাখ্যা কৰাৰ লগতে উষ্ণতা বৃদ্ধিৰ প্ৰাকৃতিক কাৰণৰো ব্যাখ্যা আগবঢ়ায় বিজ্ঞানী গৰাকীয়ে।প্ৰায় ৪৫ মিনিট জুৰি প্ৰদান কৰা বক্তৃতাই সকলোকে উপকৃত কৰে। অন্ধবিশ্বাস দূৰীকৰণত বিজ্ঞান বিষয়ৰ ৰচনা প্ৰতিযোগিতাত স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছিল। তিনিগৰাকী বিজয়ী প্ৰতিযোগী হ’ল যথাক্ৰমে-পূজা দত্ত, ফাহনাজ বেগম(দুয়ো মনোহাৰী দেৱী মহিলা মহা বিদ্যালয়), নূজাহত টাস্কিন,ডি,এইছ,এছ কে আইন মহাবিদ্যালয়। উদগনি বঁটা লাভ কৰে মনোহাৰী দেৱী মহাবিদ্যালয়ৰে লিজা চুতীয়াই। অনুষ্ঠানত কেওগৰাকীকে প্ৰশংসাপত্ৰ আৰু নগদ ধনেৰে উৎসাহিত কৰা হয়।বঁটা বিতৰণী অনুষ্ঠানটি পৰিচালনা কৰে বিজ্ঞান সমিতিৰ কাৰ্যকৰী সভাপতি সুদক্ষিনা দাসে। সভাত অনুভৱ ব্যক্ত কৰে যথাক্ৰমে কানৈ কলেজৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়া, ডা০ ৰমা প্ৰসাদ মেধি আৰু ড০ পৰমানন্দ মহন্তই। সভাপতিৰ মন্তব্যত ড০ ভাৰতী দত্তই প্ৰয়াত জয়শ্ৰী মেধিৰ সৈতে ছাত্ৰী অৱস্থাতে থকা সম্পৰ্কৰ কথা সোঁৱৰে।সমাজত প্ৰচলিত অন্ধবিশ্বাসৰ উদাহৰণ দি বিজ্ঞান মানসিকতা গঢ়ি তোলাত আটাইয়ে গুৰুত্ব আৰোপ কৰে। সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় সমিতিৰ উপসভাপতি ড০ ৰঞ্জিত সিংহই।