ডিব্ৰুগড়ত জিলা সমাজকল্যান বিভাগৰ উদ্যোগত “নিচা মুক্ত ভাৰত অভিযান” সন্দৰ্ভত সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন

ডিব্ৰুগড়ত জিলা সমাজকল্যান বিভাগৰ উদ্যোগত “নিচা মুক্ত ভাৰত অভিযান” সন্দৰ্ভত সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় জিলা সমাজকল্যান বিভাগৰ উদ্যোগত তথা ডিব্ৰুগড় জিলা প্ৰশাসন আৰু জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্রৰ সহযোগত “নিচা মুক্ত ভাৰত অভিযান” সন্দৰ্ভত সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰা হয়। ডিব্ৰুগড়ৰ চৌকিডিঙ্গী বজাৰ আৰু ডিব্ৰুগড় পুৰণি ৰে’ল ষ্টেচনত প্ৰদৰ্শন কৰা এই সজাগতামূলক বাটৰ নাটৰ মূল উদ্দেশ্য হৈছে ৰাইজক ড্ৰাগছ তথা আন নিচা জাতীয় সামগ্রীৰ সেৱনৰ ভয়াৱহতাৰ বিষয়ে অৱগত কৰাৰ লগতে প্ৰতিৰোধ আৰু পুনৰ্বাসন সন্দৰ্ভত সজাগতা সৃষ্টি কৰা। ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে সংশ্লিষ্ট বিভাগৰ দ্বাৰা চলাই থকা অভিযানত জনসাধাৰণৰ অংশগ্ৰহণৰ বিষয়ে সজাগতা সৃষ্টিত এই বাটৰ নাট সমূহ যথেষ্ট ফলপ্ৰসূ হৈছে। সমাজকল্যাণ বিভাগৰ দ্বাৰা ২৫-৭-২৪ আয়োজন কৰা এই সজাগতামূলক কাৰ্যসূচীৰ সফল ৰূপায়ণত আৰক্ষী-প্ৰশাসনেও সহযোগিতা আগবঢ়ায়। এই কাৰ্য্যসূচীত জিলা সমাজকল্যান বিভাগৰ গাণনিক বিষয়া পুতুল আলি, বালসেৱিকা দীপা গগৈ, ডিব্ৰুগড় (নগৰীয়া) সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া ইন্দ্ৰানী বৰঠাকুৰ, ইউনিচেফৰ সমন্বয়ক হেমন্ত মোহন প্ৰমূখ্যে সংশ্লিষ্ট বিভাগৰ বিষয়াবৰ্গ আৰু অংগনৱাড়ী কৰ্মীসকল উপস্থিত থাকে।