ডিব্ৰুগড়ত বাথৰুমৰ অতিথি নাহৰফুটুকী বাঘৰ

ডিব্ৰুগড়ত বাথৰুমৰ অতিথি নাহৰফুটুকী বাঘৰ: বন বিভাগ ব্যৰ্থতাৰ অভিযোগ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  মাজনিশা বাথৰুমলৈ টোপনিৰ জালত আহি যদি বাথৰুমৰ ভিতৰত হঠাৎ এটা প্রকাণ্ড নাহৰফুটুকী বাঘ দেখা পায়, তেন্তে আপোনাৰ কেনে অৱস্থা হ’ব কল্পনা কৰকচোন। ডিব্ৰুগড়ত তেনে এক চাঞ্চল্যকৰ ঘটনাই সংঘটিত হৈছে। ডিব্ৰুগড় মহানগৰৰ পাৰ্শ্বৱৰ্তী চান্দৈ পথাৰত বাথৰুমৰ ভিতৰত আৰ্বিভাব হয় এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ।চান্দৈ পথাৰৰ ৰমেশ শইকীয়াৰ বাসগৃহত কালি নিশা সংঘটিত হয় এই ঘটনা। হঠাৎ বাথৰুমৰ ভিতৰত এটা বাঘ প্ৰত্যক্ষ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হয়। মাজ নিশা বাঘ বাঘ বুলি গৃহস্থই চিঞৰাত স্থানীয় লোক সমবেত হয়। সকলোৱে প্ৰত্যক্ষ কৰিলে যে সঁচাকৈ এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ।পিছত ডিব্ৰুগড় বনবিভাগক খবৰ দিয়াত বনবিভাগ, আৰক্ষী সকলো উপস্থিত। কিন্তু ঢাল-তৰোৱাল একো নাইকিয়া নিধিৰাম চৰ্দাৰ ডিব্ৰুগড় বন বিভাগে নিশা প্ৰায় এক বজাৰ পৰা দিলে পহৰা। ট্ৰেংকুলাইজ কৰাৰ বাবে ডিগবৈ তথা ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যলৈ খবৰ দিলে। অৱশ্যে পুৱাৰ ভাগত বন বিভাগৰ দলে গোপনে বাথৰুমৰ সমীপত থকা গ্ৰীলৰ দুৱাৰ খুলি দিয়াত উধাও হয় নাহৰফুটুকী বাঘটো। ট্ৰেংকুলাইজ কৰাৰ পূৰ্বে ওলাই গ’ল নাহৰফুটুকী বাঘটো। ইয়াকে লৈ স্থানীয় ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। ৰাইজে জানিবলৈ দিয়া মতে পূৰ্বেও অঞ্চলটোত বাঘৰ আতংক আছিল। পূৰ্বেও শইকীয়াৰ ঘৰত ইতিমধ্যে দুটা গৰু পোৱালি, হাঁহ, কুকুৰা, ছাগলী আদি ভক্ষণ কৰিছে বাঘে। অৱশেষত নিশা ভিতৰত ৱাৰ্থৰুমত সোমোৱাৰ পাছতো বনবিভাগে ট্ৰেংকুলাইজ কৰাত বিফল হল। ঘৰৰ ভিতৰত মানুহ থকাৰ অৱস্থাত পকী ঘৰৰ লগতে সংলগ্ন থকা ৱাথৰুমত নাহৰফুটুকী বাঘটো সোমাই আতংক সৃষ্টি কৰাত স্বাভাৱিকতে আতংকিত হৈ পৰিছে জনসাধাৰণ। অঞ্চলটোত পুনৰ নাহৰফুটুকীটো অহাৰ আশংকাত আতংকিত লোকসকল। আনহাতে বনবিভাগে পিঞ্জৰাবদ্ধ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে স্থানীয় ৰাইজৰ।