ডিব্ৰুগড়ত বিকশিত ভাৰত কাৰ্যসূচী

ডিব্ৰুগড়ত বিকশিত ভাৰত কাৰ্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ লাহোৱাল উন্নয়ন খণ্ডৰ অন্তৰ্গত মোহনবাৰী গাঁও পঞ্চায়তত ‘বিকশিত ভাৰত’ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে জনতাৰ কল্যাণৰ হেতু গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়ে ৰাইজৰ আগত আলোকপাত কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷এই কাৰ্যসূচীত লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা উপস্থিত থাকে৷