ডিব্ৰুগড়ত পৰীক্ষাৰ্থী নিহত

pc- onmanorama

ডিব্ৰুগড়ত পৰীক্ষাৰ্থী নিহত

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ২৭ অক্টোবৰত অনুষ্ঠিত হোৱা চতুৰ্থ বৰ্গৰ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ বাবে ডিব্ৰুগড়লৈ পৰীক্ষা দিবলৈ আহি টিংখঙৰ এজন যুৱকৰ দুৰ্ঘটনাত পতিত হৈ থিতাতে মৃত্যু।মহানগৰৰ দাঁতিকাষৰীয়া ঠাকুৰথানৰ বজাৰৰ সমীপত চলাই অহা মটৰ বাইকখনে স্পীড ব্ৰেকাৰত নিয়ন্ত্রণ হেৰুৱাই আন এখন বাহনৰ পিছফালে খুণ্ডা মাৰে।যাৰ ফলত থিতাতে মৃত্যু হয় যুৱক জনৰ।যুৱক জনৰ নাম মিলন গগৈ বুলি জানিব পৰা গৈছে। টিংখঙ ৰাইডঙীয়াৰ যুৱকজনে বকুল পলিটেকনিক ইন্সটিটিউটৰ চেন্টাৰত পৰীক্ষাত বহি নিজৰ প্ৰয়োজনীয় নথি পত্ৰ আনিবলৈ পাহৰি যোৱা কথা গম পায়। তেতিয়া পুনৰ পৰীক্ষা হলৰ পৰা নিজা ঘৰলৈ উভতি যায় নথি পত্ৰ আনিবলৈ। লগতে নিজৰ জ্যোষ্ঠ ভাতৃকো নথিপত্ৰ খিনি টিংখঙৰ পৰা লৈ আগবাঢ়ি আহিবলৈ কয়।সেই অনুপাতে জ্যেষ্ঠ ভাতৃয়ে নথি-পত্ৰ খিনি ঘৰৰ পৰা আনি থাকুৰথানৰ সমীপত দিয়ে আৰু সেই নথি-পত্ৰ লৈ মিলন গগৈয়ে পুনৰ পৰীক্ষা হললৈ যাওঁতেই এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়। মিলন গগৈৰ ঘৰ টিংখং ৰাইডিঙীয়াত।পুৱাৰ ভাগতে সংঘটিত হোৱা এই দূৰ্ঘটনাটোৰ মটৰচাইকেল খনৰ নম্বৰ হৈছে AS06T 9899