ডিব্ৰুগড়ত ‘ডিবৰুৰ চিনাকি চোতাল’ আৰু ‘মুকলি পুথিভঁৰাল’ৰ শুভাৰম্ভ বিজ্ঞানী ড০ পৰমানন্দ মহন্ত
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি ৮ চেপ্তেম্বৰত ডিব্ৰুগড় খনিকৰ চাৰিআলিত মুকলি কৰা হয় ‘ডিবৰুৰ চিনাকি চোতাল’ নামৰ গীত, নৃত্য, আবৃত্তি, অভিনয়, আলোচনা আদি কৰিবপৰা এটি মুক্ত চৌহদ আৰু মুকলি পুথিভঁৰাল। প্ৰায় অৰ্ধ শতাধিক লোকে অংশগ্রহণ কৰিবপৰাকৈ মুক্ত চৌহদটি সাহিত্যিক ড০ নগেন শইকীয়াৰ আশীর্বাদ বাণীৰে শুভাৰম্ভ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, পদাৰ্থ বিজ্ঞানী ড০ পৰমানন্দ মহন্তই। নিজৰ বক্তব্যত তেওঁ এনে অভিনৱ প্ৰচেষ্টাৰ বাবে উদ্যোগতাৰ শলাগ লয়। বিবিধ বিষয়ত, চৰ্চা, অনুশীলন আৰু আলোচনা কৰিবপৰা পৰিৱেশে মানুহক মুকলিকৈ ভাৱ প্ৰকাশ আৰু চৰ্চাৰ সুযোগ দিব বুলি আশা প্ৰকাশ কৰে। মুকলি আড্ডা, অনুশীলন আদি কৰিব পৰা বহু মহৎ চিন্তাৰ উন্মেষ ঘটে বুলিও তেওঁ মত ব্যক্ত কৰে। এনে পৰিৱেশ ডিব্ৰুগড়ত প্ৰথম হ’ব যদিও ৰাজ্যৰ বাহিৰত আৰু বিদেশত এনে আয়োজনৰ অভিজ্ঞতা আছে বুলি ড০ মহন্তই জানিবলৈ দিয়ে লগতে তেওঁ কয় যে এই পুথিভঁৰালটোৱে সকলো মানুহে কাৰোপৰা অনুমতি নোলোৱাকৈ গ্ৰন্থ অধ্যয়ন কৰিব পাৰিব বুলি কোৱাৰ লগতে আনুষ্ঠানিক ভাৱে মুকলি কৰাৰ কথা ঘোষণা কৰে। পাঠকৰ প্ৰতি আস্থা ৰাখিলে পাঠক তথা সৰ্বসাধাৰণৰ মাজত গ্ৰন্থ অধ্যয়নৰ ইচ্ছা বৃদ্ধি পাব বুলিও তেওঁ আশা প্ৰকাশ কৰে। ড০ পৰমানন্দ মহন্তই মুকলি পুথিভঁৰাললৈ গ্ৰন্থৰ টোপোলাও উপহাৰ হিচাপে আগবঢ়ায়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বিশিষ্ট মেণ্ডলিনবাদক শিল্পী পদুম বৰগোহাঁয়ে প্ৰায় আঢ়ৈ ঘণ্টা জুৰি ড০ ভূপেন হাজৰিকাৰ সুৰ-সংগীত মেণ্ডলিনত পৰিৱেশন কৰে। তেওঁক সহযোগ কৰে গীটাৰবাদক দেৱজিত গগৈয়ে। অনুষ্ঠানটিত যুৱ প্ৰতিভা নভিষ্ঠা তিতাৰী, মৌচেং গগৈয়ে ভূপেন হাজৰিকাৰ গীত আৰু ধৰিত্ৰী লাহন, পৰাণ বৰঠাকুৰে কবিতা পাঠ কৰে। অনুষ্ঠানত দৰ্শক অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কবি চেনীৰাম গগৈ, নিৰোদ গোহাঁই, ৰঞ্জিত বৰুৱা, বৰষা গগৈ, আকাশবাণীৰ অৱসৰৰী ভূপেন গগৈ, পৰশা কোঁৱৰ, জিন্টু চেতিয়া, লেখক ভূষণ জ্যোতি সন্দিকৈ, সুমন দত্ত, যাদৱ গগৈ, প্ৰাঞ্জল পাত্ৰ , এম হাছিম আলী ,জিতা হাজৰিকা, চিটি মহাবিদ্যালয়ৰ অধ্যক্ষ সঞ্জীৱানন্দ বৰগোহাঁই, পৰিৱেশ কৰ্মী টিকেন্দ্ৰজিৎ গগৈ, নকুল খাউণ্ড, সৌমেন্দ্ৰ শইকীয়া, চিত্ৰশিল্পী দেৱকৃষ্ণ বৰুৱা, সামাজিক কৰ্মী পান্না ভৰালী,অৰ্পনা বড়া আদিকে ধৰি তিনি শতাধিক লোকে। কাৰ্যসূচীত পেইম থি গোহাঁয়ে নিজৰ সংৰক্ষণত থকা ভূপেন হাজৰিকাৰ বিষয়ে প্ৰকাশ পোৱা প্ৰায় ৪০ খন কাকতৰ সংখ্যা ৰাজহুৱা প্ৰদৰ্শন কৰে। ‘ডিবৰুৰ চিনাকি চোতাল’ত নিয়মিতভাৱে বিভিন্ন অনুষ্ঠান চলি থাকিব বুলি মূল উদ্যোক্তা, বিশিষ্ট লেখক, চিন্তাবিদ পেইম থি গোহাঁই আৰু ড০ গীতিমল্লিকা গগৈয়ে জানিবলৈ দিছে।