ডিব্ৰুগড়ত জুবিন গাৰ্গ উদ্যানৰ দাবীত সজাগতা সভা:: অন্য দেশত গছ নাকাটি পথ নিৰ্মাণ কৰে আৰু আমাৰ দেশত গছ কাটি পথ নিৰ্মাণ -প্ৰাক্তন উপাচাৰ্য ড০ কে কে ডেকা
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- চাহ নগৰী ডিব্ৰুগড়ৰ নগৰ সম্প্ৰসাৰণ আৰু নিৰ্মান কাৰ্য্যৰ ফলত ধ্বংস হৈ গৈছে চাহ বাগিচা সমূহৰ সেউজীয়াখিনি । সম্প্ৰতি বহুতৰ মনত প্ৰশ্ন উঠিছে চাহ নগৰী ডিব্ৰুগড়ৰ পৰিচয় থাকিবগৈনে? ডিব্ৰুগড়ত ইখনৰ পিছত সিখন চাহ বাগিচা ধাৰাবাহিক ভাৱে বিক্রীহৈ গৈ আছে। কাটি পেলোৱা হৈছে বাগিছাক ছাঁ দিয়া গছবোৰ, উভালি পেলোৱা হৈছে ‘এটি কলি দুটি পাত’ৰ জোপোহা চাহ গছবোৰ। মুখ্যমন্ত্ৰীয়ে অসমৰ দ্বিতীয় ৰাজধানী বুলি ডিব্ৰুগড়ক ঘোষণা কৰিলে যদিও আজিও নাই বৃদ্ধ আাৰু শিশুৰ বাবে এখন সেউজ উদ্যান। এই চহৰত এজন সচেতন নাগৰিক হিচাপে ইয়াৰ প্ৰতিবাদ কৰাটো উচিত নহয়নে? ইয়াৰ প্ৰতিবাদ কল্পে আজি ১৪ ফ্ৰেবুৱাৰীত ‘ চাচটেনেবল গ্ৰীন ডিব্ৰুগড়’ৰ সৌজন্যত অনুস্থিত হয় এখন বৃ্হৎ সজাগতা সভা। ইতিমধ্যে ‘ চাচটেনেবল গ্ৰীন ডিব্ৰুগড়’ৰ হৈ বহু কেইটা কাৰ্য্যসূচী হৈ গৈছে। আজি অৰ্থাৎ ১৪ ফ্ৰেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ জেউতি মৰল সংঘত অনুষ্ঠিত হোৱা এই সজাগতাসভালৈ আহিবলৈ আহ্বান কৰা হয় ডিব্ৰুগড় চহৰৰ কেইবাটাও সংগঠনৰ সভাপতি/সম্পাদক তথা সদস্যসকলক লগতে সচেতন নাগৰিকসকলক। এই সভাত উপস্থিত থকা সচেতন লোকসকলক উদেশ্য বাখ্যা কৰে জুৰী বৰা বৰগোহাঞিয়ে। ইয়াৰ পিছতে সভাৰ মূল কাৰ্য্যসূচীত সেউজ ডিব্ৰুগড়ৰ স্বাৰ্থত জনতাক চাহ বাগিচা আাৰু ইয়াৰ সংৰক্ষণৰ বাবে কৰা কামখিনি আৰু আইনী কথাখিনি ব্যক্ত কৰে সুব্ৰত বৰ্মনে। তেওঁ আৰু কয় আমি চাহ বাগিছাসমূহক ৰক্ষা কৰিবই লাগিব।আমাৰ সন্মিলিত দাবী- ডিব্ৰুগড় চৌকিডিঙ্গীস্থিত পশ্চিম জালান চাহ বাগিছাখন অসম চৰকাৰে অধিগ্ৰহণৰ যোগেদি “জুবিন গাৰ্গ আৰ্বান ফৰেষ্ট”নামকৰণেৰে ডিব্ৰুগড়বাসীক এক সেউজ উপহাৰ স্বৰূপে হস্তান্তৰ কৰক। বৰ্মণে সকলোকে এই আন্দোলনত যোগ দিবলৈ আাহ্বান জনায়।সামাজিক মাধ্যমৰ যোগেদি হ’লেও সেউজীয়াখিনিৰ স্বাৰ্থত তেওঁ দাবী ৰাখিবলৈ কয়। এয়া সকলোৰে দায়িত্ব আৰু কৰ্তব্য। এই সজাগতা সভাত প্ৰতিনিধিত্ব কৰা বিভিন্ন সংগঠনেঅংশ গ্ৰহণ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ কন্দৰ্প কুমাৰ ডেকাই এইদৰে মত প্ৰকাশ কৰে যে বেলেগ দেশত দেশত গছ নাকাটি পথ নিৰ্মাণ কৰে কিন্তু আমাৰ ইয়াত সেউজ গছ বননি ধ্বংস কৰি অট্টালিকা আৰু পথ নিৰ্মাণ কৰে। এই সভাখনত উপস্থিত থকা সংগঠনসমূহৰ ওপৰিও প্ৰশান্ত কুমাৰ বৰদলৈ , উত্তম কুমাৰ বৰুৱা, সাহিত্যাচাৰ্য ডঃ কৰবী ডেকা হাজৰিকা, ট্ৰিকেন্দ্ৰজিত গগৈ, অনিল দুৱৰা, ৰেণু ফুকন, সুবৰ্ণ ভূঞা, ভূষণ জ্যোতি সন্দিকৈকৈ আদি কৰি বিশিষ্ট ব্যক্তি উপস্থিত থাকি নিজৰ মন্তব্য আগবঢ়ায়। ইয়াৰ লগতে সকলোৱে চেমিনাৰ সজাগতা সভা আয়োজন কৰিব লাগে বুলি মন্তব্য কৰে। সমাজিক মাধ্যমত এই বিষয়ৰ চৰ্চা আৰম্ভ কৰিবলৈও উপস্থিত সকলোৱে আহ্বান জনায় । মুম্বাইত প্ৰতিষ্ঠিত অৰুণজিত বৰুৱাই মন্তব্য আগবঢ়ায় যে উন্নয়ন মানে ধ্বংস নহয়। সভাখনত সকলো উপস্থিত নাগৰিকে সেউজ ডিব্ৰুগড়ৰ স্বাৰ্থত কাম কৰাৰ প্ৰতি উৎসাহিত হয় আাৰু পৰবৰ্তী সময়ত এই দাবীৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। পৰৱৰ্তী সময়ত এই দাবীৰ সপক্ষে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ ই-মেইল পঠোৱা, সামুহিক চহী সংগ্ৰহ আাদি কাৰ্য্যসূচীৰ কথাও কোৱা হয়। অনুষ্ঠানত ডিব্ৰুগড় নগৰৰ সকলো ৰাইজৰ সহযোগীতা কামনা কৰে। সভাত কেইবাটাও গুৰুত্বপুৰ্ণ প্ৰস্তাৱ লোৱা হয় আৰু পৰৱৰ্ত্তী সময়ত বিভিন্ন কাৰ্য্যসচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
