ডিব্ৰুগড়ত তিনিদিনীয়াকৈ ‘মঞ্চৰূপা’ৰ সুধাকণ্ঠৰ স্মৃতি দিৱস উদ্যাপন :গণ সংগীতত অংশগ্ৰহণ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ অন্যতম সামাজিক- সাংস্কৃতিক অনুষ্ঠান ‘মঞ্চৰূপা’ই ৩, ৪ আৰু ৫ নৱেম্বৰত তিনিদিনীয়া ভিন্ন কাৰ্যসূচীৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ পুণ্যতিথি উদযাপন কৰে৷ কাৰ্যসূচী মতে প্ৰথম দিনা, জিলা প্ৰশাসনৰ যুটীয়া উদ্যোগত চৌহদত থকা সুধাকণ্ঠৰ প্ৰতিমূৰ্ত্তি প্ৰাঙ্গণকে ধৰি নগৰ আৰু সমীপ অঞ্চলৰ একাধিক স্থানত থকা সুধাকণ্ঠৰ স্মৃতিচিহ্ন পৰিদৰ্শন কৰি পৰিচ্ছন্নতাৰ দিশত শ্ৰমদান কৰা হয়৷ দ্বিতীয় দিনা ৪ নবেম্বৰত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ যুটীয়া উদ্যোগত ‘মঞ্চৰূপা’ই অনুষ্ঠিত কৰে সাংস্কৃতিক সন্ধিয়া— ‘সুধাকণ্ঠ প্ৰণামো তোমাক’৷ এই অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই৷ মঞ্চ উদ্বোধন কৰে প্ৰবীন অভিনেত্ৰী তথা নৃত্যাঙ্গনা ৰঞ্জনা শৰ্মা বৰদলৈয়ে৷ শিল্পী ৰিণি শৰ্মাৰ কণ্ঠৰ সুধাকণ্ঠৰ এট অমৰ গীত মুকলি কৰে গুৱাহাটীস্থিত ‘জ্যোতি চিত্ৰবন’ৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰে৷ মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলে পৰিৱেশন কৰা উদ্বোধনী গীতৰ পিছতে প্ৰবীন শিল্পী নিলীমা বৰদলৈ, ৰূপনন্দা দত্ত,ড° সুৰজিত বৰকটকী, ইমন সৌৰভ বৰুৱা, তৃষা দৰ্শী গগৈ, ননীমাধৱ বৰকটকী, মামণি বৰকটকীৰ লগতে ছাত্ৰছাত্ৰী সকলৰ বিভিন্ন গীত আৰু নৃত্য উপভোগ্য হৈছিল৷ লাকী চাংকাকতিৰ স্বৰচিত কবিতা পাঠ আৰু চৈয়দা মাচহুদা ৰহমানৰ সুধাকণ্ঠ ৰচিত কবিতা আবৃত্তিয়ে বিশেষ মাত্ৰা প্ৰদান কৰে৷ ৫ নৱেম্বৰৰ সামৰণি কাৰ্যসূচীত ‘মঞ্চৰূপা’ই আগবঢ়ায় ‘গণ-সঙ্গীত’ৰ অনুষ্ঠান৷ প্ৰথমে বৃহত্তৰ বৰপথাৰৰ যুৱ সংঘ, নাট্য সমাজ, শাখা সাহিত্য সভাকে ধৰি বহুকেইটা অনুষ্ঠানৰ সতে সমস্বৰে পৰিৱেশন কৰে ‘মানুহে মানুহৰ বাবে’৷ তাৰ পিছতেই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত থকা সুধাকণ্ঠৰ প্ৰতিমূর্তিত ‘গণ-সঙ্গীত’ৰ অনুষ্ঠানৰ বন্তি প্ৰজ্বালন কৰি ‘মঞ্চৰূপা’ৰ শিল্পীবৃন্দৰ সতে দুটিকৈ গণ-সঙ্গীতত অংশ গ্ৰহণ কৰে জিলা আয়ুক্ত বিক্ৰম কৈৰী৷ মিলন নগৰৰ ‘তুলসী গাঁৱ“ৰ শতাধিক ৰাইজৰ উপস্থিতিত ‘মঞ্চৰূপা’ৰ গণ-সঙ্গীতৰ কাৰ্যসূচীৰ শুভ সমাপন কৰা হয়৷ উল্লেখযোগ্য যে, ১৯৫৭ চনত ড° ভূপেন হাজৰিকাই তেখেতৰ সতীৰ্থ ডিব্ৰুগড়ৰ শিল্পী হাচান ছৰিফ আহমদৰ সৈতে ডিব্ৰুগড়ত ‘মঞ্চৰূপা’ই প্ৰতিষ্ঠা লাভ কৰিছিল৷ মঞ্চৰূপাৰ সভাপতি চন্দন পাঠক, সম্পাদক লাকি চাংকাকতি, কাৰ্যকৰী সভাপতি বলিন্দ্ৰ নাথ বৰদলৈ, মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি প্ৰাঞ্জল তাঁতী আৰু সম্পাদক চিন্ময় কলিতাই তিনিদিনীয়া কাৰ্যসূচী সফল কৰি তোলাৰ বাবে ৰাইজে কৃতজ্ঞতা জ্ঞাপন কৰে৷ সমগ্ৰ অনুষ্ঠান লানি পৰিচালনা কৰে ‘মঞ্চৰূপা’ৰ সাংস্কৃতিক সম্পাদক শিল্পী হাচান ইকবালে৷