ডিব্ৰুগড়ত পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নামেৰে উৰণীয়া সেতু-বিমানবন্দৰ নামকৰণৰ দাবী ডিব্ৰুগড় লেখিকা সমাৰোহ সমিতিৰ:: কুমকুম দত্ত -আৰাধনা দত্তক সম্বৰ্ধনা
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ডিব্ৰুগড় শাখাই চৌকিডিঙ্গীস্থ নিজৰ কাৰ্যালয়ত অগ্নিকন্যা পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ১২৫ সংখ্যক জন্মজয়ন্তী দিৱসত বক্তৃতা আৰু সম্বৰ্ধনানুষ্ঠানেৰে উদযাপন কৰা হয় ৷ সভাৰ আৰম্ভণিতে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় আৰু শাখাৰ উপদেষ্টা ড° ভাৰতী দত্তই। দীপমন্ত্ৰ ধ্বনিত কৰে বিজয়লক্ষ্মী শৰ্মা গোস্বামীয়ে৷ সুদক্ষিণা দাসৰ উদ্যোগত অনুষ্ঠিত সভাত বিশিষ্ট ব্যক্তিসকল মঞ্চত আসন গ্ৰহণ আৰু আদৰণিৰ পাছত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদিকা মানসী বৰুৱাই৷ মহাপুৰুষীয়া ঘোষা এফাঁকি পৰিবেশন কৰে দিপ্তী বৰঠাকুৰে৷ চমু আদৰণি ভাষণত সভানেত্ৰীয়ে এই দিৱস উদযাপনৰ প্ৰাসংগিকতা আৰু তাৎপৰ্যৰ কথা উল্লেখ কৰে৷ বক্তৃতানুষ্ঠানত নিৰ্দ্দিষ্ট বক্তা বিশিষ্ট সমাজসেৱী,অধ্যাপিকা আল্পনা গগৈ ভুূঞাৰ চমু পৰিচয় দাঙি ধৰে মীনা বৰুৱাই ৷নিৰ্দ্দিষ্ট বক্তাগৰাকীয়ে পদ্মশ্ৰী অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানীক অনন্যা নাৰী আখ্যা দি তেখেতৰ সংগ্ৰামমুখৰ জীৱনৰ কীৰ্তি বৰ্ণনা কৰাৰ লগতে ঋগবেদীয় যুগৰ পৰা মধ্যযুগ আৰু আধুনিক যুগৰ নাৰী মনীষীসকলৰ অৱদানৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে৷ বক্তাগৰাকীয়ে ভাৰতৰ অন্যান্য মহিলা নেত্ৰীৰ সৈতে তুলনামূলক আলোচনা আগবঢ়াই আক্ষেপ কৰে যে অসমৰ অগ্নিকন্যা পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে পাব লগীয়া মৰ্যাদা আজিও পোৱা নাই আৰু সেইবাবেই তেখেতে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নামেৰে উৰণীয়া সেতু, বিমানবন্দৰ, বিশ্ববিদ্যালয়ৰ নামকৰণ, চলচ্চিত্ৰ নিৰ্মাণ, পাঠ্যপুথিত অগ্নিকন্যা শইকীয়ানীৰ বিষয়ে অধ্যায় সন্নিবিষ্ট কৰাৰ দাবী উত্থাপন কৰি ডিব্ৰুগড় শাখাৰ পৰাই প্ৰস্তাৱ প্ৰেৰণৰ উপদেশ দিয়াত সকলোৱে সমৰ্থন কৰে৷ উপস্থিত সমজুৱাৰ পৰা মীনাক্ষী শৰ্মা, গীতাশ্ৰী বুজৰবৰুৱা, সান্তনা বৰুৱা জোনালী খাউণ্ড, বিজয়লক্ষ্মী শৰ্মা গোস্বামীয়ে উক্ত বিষয়ত লেখিকা সকলৰ দায়িত্ব , অগ্নিকন্যা গৰাকীৰ সৰ্বভাৰতীয় পটভূমিত প্ৰতিষ্ঠা, ডিব্ৰুগড়ত পূৰ্বতে অনুষ্ঠিত স্মৃতিসভা ইত্যাদি বিভিন্ন মতবিনিময় কৰি আলোচনা মনোগ্ৰাহী কৰি তোলে৷ ড° ভাৰতী দত্তই সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নামত বঁটা প্ৰদান, গ্ৰন্থ প্ৰকাশ তথা অসমৰ প্ৰতি শাখাই এই দিৱস পালনৰ দিহাৰে অগ্নিকন্যা গৰাকীৰ প্ৰতি সন্মান যঁচাৰ ধনাত্মক ব্যৱস্থাসমূহৰ বৰ্ণনা কৰে৷ তেওঁ সমিতিৰ প্ৰকাশিত “যুগজয়ী চন্দ্ৰপ্ৰভা” গ্ৰন্থখনি ইংৰাজীলৈ অনুবাদৰ পোষকতা কৰে ৷ সভাত তিনি দশকৰো অধিক কাল নিৰৱচ্ছিন্ন ভাৱে বহু অনুষ্ঠানযোগে মহিলাৰ উন্নয়নৰ হকে কাম কৰি সমাজ জীৱনক সমৃদ্ধ কৰা আৰু মহিলাৰ প্ৰতিভা বিকাশৰ একাধিক মঞ্চ প্ৰতিষ্ঠা কৰা, বিশিষ্ট সমাজসেৱী ভাৰতীয় শিশু কল্যাণ পৰিষদৰ আৰু ডিব্ৰুগড় মহিলা সাহিত্য কাননৰ সভানেত্ৰী কুমকুম দত্ত , বিশিষ্ট সাহিত্যিক শিক্ষাবিদ সখীয়া মহিলা মঞ্চৰ প্ৰতিষ্ঠাপক সম্পাদিকা তথা ডিব্ৰুগড় মহিলা সাহিত্য কাননৰ সম্পাদিকা অৱসৰী উপাধ্যক্ষা আৰাধনা দত্তক পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ আদৰ্শৰ জ্যোতিবাহিকা ৰূপে ফুলাম গামোচা, ঊনীবস্ত্ৰসহ একোটিকৈ স্মাৰক, প্ৰশস্তিপত্ৰ পাঠ কৰি সম্বৰ্ধনা জনোৱা হয়৷ দুয়োগৰাকী ব্যক্তিয়ে নিজৰ আনন্দৰ অনুভৱ ব্যক্ত কৰোতে বহু স্মৃতি ৰোমন্থন কৰি আগলৈকো এনেদৰে কৰ্ম কৰি যাবলৈ আৰদ্ধ হৈ ৰ’ব বুলি মত প্ৰকাশ কৰে৷ নাৰী দিৱসৰ সৈতে সংগতি ৰাখি শাখাৰ উপদেষ্টা, সাহিত্যিক পেঞ্চনাৰ জ্যোতি বৰগোহাঁইয়ে এটি স্বৰচিত কবিতা পাঠ কৰে৷ সমবেত সংগীত পৰিবেশন কৰে মৌচুমী বৰ্মন, ইৰাণী বৰপূজাৰী, বিজয়লক্ষ্মী শৰ্মা গোস্বামী , মীনাক্ষী শৰ্মা, স্মৃতি শৰ্মা, স্বৰ্ণালীম শইকীয়া, কানন বৰুৱা আৰু দিপ্তী বৰঠাকুৰে ৷উপদেষ্টা ৰেণু ফুকনৰ শুভাশীষসহ ড° প্ৰাতসলতা বুঢ়াগোহাঁই, ড°শেৱালী বৰবৰা , আৰতি বৰা, ড° ফৰিদা আহমেদ, অৰুণিমা তালুকদাৰ,তুলসী দত্ত, মঞ্জু আগমাচাৰ্যৰ সহযোগিতাৰ লগতে উল্লেখযোগ্য সহায় আগবঢ়ায় ড° দিপাঞ্জনা দত্ত দাসে আৰু আপ্যায়ন সহযোগী সান্তনা বৰুৱাই৷ ইৰাণী বৰপূজাৰীয়ে শলাগৰ শৰাই আগবঢ়ায়৷
