ডিব্ৰুগড়ত পলিঅ’ উপ-ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস-২০২৪ ৰ শুভাৰম্ভ

ডিব্ৰুগড়ত পলিঅ’ উপ-ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস-২০২৪ ৰ শুভাৰম্ভ : 
 জিলাখনত শূন্যৰ পৰা ৫ বছৰৰ  ১,৯৩,৯৩১ গৰাকী শিশুক পলিঅ’ প্ৰতিষেধক প্ৰদানৰ লক্ষ্য
এম্ হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্বৰ কিছুমান ঠাইত পলিঅ’ ৰোগী পুনৰ চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশমর্মে  অসমৰ অন্য জিলাৰ লগতে ডিব্ৰুগড় জিলাতো পলিঅ’ উপ-ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস দেওবাৰে (৮-১২-২৪) শুভাৰম্ভণি কৰা হয় । ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ত এক আড়ম্বৰ পূৰ্ণ অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰই । কাৰ্যসূচীৰ আনুষ্ঠানিক আৰম্ভণিৰ পূৰ্বে এক সজাগতা মূলক শোভাযাত্ৰাও‌ কৰা হয় ।এই অভিযানৰ অধীনত ডিব্ৰুগড়  জিলাৰ  ১,৯৩,৯৩১ গৰাকী শূন্যৰ পৰা ৫ বছৰ বয়সৰ শিশুক পলিঅ’ প্ৰতিষেধক সেৱন কৰোৱা হ’ব। তাৰ বাবে  জিলাখনত ৯৫৪ টা প’লিঅ’ বুথ স্থাপনৰ‌ ব্যৱস্হা কৰা হৈছে। তদুপৰি  প’লিঅ’ৰ খোৰাক প্ৰতিটো যোগ্য শিশুক দিবৰ বাবে যথোপযুক্ত ব্যৱস্হা গ্ৰহণ কৰাৰ লগতে  ৩৬ টা ট্ৰেনজিত বুথ স্থাপনৰো ব্যৱস্থা কৰা হৈছে ।‌ এই অভিযানৰ সফল ৰূপায়ণৰ বাবে ডিব্ৰুগড় জিলাত ১৯৪ জন নিৰিক্ষক আৰু ৩,৭১০ জন কৰ্মী নিয়োজিত কৰা হৈছে । আনহাতে সমাজৰ সকলো‌ শ্ৰেণীৰ লোককে এই প’লিঅ’ ‌প্ৰতিষেধক অভিযানত অংশগ্ৰহণ কৰোৱাবলৈ    মাইক , বেনাৰ- প’ষ্টাৰৰ জৰিয়তে  জিলাখনৰ প্ৰতি জন নাগৰিকৰ সজাগতাৰ বাবে প্ৰচাৰৰ ব্যৱস্হা কৰা হৈছে ‌।  উল্লেখযোগ্য যে প’লিঅ’ বুথত প্ৰতিষেধক প্ৰদান কৰাৰ উপৰিও এই উপ-ৰাষ্ট্ৰীয় টীকাকৰণ দিৱসৰ অধীনত স্বাস্থ্যকৰ্মীসকলে ৯ আৰু ১০ ডিচেম্বৰত ঘৰে ঘৰে গৈ লগতে  বিদ্যালয় আৰু অন্যান্য ৰাজহুৱা স্থানত শিশুসকলক পলিঅ’ৰ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰোপৰি সমাজ কল্যাণ, শিক্ষা, পৰিবহন, আদি বিভিন্ন বিভাগৰ সহযোগত ডিব্রুগড়   জিলাৰ প্ৰতিটো স্বাস্থ্যখণ্ডৰ অধীনত পলিঅ’ প্ৰতিষেধক প্ৰদানৰ  অভিযান চলোৱা হ’ব। সেয়েহে  ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগে অভিভাৱকসকলক বিনাদ্বিধাই  নিজৰ শিশুটিক পলিঅ’ প্ৰতিষেধক প্ৰদান কৰিবলৈ নিকটতম পলিঅ’ প্ৰতিষেধক প্ৰদান কেন্দ্রলৈ আহিবলৈ আহ্বান জনায়।  উল্লেখযোগ্য যে, প’লিঅ’ প্ৰতিষেধক অভিযান সন্দৰ্ভত জিলা টাস্ক ফ’ৰ্চৰ এখনি বৈঠক ৩০ নবেম্বৰত অনুষ্ঠিত হৈ যায়।আজিৰ  এই উদ‌্বোধনী কাৰ্যসূচীত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰাজীৱ কুমাৰ বৰুৱা, ভাৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ বিশ্বজিৎ বৰুৱা, ভাৰপ্ৰাপ্ত জিলা টীকাকৰণ বিষয়া ডাঃ ৰাণী চুতীয়া হুছেইন,  জিলা গনমাধ্যম বিশেষজ্ঞ ডেইজী গগৈ, জিলা পৰিসংখ্যা প্ৰৱন্ধক মানস প্ৰতীম বৰগোহাঁই, জিলা নগৰীয়া স্বাস্থ্য সমন্বয়ক চম্পা দাস, ইউ এন ডি পিৰ জিলা প্ৰজেক্ট বিষয়া মনিষা বুঢ়াগোহাঁই,সমাজ কল্যাণ বিভাগৰ বিষয়া, স্হানীয় অভিভাৱক আৰু শিশু, ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডাঃ উৎপলা বৰুৱাৰ লগতে চিকিৎসালয় খনৰ অন্য কৰ্মচাৰী সকল আৰু জিলা টীকাকৰণ বিষয়া ও অতিৰিক্ত মুখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীসকল উপস্থিত থাকে।