অসমে বিকাশ আৰু অস্তিত্ব ৰক্ষাৰ সমান্তৰালভাৱে যুৱ প্ৰজন্মৰ আশা-আকাংক্ষা বাস্তৱায়িত কৰাৰ দিশত নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছেঃ মুখ্যমন্ত্রী
এক-ডেৰ দশক পূৰ্বৰ অসমৰ সময় এতিয়া সলনি হৈছেঃ ডিব্ৰুগড়ত গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ এক ‘চার্কিট বেঞ্চ’ স্থাপনৰ বাবে উচ্চতম ন্যায়ালয়ৰ
মুখ্য ন্যায়াধীশক অনুৰোধ জনোৱা হৈছে:: ডিব্ৰুগড়- গুৱাহাটী, গুৱাহাটী-শিলিগুৰিৰ মাজত এক্সপ্ৰেছ কৰিডৰ নিৰ্মাণৰ পৰিকল্পনাৰ কথা ব্যক্ত মুখ্যমন্ত্ৰীৰ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতবৰ্ষৰ গণৰাজ্য দিৱস উপলক্ষে অসম চৰকাৰে দ্বিতীয়বাৰৰ বাবে ডিব্রুগড়ত কেন্দ্রীয়ভাবে আয়োজন কৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অংশগ্ৰহণ কৰি পতাকা উত্তোলন কৰাৰ লগতে ৰাজ্যবাসীৰ উদ্দেশ্যি ভাষণ প্রদান কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে যিসকল মহান ভাৰতীয়ৰ ত্যাগৰ ফলত ভাৰতবৰ্ষই গণৰাজ্যৰ পৰিচয় লাভ কৰিলে তেওঁলোকৰ প্রতি শ্রদ্ধা নিবেদন কৰে। তেওঁ ভাৰতৰত্ন ড° বি আৰ আম্বেদকাৰৰ লগতে সংবিধানৰ প্ৰণেতাসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই ২০২৬ বৰ্ষৰ পদ্মশ্রী সম্মানেৰে সন্মানীত অসমৰ পাঁচগৰাকীকৈ সুযোগ্য সন্তান ক্রমে-প্রাক্তন কেন্দ্রীয় মন্ত্রী সদ্য প্রয়াত কবীন্দ্র পুৰকায়স্থ, বিশিষ্ট সত্ৰীয়া শিল্পী হৰিচৰণ শইকীয়া, এড়ি আৰু ৰেচম বিশেষজ্ঞ যোগেশ দেউৰী, প্রসিদ্ধ ভাস্কর্য্য শিল্পী আৰু কলা নিদের্শক নুৰুদ্দিন আহমেদ আৰু প্রসিদ্ধ লোক শিল্পী পখিলা লেকথেপীৰ পদ্ম সম্মান প্রাপ্তিয়ে অসমবাসীক গৌৰৱান্বিত কৰিছে বুলি উল্লেখ কৰে। ড° শৰ্মাই প্রয়াত কবীন্দ্ৰ পুৰকায়স্থৰ পৰিয়ালবৰ্গৰ লগতে আন পদ্ম সন্মান প্রাপকসকলক অভিনন্দন জ্ঞাপন কৰে।ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই ভাৰতৰ সংবিধান ৰচনাৰ ঐতিহাসিক পটভূমিৰ কথা উল্লেখ কৰি এই ক্ষেত্রত লোকমান্য বাল গংগাধৰ তিলক, মতিলাল নেহৰৰ লগতে অসমৰ প্রাক্তন মুখ্যমন্ত্রী লোকপ্রিয় গোপীনাথ বৰদলৈয়ে লোৱা ভূমিকাৰ আলোকপাত কৰে। বাবা চাহেব আম্বেদকাৰক ভাৰতীয় সংবিধানৰ মূল ৰূপকাৰ বুলি উল্লেখ কৰি তেওঁ কয় যে জৱাহৰলাল নেহৰুৰ প্ৰাৰম্ভিক আপত্তি সত্ত্বেও জাতিৰ পিতা মহাত্মা গান্ধীৰ আস্থাত বাবা চাহেব আম্বেদকাৰে সংবিধানৰ খচৰা সমিতিৰ নেতৃত্ব লাভ কৰিছিল আৰু সংবিধান প্রণয়নৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলৰ প্ৰচেষ্টাত দেশৰ সংবিধানখন ৰচনা হৈছিল ।মুখ্যমন্ত্রী ড° শর্মাই কয় যে সংবিধানখন হৈছে ভাৰতীয় গণতন্ত্রৰ আত্মা। সংবিধানখনে আমাক যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ আধাৰ দিছে আৰু বিকেন্দ্রীকৃত শাসন ব্যৱস্থাৰ জৰিয়তে সকলো অঞ্চলৰ সমবিকাশৰ বাবে কাম কৰি যাবলৈ নীতি-নিদের্শনা দিছে। তেওঁ কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে সংবিধানে স্থাপন কৰা বিধিৰ শপত লৈ অটল, অবিচল, অগ্রগামী গতিৰে অসমখন বিকাশৰ অনিৰুদ্ধ গতিৰে আগবঢ়াই নিবলৈ সংকল্প লৈছে। আজিৰ পৰা এক-ডেৰ দশক পূর্বে স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ দিনবোৰ কার্ফিউ আৰু বয়কটৰ দিন আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়া সময় সলনি হৈছে আৰু বাজ্যবাসীয়ে স্বতঃ স্ফূর্তভাবে এনে দিবসবোৰত অংশ ল’বলৈ ওলাই আহিছে। ভাষণত মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে ৰাজ্যৰ লগতে উজনি অসমৰ এই পৰিৱৰ্তিত যাত্রাত নতুন গতি দি অহা ৩০ জানুৱাৰীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রায় ৩০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া ৰাজ্যৰ দ্বিতীয়টো বিধানসভা চৌহদৰ শিলান্যাস কৰিব। যাৰ ফলত আহিবলগীয়া দিনবোৰত ডিব্ৰুগড়ৰ ভূমিৰ পৰা ৰাজ্যৰ ভাগ্য আৰু ভৱিষ্যতৰ সৈতে জড়িত বিষয়ত বিতর্ক আৰু আলোচনাৰ জৰিয়তে নতুন সিদ্ধান্ত লৈ ৰূপান্তৰৰ পথেৰে অসম আগুৱাই যাব। ড° শর্মাই লগতে উল্লেখ কৰে যে ডিব্ৰুগড়ত গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ এক ‘চার্কিট বেঞ্চ’ স্থাপনৰ বাবে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অনুৰোধ জনোৱা হৈছে। মুখ্যমন্ত্রীয়ে কয় যে ডিব্ৰুগড়ৰ পৰা অসমৰ প্ৰশাসনিক আৰু যোগাযোগৰ আন্তঃগাঁথনিৰ ভেটি প্রতিষ্ঠা হৈছিল। তদুপৰি অসমৰ ঔদ্যোগিক বিকাশৰো আৰম্ভণি ঘটিছিল ডিব্ৰুগড়ৰ পৰা। যি সামগ্রিকভাৱে অসমৰ বিকাশত গুৰুত্বপূর্ণ প্রভাৱ পেলাইছিল। কিন্তু পূৰ্বৰ বিৰোধী দলৰ চৰকাৰৰ অমনোযোগিতা, অবহেলা আৰু অপশাসনৰ বাবে ৰাজ্যৰ ঔদ্যোগিক বিকাশ স্থবিৰ হৈছিল, যাৰ ফলত অর্থনৈতিক দিশত গুৰুতৰ সমস্যাই দেখা দিছিল। তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দৰ্শন, আদর্শ আৰু অর্থনৈতিক দূৰদৃষ্টিৰে আজি অসমখন আগুৱাই গৈছে আৰু ফলত ৰাজ্যখনে অর্থনৈতিক পুনৰ জাগৰণৰ নতুন অধ্যায় মুকলি কৰিবলৈ সক্ষম হৈছে। তেওঁ কয় যে ভাৰতীয় বিজার্ভ বেংকৰ তথ্য অনুসৰি যোৱা পাঁচ বছৰত অসমৰ অর্থনীতিয়ে ভাৰতৰ সৰ্বাধিক দ্রুতগতিত বৃদ্ধি পোৱা ৰাজ্যিক অর্থনীতি হিচাপে আত্মপ্রকাশ কৰিছে। তদুপৰি মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনো দ্রুতগতিত বৃদ্ধি হৈ এটা দশকৰো কম সময়ৰ ভিতৰত ৰাজ্যখনৰ অৰ্থনীতিৰ আকাৰ প্ৰায় তিনিগুণলৈ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে যোৱা বছৰ ফেব্ৰুৱাৰী মাহত ৰাজ্যত আয়োজিত এডভান্টেজ আছাম ২.০ শীর্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সম্মিলনত অসমে প্রায় পাঁচ লাখ কোটিৰো অধিক টকাৰ বিনিয়োগৰ প্রতিশ্রুতি লাভ কৰিছিল আৰু ইতিমধ্যে প্রায় তিনিলাখ কোটি টকাৰ প্ৰকল্প কাৰ্যকৰী হোৱাৰ পথত আগবাঢ়িছে। এনে এখন উজ্জীৱিত অসমৰ প্রতিনিধি হিচাপে যোৱা ২০ ৰ পৰা ২২ জানুৱাৰীলৈ ছুইজাৰলেণ্ডৰ ডাভোছত দেশক প্রতিনিধিত্ব কৰি ২০২৬ বৰ্ষৰ বৰ্ল্ড ইকনমিক ফ’ৰামৰ বাৰ্ষিক বৈঠকত তেওঁ উপস্থিত থকাৰ কথা ব্যক্ত কৰি কয় যে এই বৈঠকৰ জৰিয়তে অসমে প্রায় ডেৰ লাখ কোটি টকা নতুন বিনিয়োগৰ প্রতিশ্রুতি লাভ কৰিছে।অসমৰ বিকাশৰ সৈতে কেবল আন্তঃগাঁথনি নিৰ্মাণৰ কথা জড়িত নাই বুলি মন্তব্য কৰি তেওঁ কয় যে ইয়াৰ সৈতে অসমৰ পৰিচয়ো গভীৰভাবে জড়িত হৈ আছে। পূর্ববংগীয় লোকসকলৰ অনুপ্রবেশে অসমৰ জনগাঁথনিত ব্যাপক প্রভাৱ পেলাইছে বুলি উল্লেখ কৰি তেওঁ কয় যে ২০২৭ চনত হ’বলগীয়া লোকগণনাৰ সৈতে ২০১১ চনৰ লোকগণনা তুলনা কৰিলে ৰাজ্যত পূর্ববংগীয় লোকৰ সংখ্যা ৪০ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আজি ৰাজ্যৰ ১২ খন জিলা হিন্দু লোক সংখ্যালঘূত পৰিণত হৈছে। অসমৰ ৬৩.৮৮ লাখ বিঘা ভূমি অচিনাকী লোকৰ বেদখলত পৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে পূৰ্বৰ কোনো চৰকাৰে এই বেদখল উচ্ছেদৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্রহণ নকৰিলে। কিন্তু ২০২১ চনৰ পৰা ৰাজ্য চৰকাৰে ছিপাঝাৰৰ গৰুখুঁটি, বুঢ়াচাপৰি বণ্যপ্রাণী অভয়াৰণ্য, লামডিং, পবা, পাইকান, ৰেংমা, দৈয়াং আৰু দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলকে ধৰি বিভিন্ন বেদখলকৃত ভূমিত উচ্ছেদ অভিযান চলাই ডেৰ লাখ বিঘাতকৈ অধিক ভূমি বেদখলমুক্ত কৰিছে। এনেদৰে বটদ্ৰৱাৰ বেদখলমুক্ত ভূমিত ৰাজ্য চৰকাৰে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আবির্ভার ক্ষেত্র নিৰ্মাণ কৰিছে বুলি তেওঁ কয়। ৰাজ্যৰ পৰা অনুপ্ৰৱেশকাৰী বহিষ্কাৰৰ বাবে ১৯৫০ চনতে প্রণয়ন কৰা বিদেশী বহিষ্কাৰ কৰা ‘প্ৰব্ৰজন (অসমৰ পৰা বহিস্কৰণ) আইন, ১৯৫০’ খনক উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ ন্যায্যতা প্ৰদান কৰাৰ পিছৰে পৰা ৰাজ্য চৰকাৰে সক্ৰিয়তাৰে ইয়াক কাৰ্যকৰী কৰিছে। বিদেশীক অসমৰ সীমাৰ বাহিৰ কৰি খেদিওৱাৰ ক্ষেত্ৰত জিলা আযুক্তসকলক ৰাজ্য চৰকাৰে অভাৱনীয় ক্ষমতা প্রদান কৰিছে বুলিও তেওঁ কয়। অসম আন্দোলন বিদেশী অনুপ্ৰৱেশকাৰীৰ পৰা অসমখন মুক্ত কৰি ৰাজ্যৰ স্বাভিমান, ভাষা-কৃষ্টি-সংস্কৃতি আৰু ঐতিহ্য সুৰক্ষিত কৰাৰ মহান সংগ্রাম আছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড’ শর্মাই কয়যে এই আন্দোলনত আত্মবলিদান দিয়া ৮৬০ গৰাকী ছহিদৰ স্মৃতি চিৰযুগমীয়া কৰিবলৈ অসম চৰকাৰে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ ডেৰশ বিঘা ভূমিত ছহিদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰিলে। আনহাতে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ ছহিদৰ প্রতি শ্রদ্ধা তর্পণ কৰি তেওঁলোকক ৰাষ্ট্ৰীয় মর্যাদা দিলে। তেওঁ কয় যে ৰাজ্যৰ ভূমিহীন খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ দিশত অসম চৰকাৰে বলিষ্ঠতাৰে পদক্ষেপ লৈ প্রায় ৪.১৫ লাখ বিঘা ভূমি বন্দ দিবলৈ সক্ষম হৈছে। ৰাজ্য চৰকাৰে বহুকেইটা সুদূৰপ্ৰসাৰী পদক্ষেপৰ ৰূপায়ণ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বাল্য বিবাহ ৰোধৰ পিছত এতিয়া বহু বিবাহ ৰোধৰ উদ্দেশ্যে অসম বিধানসভাত এখন ঐতিহাসিক আইন প্রণয়ন কৰিবলৈ সক্ষম হৈছে। বিকাশৰ সৈতে জাতীয় অস্তিত্ব আৰু কলা-সংস্কৃতি গভীৰভাৱে জড়িত হৈ আছে বুলি মন্তব্য কৰি তেওঁ কয় যে ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰৰ যৌথ সহযোগিতাৰ ফলস্বৰূপে চৰাইদেউৰ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাৰ উপৰি অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মর্যাদা লাভ কৰিলে। তদুপৰি এনচিইআৰটিৰ পাঠ্যক্ৰমত মহাবীৰ লাচিতৰ পাঠ অন্তর্ভুক্ত হ’ল তথা যোৰহাটৰ হোলোঙাপাৰত ১২৫ ফুট উচ্চতাৰ লাচিতৰ প্রতিমূর্তিও স্থাপন কৰা হ’ল। ইয়াৰ লগতে বাপতিসাহোন বিহু, চাহ জনজাতিৰ প্রতীক ঝুমইৰ আৰু বড়ো সংস্কৃতিৰ অপূর্ব নিদর্শন বাগুৰুমবাক বিশ্ব দৰবাৰলৈ লৈ যাবলৈ ৰাজ্য চৰকাৰ সক্ষম হ’ল। যোৱা পাঁচ বছৰত ৰাজ্য চৰকাৰে গঁড়ৰ চোৰাংচিকাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ সক্ষম হ’ল বুলিও তেওঁ মন্তব্য কবে।ঔদ্যোগিক ক্ষেত্ৰত অসমৰ চমকপ্রদ উত্থান হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে নুমলীগড়ত দেশৰ প্রথমটো বায়’ ইথানল প্লান্ট মুকলি হোৱাৰ উপৰি নামৰূপত ১০ হাজাৰ কোটিৰো অধিক টকা ব্যয়েৰে সাৰ কাৰখানাৰ চতুৰ্থটো গোট নিৰ্মাণৰ শিলান্যাস কৰা হৈছে। ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত জাগীৰোডত স্থাপন কৰা উদ্যোগটোৰ পৰা ছমাহমানৰ পিছতে চিপ উৎপাদন হ’ব আৰু অসম চিপ বপ্তানিৰ কেন্দ্রলৈ ৰূপান্তৰিত হ’ব। পথ যোগাযোগ ক্ষেত্রত যুগান্তকাৰী পৰিবৰ্তন হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ২০১৬ চনৰ পিছত ধলা- শদিয়া দলং, বগীবিল দলং, শৰাইঘাটৰ নতুন দলং আৰু কলিয়াভোমোৰাৰ নতুন দলঙৰ মুকলি হোৱাৰ উপৰি বর্তমান আন চাৰিখন দলং ব্রহ্মহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে। তেওঁ লগতে কয় যে শীঘ্রে ব্ৰহ্মপুত্ৰৰ তলেৰে নুমলীগড়- গহপুৰ সংযোগী সুৰংগ পথ নিৰ্মাণৰ বাবেও কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাব। তদুপৰি কাজিৰঙাত ৩৫ কিলোমিটাৰ দীঘল এলিভেটেড কৰিডৰৰ ইতিমধ্যে শিলান্যাস কৰা হৈছে। মুখ্যমন্ত্রীয়ে কয় যে প্রায় দুবছৰৰ ভিতৰত এই এলিভেটেড কৰিডৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব আৰু ইয়াৰ ফলত ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজৰ দূৰত্ব এক ঘণ্টা হ্রাস পাব। তেওঁ লগতে ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজত তথা গুৱাহাটী আৰু শিলিগুৰিৰ মাজত এক্সপ্ৰেছ কৰিডৰ নিৰ্মাণৰ পৰিকল্পনাৰ কথাও ব্যক্ত কৰে। ড° শৰ্মাই কয় যে ডিব্রুগড়- গুৱাহাটী এক্সপ্ৰেছ কৰিডৰ নিৰ্মাণ হ’লে দুয়োখন ঠাইৰ মাজৰ দূৰত্ব প্রায় চাৰি ঘণ্টালৈকে হ্রাস পাব। তেওঁ কয় যে নির্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথৰ কাম প্রায় সম্পূর্ণ হৈছে আৰু মৰাণত ৰাষ্ট্ৰীয় ঘাইপথত জৰুৰীকালীন অৱতৰণৰ যি ব্যৱস্থা নিৰ্মাণ কৰা হৈছে তাত বিমানেৰে অৱতৰণ কৰিবলৈ প্রধানমন্ত্রীক নিমন্ত্রণ জনোৱা হৈছে। প্রতিখন জিলাতে চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু অভিযান্ত্রিক মহাবিদ্যালয় নির্মাণৰ সপোন দেখা আগশাৰীৰ ৰাজ্য হিচাপে অসমে বিকাশ আৰু অস্তিত্ব ৰক্ষাৰ সমান্তৰালভাৱে যুৱ প্ৰজন্মৰ আশা-আকাংক্ষা বাস্তৱায়িত কৰাৰ দিশত নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে বুলি তেওঁ কয়। নিৰ্বাচনৰ সময়ত ৰাজ্যত ১ লাখ চৰকাৰী চাকৰি প্ৰদানৰ প্রতিশ্রুতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই প্রতিশ্রুতি অতিক্রম কৰি অসম চৰকাৰে সম্পূর্ণ নিকা আৰু স্বচ্ছতাৰ ভিত্তিত ১.৫৬ লাখৰো অধিক যুৱক-যুৱতীক নিযুক্তি প্রদান কৰিলে তথা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু কেইবা হাজাৰো নিযুক্তি প্রদান কৰা হ’ব। যুৱচামৰ উদ্যমিতা বিকাশৰ বাবে ৰূপায়ণ কৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানে উদ্যমিতাক নতুন গতি দিছে বুলি মন্তব্য কৰি তেওঁ কয় যে অহা ফেব্ৰুৱাৰী মাহত ১ লাখ যুৱ উদ্যমীক বেংকৰ ঋণ নোহোৱাকৈ ২ ৰ পৰা ৫ লাখ টকালৈকে আর্থিক সাহায্য আগবঢ়োৱা হ’ব। অসমত ষ্টার্টআপ ক্ষেত্রখন অধিক সবল কৰিবলৈ ৰাজ্যৰ অভিযান্ত্রিক মহাবিদ্যালয়সমূহত স্টার্টআপ ইনকিউবেশ্যন চেন্টাৰ নিৰ্মাণৰ লক্ষ্য লৈছে বুলিও তেওঁ কয়।
