ডিব্ৰুগড়ত দুৰ্ঘটনাত আহত অইলভেলী স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ দীপ শ্ৰেষ্ঠৰ মৃত্যু
এম্ হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ইংৰাজী ১০ মাৰ্চ তাৰিখে স্কুটি দুৰ্ঘটনাত আহত হোৱা ডিব্ৰুগড়ৰ অইল ভেলী স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ দীপ শ্ৰেষ্ঠৰ ১৫ মাৰ্চত মৃত্যু হয়। ছাত্ৰ গৰাকীয়ে অসম চিকিৎসা মহাবিদ্যালয়ত যোৱা ০৬ দিন ধৰি চিকিৎসাধীন হৈ মৃত্যুৰ স’তে যুঁজি যুঁজি শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১৪ বছৰ ৩ মাহ। ডিব্ৰুগড়ৰ বাণীপুৰ বঙালগাওঁ নিবাসী অইলভেলী স্কুলৰ মেধাবী ছাত্ৰ দীপ শ্ৰেষ্ঠৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে। কালি অনেক গুণমুগ্ধৰ উপস্থিতিত দীপৰ শেষ কৃত সম্পন্ন কৰা হয়। উল্লেখযোগ্য যে একে ঘৰৰে দুজন ভাই ককাই স্কুটিৰে গাঁৱৰে এঘৰ মানুহৰ ঘৰত থকা সৰু কেট’ল লোহা দলং এখনত খুন্দা মৰাত গুৰুতৰ ভাৱে আঘাপ্ৰাপ্ত হয় আৰু লগে লগে চিকিৎসালয়লৈ লৈ যায় যদিও দীপ শ্ৰেষ্ঠৰ মৃত্যু হয় আৰু ককায়েক শিৱ প্ৰসাদ শ্ৰেষ্ঠ গুৰুতৰ ভাৱে আঘাটপ্ৰাপ্ত হয়। বৰ্তমানে ককায়েক জনো চিকিৎসাধীন হৈ আছে। দীপ শ্ৰেষ্ঠৰ দেউতাকৰ নাম মিন প্ৰসাদ শ্ৰেষ্ঠ আৰু মাতৃৰ নাম অনু প্ৰধান শ্ৰেষ্ঠ।