ডিব্ৰুগড়ত জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মূখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল  গণ প্ৰতিবাদ

ডিব্ৰুগড়ত জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মূখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল  গণ প্ৰতিবাদ
এম হাছিম  আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানপানীত হোৱা ক্ষয় ক্ষতি আৰু অঞ্চল সমূহৰ স্থায়ী সমাধানৰ দাবীত চহৰখনৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা কৰ্মী সকলে।উল্লেখ্যযোগ্য যে ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অধীনৰ (খোৱাং সমষ্টি) লেজাই কলাখোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত ইটাখুলি, ৰঙাগড়া,দিহিং থানগাঁও, বৰদৈবাম, ভকতচুক লগতে টিংখাং সমষ্টিৰ অধীনৰ আঘোণীবাৰী, শলগুৰি, নতুন ভঁৰালী মিচিংগাঁও, চেঁচাবিল, বৰবিল, পানীবুৰা কেন্দুগুৰি, দুলিয়াজান সমষ্টিৰ ১ নং চহৰীকটা, বৰুৱা নগৰ, ২ নং চহৰীকটা,উজনি মাজুলি, ভাটি মাজুলি, লাচন গাঁও, লাহোৱাল সমষ্টিৰ অধীনৰ টেঙাখাটৰ প্ৰায় অঞ্চল চাবুৱা সমষ্টিৰ ৰহমৰীয়া, গজাই গাঁও, মাইজান, মাইজান ঘাট, ডিব্ৰুগড় সমষ্টিৰ বকুল চাহ বাগিচা, বাণীপুৰ আদি অঞ্চল সমূহ এজাক বৰষুণৰ ফলতেই ডুব যোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ স্থায়ী সমাধানৰ দাবীৰে ভিন্ন শ্ল’গানৰে পৰিৱেশ উত্তাল কৰি তুলে সংগঠনটোৱে।