ডিব্ৰুগড়ত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন: চলিত মাহত পথ দুৰ্ঘটনাত ১৭ জনৰ মৃত্যু 

ডিব্ৰুগড়ত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন: চলিত মাহত পথ দুৰ্ঘটনাত ১৭ জনৰ মৃত্যু 
এম্ হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীৰ সভাপতিত্বত ডিব্ৰুগড় জিলা পথ সুৰক্ষা সমিতিৰ  বৈঠক আজি (৩০-১১-২৪) অনুষ্ঠিত হয়। এই বৈঠকত আৰক্ষী অধীক্ষকগৰাকীয়ে বিগত সময়ছোৱাত জিলাখনৰ বিভিন্ন স্থানত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ কাৰণসমূহৰ বিষয়ে বিতংভাবে পৰ্য্যালোচনা কৰাৰ লগতে জিলাখনত ডিচেম্বৰ মাহটো ‘পথ দুৰ্ঘটনাশূন্য মাহ’ হিচাপে লৈ কাম কৰি দুৰ্ঘটনাশূন্য জিলা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ ল’বপৰা বিভিন্ন পদক্ষেপসমূহৰ  বিষয়ে বিস্তৃতভাবে আলোচনা কৰে। তেওঁ জিলা পৰিবহন বিভাগৰ লগতে আৰক্ষীৰ যান-বাহন শাখাৰ সহযোগত জিলাখনৰ বিভিন্ন স্থানত পথ সুৰক্ষা সম্বন্ধীয় সজাগতামূলক সভা অনুষ্ঠিত কৰাৰ বাবে পথ সুৰক্ষা সমিতিৰ সদস্য ৰতন হাজৰিকাক বিশেষভাবে দায়িত্ব প্ৰদান কৰে। তদুপৰি  পিকনিক স্থলীলৈ যোৱা কোনো যান-বাহনৰ চালকে সুৰাপান কৰি গাড়ী চলোৱা কাৰ্য বন্ধ কৰিবৰ বাবে ‘পিকনিকৰ স্থান’সমূহত সোমোৱা-ওলোৱা পথত কঠোৰভাৱে নিৰীক্ষণ কৰাৰ বাবে সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে।  জিলাখনত চলিত নবেম্বৰ মাহত ১৭ জন লোকৰ অধিকাংশই হেলমেট নিপিন্ধাৰ বাবেই দুৰ্ঘটনাত মৃত্যু হোৱাৰ প্ৰতি লক্ষ্য ৰাখি হেলমেট পৰিধান নকৰা চালকৰ  বিৰুদ্ধেও কঠোৰ হ’বৰ বাবেও আৰক্ষী অধীক্ষক গৰাকীয়ে নিৰ্দেশ দিয়ে। এই বৈঠকত জিলা  মহকুমাধিপতি সদৰ  অৰিজিত মহাজন, সদস্য সচিব  নৃপেন মেধি, জিলা পৰিবহন বিষয়া  হিৰকজ্যোতি ডেকা প্ৰমুখ্যে আৰক্ষীৰ যানবাহন শাখা, আবকাৰী, লোকনিৰ্মাণ (পথ), ৰাষ্ট্ৰীয় ঘাইপথ সংমণ্ডল আৰু স্বাস্থ্য বিভাগৰ লগতে অন্যান্য সংশ্লিষ্ট বিভাগৰ প্ৰতিনিধি  উপস্থিত থাকে।