ডিব্ৰুগড়ত পৃষ্ঠাপ্রমুখ সন্মিলনত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ অংশগ্ৰহণ  

ডিব্ৰুগড়ত পৃষ্ঠাপ্রমুখ সন্মিলনত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ অংশগ্ৰহণ  

ৰঙিলী বাৰ্ত্তাসেৱা- সমাগত বিধানসভা নিৰ্বাচনক লৈ অধিক তৎপৰ হৈছে শাসকীয় দল বিজেপি। বিধানসভা নিৰ্বাচনলৈ কেইটামান দিন থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এখনৰ পাছত আন এখন দলীয় সভা অনুষ্ঠিত কৰি বিধানসভা নিৰ্বাচনত জয়লাভৰ প্ৰস্তুতি চলাইছে ভাৰতীয় জনতা পাৰ্টীয়ে।‌ ইয়াৰ মাজতে বুধবাৰে ডিব্ৰুগড়ত বিজেপিয়ে অনুষ্ঠিত কৰে পৃষ্ঠা প্ৰমুখ সন্মিলন।‌ এই পৃষ্ঠা প্ৰমুখ সন্মিলনত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব গ্ৰহণৰ পিছত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰে নীতিন নবীনে ।বুধবাৰে বিয়লি ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হোৱা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী প্ৰশান্ত ফুকনৰ লগতে বিজেপিৰ শীৰ্ষ নেতাসকলে আদৰণি জনায় । বিমানবন্দৰৰ পৰা পোনে পোনে ডিব্ৰুগড়ৰ মানকটা চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত পৃষ্ঠা প্ৰমুখ সন্মিলনত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ।‌ ডিব্ৰুগড় জিলাৰ ৬টা বিধানসভা সমষ্টিৰ পৃষ্ঠা প্ৰমুখসকলৰ সৈতে সভাত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে । লগতে এই সভাত ৰাজ্যিক, জিলা আৰু মণ্ডলৰ নিৰ্বাচিত বিষয়ববীয়াসকলেও অংশগ্ৰহণ কৰে ।  পৃষ্ঠাপ্রমুখ সন্মিলনত উপস্থিত থাকি ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ ঘোষণা- বিজয়েৰে হেটট্রিক কৰিব বিজেপিয়ে। উল্লেখ্য যে ডিব্ৰুগড় জিলাৰ ৬টা বিধানসভা সমষ্টিত ২২ হাজাৰৰো অধিক পৃষ্ঠাপ্রমুখে অংশগ্ৰহণ কৰা এই সন্মিলন বিজেপিৰ বাবে এক গুৰুত্বপূৰ্ণ সাংগঠনিক পদক্ষেপ হিচাপে চিহ্নিত হৈছে। দলীয়া কাৰ্যকৰ্তাক উদ্দেশ্যি ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ মন্তব্য-ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত আপোচ কৰা দলটো হৈছে কংগ্রেছ। এই দলটোক এইবাৰ ডিব্ৰুগড়ৰ ৰাইজে উত্তৰ দিব লাগিব। পূৰ্বৰ কংগ্ৰেছ চৰকাৰক তীব্র সমালোচনা কৰি ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কয়- এক সবল নেতৃত্বৰ প্রয়োজন আছিল, ৰাইজৰ বাবে কাম কৰাৰ এক নৈতিক দায়িত্বৰ প্ৰয়োজন আছিল। কিন্তু কংগ্রেছে ১৫ বছৰ শাসনত থাকি কেৱল ভোটবেংকৰ ৰাজনীতিহে কৰিলে। তেওঁলোকৰ কোনো নৈতিক দায়িত্ব নাছিল আৰু সবল নেতৃত্বও নাছিল। ইয়াৰ বিপৰীতে বিজেপিয়ে নীতি, নৈতিকতাৰে আৰু সক্ষমতাৰে চৰকাৰ পৰিচালনা কৰিবলৈ সক্ষম হৈছে। আমাৰ ওচৰত সুদক্ষ প্রশাসক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আছে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আছে। এইবাৰ আমি জয়েৰে হেট্রিক কৰিম। কৰ্মীসকলক সম্বোধন কৰি নবীনে বিজেপি আৰু বিৰোধী কংগ্ৰেছৰ মাজত পার্থক্য দাঙি ধৰি কয়- বিজেপিৰ নীতি হৈছে প্রথম দেশ, তাৰ পিছত দল। কিন্তু কংগ্ৰেছৰ নীতি প্রথমে ব্যক্তি, তাৰ পিছত দল আৰু শেষত দেশ। ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কার্যকর্তাসকলক উদ্দেশ্যি এটা স্পষ্ট কর্ম সম্পাদনৰ মান নির্ধাৰণ কৰি ৰাজ্যৰ প্ৰতিটো বুথতে ৫০ শতাংশ ভোট লাভ কৰাৰ বাবে কাম কৰিবলৈ নিৰ্দেশ দিয়ে। বুথ পৰ্যায়ৰ সংগঠন সবল কৰাত গুৰুত্ব আৰোপ কৰি নীতিন নবীনে সাংস্কৃতিক সংখক্ষণ আৰু দ্রুত উন্নয়নৰ ওপৰত বিজেপিয়ে সর্বাধিক গুৰুত্ব দিয়া বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত অভূতপূর্ব উন্নয়নৰ যুগ আৰম্ভ হোৱা বুলি তেওঁ কয়- পথ-পৰিবহণৰ অৱধাৰিত সম্প্ৰসাৰণ, নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন, স্বাস্থ্য সেৱাৰ উন্নতি, শিক্ষানুষ্ঠানসমূহ শক্তিশালীকৰণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়ন তথা আন্তঃগাঁথনিৰে এতিয়া অসম শক্তিশালী হৈ পৰিছে। ইফালে কর্মীসভাত ভাষণ দি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়- যিখন আসনত ভাৰতৰত্ন তথা প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানি, গৃহমন্ত্রী অমিত শ্বাহ অধিষ্ঠিত হৈছিল সেইখন আসনত আজি সাধাৰণ পৰিয়ালৰ পৰা অহা ৪৫ বছৰীয়া যুৱ নেতা নীতিন নবীন অধিষ্ঠিত হোৱাটো গৌৰৱৰ বিষয়। বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ শাসনকালত অসমলৈ অহা ব্যাপক পৰিৱৰ্তনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- এটা সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাক লৈ যথেষ্ট সমালোচনা হৈছিল যদিও মৰাণ ৰাষ্ট্ৰীয় ঘাইপথত যেতিয়া উৰাজাহাজ অৱতৰণ হ’ল, তেতিয়া ৰাইজে ততিয়া ৰাইজে বিশ্বাস কৰিবলৈ বাধ্য হ’ল যে আজি অসমত পৰিৱৰ্তন হৈছে। কথাৰে নহয়, যোৱা ৫টা বছৰত কামেৰে আৰু যোৱা ১০টা বছৰত বিজেপি নেতৃত্বাধীন চৰকাৰখনে সেৱাৰে অসমৰ উন্নতিৰ বাবে কাম কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তদানীন্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ কাৰ্যকালৰ সময়ত ক’ভিডৰ বিভীষিকাই সমগ্ৰ মানৱ জাতিক গ্ৰাস কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- সেই সময়ত চৰকাৰখনে তৎপৰতাৰে অসমৰ মানুহক সেৱা কৰিবলৈ যত্ন কৰিছিল। দলে দ্বিতীয়বাৰ চৰকাৰ গঠন কৰি ৰাজ্যৰ এক লাখ যুৱক-যুৱতীক চাকৰি প্ৰদানৰ প্ৰতিশ্রুতি দিছিল। বর্তমানলৈকে ১ লাখ ৬০ হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিবলৈ সক্ষম হৈছে। পৃথিৱীৰ ভিতৰতে দ্বিতীয়টো নদী সুৰংগ অসমত স্থাপন হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- আজি অসমে প্রমাণ কৰি দেখুৱালে যে জাতিটোক যদি কোনোবাই ৰঙা চকু দেখুৱায়, সেই চকুক প্রত্যাহ্বান জনাব পৰা শক্তি জননী-জন্মভূমিৰ বুকুত আছে। মুখ্যমন্ত্ৰীয়ে কয়- এইখন অসমত কোনো অসমীয়াই অসমক উপলুঙা কৰি ব্ৰিটিছৰ পাছপ’ৰ্ট লোৱাৰ প্ৰয়োজন নাথাকিব। আমি ভাৰতৰ পাছপ’ৰ্ট ল’ম, বিদেশী ৰাষ্ট্ৰৰ পাছপ’র্ট নলওঁ। বিদেশী ৰাষ্ট্ৰকো আমি উন্নয়নেৰে পৰাজিত কৰিম। কংগ্ৰেছৰ কোনোবা সভাপতিৰ সন্তানে অসমক উপলুঙা কৰি ভাৰতৰ পাছপ’ৰ্ট ঘূৰাই দি ব্ৰিটিছৰ পাছপ’ৰ্ট লয়, মই ক’ম দহটা বছৰ অপেক্ষা কৰক নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ইংৰাজে ভাৰতীয় পাছপ’ৰ্ট বিচাৰিব। ভাৰত বিশ্বগুৰু হ’ব। দলীয় কার্যকর্তাক সম্বোধি ভাষণ দি মুখ্যমন্ত্রীয়ে কয়- এইখন চৰকাৰে আজি এবিঘা-দুবিঘা নহয়, এহাজাৰ-দুহাজাৰ বিঘা নহয়, অবৈধ বাংলাদেশীৰ হাতৰ পৰা ডেৰ লাখ বিঘা ভূমি কাঢ়ি আনিবলৈ সক্ষম হৈছে। আজি অসমৰ মানুহে পুৱা টেলিভিছনত মৃত গঁড় দেখি চকুপানী টুকিবলগীয়া নহয়। আগন্তুক ৫ বছৰত ১০ লাখ যুৱক-যুৱতীক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলা, দুই লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰা, ১০০ টকাতে এক কেজিকৈ দাইল, চেনি, নিমখ প্ৰদানৰ ব্যৱস্থা কৰা আদি ব্যৱস্থাই অসমৰ গ্ৰাম্য জীৱনত আশাৰ সঞ্চাৰ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে বিজেপিয়ে। এইখন চৰকাৰে গুৱাহাটীৰ পিছত ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয়খন ৰাজধানীৰ মৰ্যাদা প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীয়ে কয়- অসমৰ আটাইতকৈ স্বর্ণিল সময়ত আমি নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈছোঁ। দুলীয়াজান, নাহৰকটীয়া, চাবুৱা-লাহোৱাল, ডিব্ৰুগড়, খোৱাং, টিংখাং এই আটাইকেইটা সমষ্টিত বিজেপিয়ে জয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ব। ভাষণত মুখ্যমন্ত্ৰীয়ে অসমৰ লগতে পশ্চিমবংগতো বিজেপিয়ে জয়লাভ কৰিব লাগিব বুলি উল্লেখ কৰে।তেওঁ লগতে কয়- পুডুচেৰী, তামিলনাডু, কেৰালা, পশ্চিমবংগ আৰু অসমত হ’বলগা বিধানসভা নির্বাচনত দলৰ বিজয়ক লৈ অসমত কোনো চিন্তাৰ কাৰণ নাই বুলি ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক আশ্বস্ত কৰিব লাগিব দলীয় কার্যকর্তাই। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ নেতৃত্বত বিজেপিয়ে পাঁচোখন ৰাজ্যত জয়লাভ কৰিবলৈ সক্ষম হ’ব। দলীয় সতীৰ্থক ৰাষ্ট্ৰক আগস্থান দি আগন্তুক নিৰ্বাচনৰ বাবে উৎসর্গিতভারে কর্মযজ্ঞত নামি পৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। এই সন্মিলনত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, দলৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডা, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, মন্ত্ৰী বিমল বড়া, প্রশান্ত ফুকন, ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্রসাদ তাছা, সাংসদ ৰামেশ্বৰ তেলী, বিজয় বাঘেল, জিলা পৰিষদৰ সভাপতি পুষ্পাঞ্জলি সোণোৱাল, জিলা সভাপতি দুলাল বৰাৰ লগতে দলীয় কার্যকর্তাসকল উপস্থিত থাকে।