ডিব্ৰুগড়ত নৃশংস হত্যাকাণ্ড সংঘটিত

ডিব্ৰুগড়ত নৃশংস হত্যাকাণ্ড সংঘটিত, সুৰাৰ ৰাগীত উদণ্ড যুৱকৰ দলে মৰিয়াই হত্যা যুৱকক

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ সমীপত সুৰাৰ ৰাগীত মাতাল হৈ এজন যুৱকক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। মৰিয়াই মৰিয়াই হত্যা কৰিলে এজন যুৱকক উদণ্ড যুৱকৰ দলে। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ আলুবাৰীত সংঘটিত হোৱা এই ঘটনাই এতিয়া অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। মৃত যুৱকজনৰ নাম টম্লু সোনাৰ বুলি জানিব পৰাৰ লগতে বয়স প্ৰায় ২৪ বছৰ। জানিব পৰা মতে দ্বীপজ্যোতি ৰাজবংশী নামৰ যুবকজনে পুৰণি শত্ৰুতাৰ পোতক পূৰাবলৈ ১১-১২ জনীয়া যুৱকক লগত লৈ আলুবাৰীৰ এখন দোকানৰ ভিতৰত গণপ্ৰহাৰ কৰিছিল সোনাৰক বুধৰাৰে নিশা। ততাতৈয়াকৈ টম্লু সোনাৰক অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ অনা হৈছিল যদিও বৃহস্পতি বাৰে পুৱা মৃত্যুক সাবটি লয় ২৪ বছৰীয়া যুৱকজনে। ইতিমধ্যে আৰক্ষীয়ে পৰিয়ালৰ গোচৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰি ১২ জনীয়া হত্যাকাৰী দলৰ অন্যতম অভিযুক্ত দ্বীপজ্যোতি ৰাজবংশীক গ্ৰেপ্তাৰ কৰিছে। বৰ্তমানেও পলাতক উদণ্ড দলটোৰ অভিযুক্ত কেইজন। উল্লেখ্য যে আলুবাৰী অঞ্চলৰ এখন দোকানত সংঘটিত হোৱা এই ঘটনাই ৰাজ্যজুৰি জোকাৰণি সৃষ্টি কৰিছে।শইফালে পৰিয়ালৰ অভিযোগ অনুসৰি ঘটনা সংঘটিত হোৱা দোকানখন বাহিৰৰ পৰা তামোল পাণৰ দোকান কিন্তু ভিতৰত চলে অবাধ মদৰ বেহা।আলুবাৰীত এখন মদৰ দোকানৰ ভিতৰত সুমুৱাই দোকানৰ প্ৰবেশ দুৱাৰ বন্ধ কৰি দ্বীপজ্যোতি ৰাজবংশী নামৰ যুবকজনে আৰু কেইজনমান সতীৰ্থৰ লগত লগলাগি গণপ্ৰহাৰ কৰিছিল বুধৰাৰে নিশা।ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ নিচেই সমীপতে আছে চাহৰ বাগান। সেই বাগানৰ মাজতে আছে আলুবাৰী আৰু ইয়াত বসবাস কৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকল।মাদক দ্ৰব্য সেৱন কৰি এজন যুবকৰ প্ৰাণ লোৱাৰ অভিযোগ উথাপন হোৱাত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলাৰ সমিতিৰ সাধাৰণ সম্পাদক বিতোপন দুৱৰাই বাৰম্বাৰ সংবাদৰ মাধ্যমৰ জৰিয়তে এই অবৈধ মদৰ বেপাৰ,চুলাই চলি থকাৰ কথা অৱগত কৰিছে যদিও।ডিব্ৰুগড় অসম চিকিৎসালয়ৰ মহাবিদ্যালয়ৰ আশেপাশে এক প্ৰকাৰ মদৰ ঘাটলৈ ৰূপান্তৰিত হৈছে এই ঘটনাই সকলো উদঙাই দিয়ে।অতি শীঘ্রে অঞ্চলটোৰ অবৈধ মদৰ দোকান বন্ধ কৰিবলৈ আহ্বান টম্লু সোনাৰ পত্নীৰ আৰু দল সংগঠনৰ লগতে আৰক্ষী প্ৰশাসনৰ টম্লু সোনাৰ হত্যা তদন্ত কৰি উচিত ন্যায় বিচাৰিলে আত্মীয়ই।