ডিব্ৰুগড়ত বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতিৰ মৃত্যুত শোক সম্প্ৰীতি অসমৰ
এম হাছিম আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত বড়ো সাহিত্যসভাৰ প্ৰাক্তন সভাপতি, সাহিত্য অকাডেমিৰ বড়ো ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক, বিশিষ্ট সাহিত্যিক তৰেণ বড়োৰ পৰলোকপ্ৰাপ্তিত গভীৰ শোক প্ৰকাশ কৰি অসমৰ সামাজিক-সাংস্কৃতিক বিনিময় আৰু সম্ভাৱনা সংস্থা সম্প্রীতি অসমে । যোৱা ১৬ ফেব্ৰুৱাৰীত সুন্দৰপুৰত থকা সম্প্ৰীতি অসমৰ কাৰ্যালয়ত অনুষ্ঠিত এখন শোকসভা অনুষ্ঠিত কৰি সংস্থাৰ সভাপতি ইন্দ্ৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত সম্প্রীতি অসমৰ মুখ্য উপদেষ্টা, সাহিত্যাচার্য্য ড° ভীমকান্ত বৰুৱাই তৰেণ বড়োদেৱৰ মৃত্যুত শোক প্ৰকাশ কৰি বৰুৱাই কয় যে বিশিষ্ট সাহিত্যিক তৰেন বড়োৰ মৃত্যুত অসমৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰৰ বাবে বৃহৎ ক্ষতি বুলি মন্তব্য কৰে। অতি শান্ত আৰু সৰল মনৰ ব্যক্তিত্বৰ অধিকাৰী সমাজপ্রিয়, কৰ্মপ্ৰাণ তৰেণ বড়োৰ মৃত্যুত সম্প্রীতি অসমৰ সমূহ সদস্যই গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ সদগতিৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
