ডিব্ৰুগড়ত “জিলা সংকল্প: মহিলা সৱলীকৰণ কেন্দ্র” ৰ উদ্যোগত এশদিনীয়াকৈ সজাগতা কাৰ্যসূচী

ডিব্ৰুগড়ত “জিলা সংকল্প: মহিলা সৱলীকৰণ কেন্দ্র” ৰ উদ্যোগত এশদিনীয়াকৈ সজাগতা কাৰ্যসূচী

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্র দেশৰ লগতে ডিব্ৰুগড় জিলাতো মহিলা আৰু শিশু উন্নয়ন বিভাগৰ ,জিলা সংকল্প:মহিলা সবলীকৰণ কেন্দ্রৰ উদ্যোগত তথা ডিব্ৰুগড় জিলা প্রশাসন আৰু বিভিন্ন চৰকাৰী বে-চৰকাৰী অনুষ্ঠানৰ সহযোগত ২১ জুনৰ পৰা ৪ অক্টোবৰলৈকে জিলাখনৰ বিভিন্ন অঞ্চলত এশদিনীয়াকৈ মহিলা, কিশোৰ-কিশোৰী আৰু শিশুৰ উত্তোৰণৰ ক্ষেত্রত বিভিন্ন সজাগতা মূলক কাৰ্যসূচী ৰূপায়ন কৰি থকা হৈছে। এই সজাগতাৰ লগত সংগতি ৰাখি ২৮ জুনত জিলাখনৰ লাহোৱাল আৰু বৰবৰুৱা সংহত শিশু উন্নয়ন প্রকল্পত মিচন শক্তিৰ অধীনত চলি থকা বিভিন্ন আচঁনি সমূহৰ ওপৰত সজাগতা মূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীত পি.এম.এম.ৱাইৰ হিতাধিকাৰীৰ পঞ্জীয়ন, আধাৰ চিডিং, বেংক একাউন্ট খোলা, পি.চি.এণ্ড.পি.এন.দি. টি. আইন, সখী- একক অৱস্থান কেন্দ্র, শক্তি সদন, সখী নিৱাস, মহিলা আৰু শিশুৰ জৰুৰীকালীন সহায়কাৰী ফোন নম্বৰ ইত্যাদি সমূহৰ বহল প্রচাৰৰ ওপৰত কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই কাৰ্যসূচীত লাহোৱাল আৰু বৰবৰুৱা সংহত শিশু উন্নয়ন প্রকল্প বিষয়াদ্বয়, জিলা সংকল্প: মহিলা সৱলীকৰণ কেন্দ্রৰ বিষয়-ববীয়া, পোষণ অভিযানৰ বিষয়-ববীয়া, মুখ্য সেৱিকা, জি.এন.এম, এ.এন.এম, আশা, অংগনৱাডী কৰ্মী, ইণ্ডিয়ান পষ্টেল পেমেণ্ট বেংকৰ বিষয়-ববীয়া, ক্ৰাই (CRY) বে-চৰকাৰী সংস্থাৰ বিষয়-ববীয়া সকল উপস্থিত থাকে।