ডিব্ৰুগড়ত ঢোল-পেপাঁ গগণাৰ মাতত মুখৰিত পৰিবেশ

ডিব্ৰুগড়ত ঢোল-পেপাঁ গগণাৰ মাতত মুখৰিত পৰিবেশ:: ২৯ মাৰ্চলৈ আখৰা

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- বিহুনাম আৰু ঢোলৰ গোম- গোমণি, নাচনীৰ গিৰিপনীত মুখৰিত ডিব্ৰুগড় সাহিত্য সভাৰ বাকৰি।বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব, ডিব্ৰুগড় সাহিত্য সভা,নৃত্যাংগণ কলা কেন্দ্ৰ আৰু মুৰ্চনা সংগীত বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা আঠদিনী‌য়া বিহু আখৰা আজিৰে পৰা আৰম্ভ হৈছে।বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক তথা ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে আঁত ধৰা অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়া ৰজত সেনে। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত জিলা তথ্য আৰু জনসংযোগ বিষয়া গৰাকীয়ে কয় যে, সংবাদ ক্ষেত্ৰৰ সৈতে জড়িত থকাৰ লগতে নিৰ্বাচনী ব্যস্ততাৰ মাজতো সাংবাদিকৰ অনুষ্ঠানটোৱে নিজৰ কৃষ্টি সংস্কৃতি শুদ্ধ আৰু সঠিক ৰূপত পৰিবেশন কৰাৰ বাবে এনেদৰে লোৱা পদক্ষেপ অতি আদৰণীয়। আদৰণি ভাষণত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি, জ্যেষ্ঠ সাংবাদিক তথা অসম আদিত্য কাকতৰ সম্পাদক মনজিৎ বৰাই খোৱাংৰ পৰা ডিকমলৈকে কৰ্মৰত সাংবাদিক সকলকলৈ গঠিত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে বিভিন্ন সময়ত সামাজিক, সাংস্কৃতিক, ক্ৰীড়া আৰু শৈক্ষিক আদি বিভিন্ন কাৰ্যসূচী গ্ৰহণেৰে সমাজ জীৱনলৈ এক বাৰ্তা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা বিষয়ে উল্লেখ কৰি উঠি অহা নৱ প্ৰজন্মক নিজৰ কৃষ্টি, নিজৰ সংস্কৃতি শুদ্ধ তথা পৰিশিলিত ৰূপত শিকাৰ বাবে আগবঢ়াই অনা বাবে অভিভাৱক সকলক ধন্যবাদ জ্ঞাপন কৰে। নিজৰ ভাষা লগতে নিজৰ কৃষ্টি সংস্কৃতিয়ে জাতিটোক আগবঢ়াই নিয়ে বুলি উল্লেখ কৰে তেওঁ। উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট গল্পকাৰ জ্যোতি বৰগোহাঁই উপস্থিত থাকি আয়োজন কৰা বিহুৰ আখৰাত অংশগ্ৰহণকাৰী সকলক শুভেচ্ছা জ্ঞাপন কৰে। শুভাৰম্ভ অনুষ্ঠানত ডিব্ৰুগড় সাহিত্য সভাৰ উপ- সভাপতি যাদৱ গগৈ, নৃত্যাংগণ কলা কেন্দ্ৰৰ অধ্যক্ষা ৰুবী গগৈ সন্দিকৈ, মূৰ্চনা সংগীত বিদ্যালয়ৰ অধ্যক্ষ বিশিষ্ট অনাতাঁৰ শিল্পী ভূৱন গগৈ উপস্থিত থাকি বক্তব্য ৰাখে। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব, ডিব্ৰুগড় সাহিত্য সভা,নৃত্যাংগণ কলা কেন্দ্ৰ, মূৰ্চনা সংগীত বিদ্যালয়ৰ যৌৰ্থ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত ডিব্ৰুগড় সাহিত্য সভাৰ সহকাৰী সম্পাদক মীনাক্ষী দাস বৰুৱা, পত্ৰিকা সম্পাদক যুৱ লেখক সন্মান প্ৰাপক অৰ্পণা ফুকন দাস, সাংবাদিক যুৱ লেখক সন্মান প্ৰাপক জ্যোতিষ কুমাৰ পাতিৰ, সহকাৰী সম্পাদক মুক্তা মণি হাজৰিকাকে প্ৰমুখ্যে কৰি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সকলো বিষয় ববীয়া, সাংবাদিক, ডিব্ৰুগড় সাহিত্য সভাৰ বিষয়ববীয়া সকল উপস্থিত থাকে।অহা ২৯ মাৰ্চলৈকে অনুষ্ঠিত হ’ব লগা বিহু আৰু বিহু নামৰ আখৰাত অসমৰ এটা জনপ্ৰিয় বিহু দল ৰ‍ং বসন্ত বিহু দলে বাদ্য সংগত কৰা বিহু আখৰা শিবিৰত ভাৱনা গগৈ,আবৃতা লিজা পাঠক, অনাতাঁৰ শিল্পী ভূৱন গগৈ, বৰ বিহুৱতী ৰুবী গগৈ সন্দিকৈ, বিহুৱা বিতোপন দাস,কন সোনোৱাল, ৰক্তিম বৰগোহাঁইয়ে সমল ব্যক্তি হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰিব।