ডিব্ৰুগড়ত দুদিনীয়াকৈ মানকটা শাখা সাহিত্য সভাৰ ৰূপালী জয়ন্তীৰ প্ৰস্তুতি
এম হাছিম আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- বিনোদন আৰু বৌদ্ধিক চিন্তাৰে ডিব্ৰুগড় জিলাৰ মানকটা অঞ্চলৰ চুকে-কোণে সাহিত্য চর্চাত ৰত হোৱা লেখক- লেখিকা, সাহিত্যানুৰাগীৰ মাজত সমন্বয় সাধন আৰু নৱপ্ৰজন্মৰ লগতে সকলো বৃত্তিৰ লোকৰ মাজত ” চিৰ চেনেহী ভাষা জননীৰ” প্রতি অনুৰাগ সৃষ্টি আৰু বৃদ্ধিৰ উদ্দেশ্য আগত ৰাখি গঠন হোৱা মানকটা শাখা সাহিত্য সভাই অহা ২১ আৰু ২২ ডিচেম্বৰত দুদিনীয়াকৈ ৰূপালী জয়ন্তী উদ্যাপন কৰিব। ডিব্ৰুগড় জিলা সাহিত্য সভাৰ অন্তগৰ্ত মানকটা শাখা সাহিত্য সভাৰ জনমুখী যাত্রা সফল কৰাৰ বাবে মানকটা টেপৰ গাঁওস্থিত মোহিতা দত্ত প্ৰাথমিক বিদ্যালয়ত মানকটা শাখা সাহিত্য সভাৰ উপদেষ্টা তথা ডিব্ৰুগড় জিলা সভাৰ প্ৰকাশন সচিব প্ৰশান্ত শইকীয়াৰ সভাপতিত্বত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি নোমল চন্দ্ৰ গগৈ, মানকটা শাখা সভাৰ উপদেষ্টা অণিমা কোঁচ গগৈ, সভাপতি পোনা সোনোৱাল, ‘চিফুঙ’ৰ কাৰ্যবাহী সম্পাদক তথা শাখা সভাৰ সাংগঠনিক সম্পাদক কুশল কোঁৱৰৰ লগতে বিষয়ববীয়া, আজীৱন সদস্য আৰু মানকটা ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত তোষেশ্বৰ সোনোৱালক সভাপতি, প্ৰশান্ত শইকীয়াক কাৰ্যকৰী সভাপতি আৰু কুসুম সোনোৱাল শইকীয়াক সম্পাদক হিচাপে লৈ এখনি শক্তিশালী আদৰণী সমিতি গঠন কৰা হয়। এই অনুষ্ঠানতে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃৰ্তী ছাত্ৰ-ছাত্ৰীক গামোচা, কিতাপ আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। ৰঙালী বিহু উপলক্ষে ৰামধেনুৰ অনুষ্ঠানো অনুষ্ঠিত কৰা হয়। সভাৰ আৰম্ভনিতে ‘চিৰ চেনেহী মোৰ ভাষা জননী’ গীত পৰিৱেশনেৰে শুভাৰম্ভ কৰা হয়। মানকটা শাখা সাহিত্য সভাৰ ৰূপালী জয়ন্তী বৰ্ষ অধিৱেশন উদযাপন উপলক্ষে হোৱা ৰাজহুৱা সভাত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱসৰ দিনটোত তেখেতৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মানকটা শাখা সাহিত্য সভাৰ সভাপতি পোনা সোনোৱালে। অনুষ্ঠানৰ সকলো কাৰ্যসূচীতে সাহিত্য প্ৰেমী ৰাইজৰ উপস্থিতি তথা সহযোগিতা কামনা কৰিছে মানকটা শাখা সাহিত্য সভাৰ সম্পাদক নৱনীতা শ্যামে।