ডিব্ৰুগড়ত নাচা মুক্ত ভাৰত অভিযানৰ পঞ্চম বৰ্ষপুৰ্তি উদযাপন

ডিব্ৰুগড়ত নাচা মুক্ত ভাৰত অভিযানৰ পঞ্চম বৰ্ষপুৰ্তি উদযাপন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- বিকশিত ভাৰত কা মন্ত্ৰ, ভাৰত হো’ নাচা চে স্বতন্ত্ৰ নাচা মুক্ত ভাৰত অভিযানৰ পঞ্চম বৰ্ষপুৰ্তি উপলক্ষে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অধীনত সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড় জিলাতো আজি(১২-৮-২৪) ডিব্ৰুগড় জিলা প্ৰশাসনৰ তত্বাৱধানত, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত তথা ডিব্ৰুগড় জিলাস্থিত নিচামুক্তি কেন্দ্ৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়, জিলাখনৰ সকলো বিদ্যালয়- মহাবিদ্যালয়, বিভিন্ন চৰকাৰী- বেচৰকাৰী বিভাগ, আত্মসহায়ক গোট, বিভিন্ন চাহ বাগিচা কৰ্তৃপক্ষ আৰু বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ সহযোগত সুচাৰুৰূপে পালন কৰা হয়। এই সজাগতা অনুষ্ঠানবোৰত “বিকশিত ভাৰত কা মন্ত্ৰ, ভাৰত হো’ নাচা চে স্বতন্ত্ৰ” এই বিষয়বস্তুক লৈ শপত বাক্য পাঠ কৰা হয়। এই সজাগতা যাতে জনসাধাৰণৰ মাজলৈ বহুলভাৱে প্ৰসাৰ কৰিব পাৰি সেই উদ্দেশ্যে আগত ৰাখি বিভিন্ন কাৰ্য্যসূচী যেনে- প্ৰীতিমূলক ফুটবল খেল, চাইকেল ৰেলী, বিদ্যালয় পৰ্যায়ত ৰচনা, কুইজ প্ৰতিযোগিতা, বিভিন্ন সজাগতা সভা ইত্যাদি জিলাখনৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানত সুচাৰুৰূপে পালন কৰা হয়।