ডিব্ৰুগড়ত থানাৰ ভিতৰতে ডিঙি কাটি আত্মহত্যাৰ চেষ্টা উৰিষ্যাৰ পলাতক প্ৰশান্ত পালৰ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ ট্ৰেডিঙৰ ভয়াবহ ঘটনা ডিব্ৰুগড়ত সংঘটিত হৈছে। ট্ৰেডিঙৰ ধন ঘূৰাই দিব নোৱাৰি ডিব্ৰুগড়ৰ বৰবাৰী আৰক্ষী চকীত আচামীয়ে নিজেই ডিঙি কাটি আত্মহত্যাৰ চেষ্টা কৰিছিল উৰিষ্যাৰ পলাতক প্ৰশান্ত পালে। ট্ৰেডিংৰ লোভনীয় ধন ঘূৰাই দিব নোৱাৰি ডিব্ৰুগড়ৰ পল্টন বজাৰত থকা বৰবাৰী থানাত উৰিষ্যাৰ প্ৰশান্ত পাল নামৰ ব্যক্তিজনে ডিব্ৰুগড়ত সংঘটিত কৰিলে এই আজব ঘটনা। উল্লেখযোগ্য যে উৰিষ্যাৰ কটক থানাত জানুৱাৰী মাহত পঞ্জীয়ন হোৱা এক গোচৰত অভিযুক্ত হৈ প্ৰশান্ত পালে প্ৰথমে কলকতা, তাৰ পাছত গুৱাহাটীত আত্মগোপন কৰি আছিল আৰু পিছত পলায়ন কৰি আহি ডিব্ৰুগড়ৰ পল্টন বজাৰত থকা পাকিজা ল’জ হোটেলত বিগত তিনি মাহে আত্মগোপন কৰি আছিল। নিজকে জিঅ’ চাৰ্ভিচত কৰ্মৰত বুলি ভুৱা পৰিচয় দি আত্মগোপন কৰি আছিল প্ৰশান্ত পালে।পালে ট্ৰেডিঙৰ এপ খুলি বিভিন্নজনৰ পৰা ধন সৰকাই লৈ দুগুণ কৰাৰ প্ৰতিশ্ৰুতি দি ঘূৰাই দিব পৰা নাছিল, যাৰ বাবে বহুদিন ধৰি পলাই ফুৰিছিল। আজি (১৭-৯-২৫) ডিব্ৰুগড়ৰ বৰবাৰী আৰক্ষীৰ সহযোগত উৰিষ্যাৰ পৰা অহা এটি আৰক্ষীৰ দলে পাকিজা ল’জ হোটেলৰ পৰা আটক কৰাৰ পাছত বৰবাৰী আৰক্ষী চকীত প্ৰশান্ত পালক লৈ যোৱা হয়, । আৰক্ষী থানাত ইমান পইচালৈ দিব নোৱাৰো বুলি কৈ কাঁচ ভাঙি নিজৰ ডিঙিত কাটি লয় আৰু ৰক্তাত্ত হৈ পৰাত অসম চিকিৎসা মহাবিদ্যালয় হস্পাতালৰ কেজ্যুৱেলটি বিভাগত ভৰ্ত্তি কৰা হয় আৰু বৰ্তমানে চিকিৎসাধীন হৈ আছে।