ডিব্ৰুগড়ত জনস্বাস্থ্য-কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত চাহ বাগিচাত স্বচ্ছ ভাৰত মিছন-গ্ৰামীণ আৰু জলজীৱন মিছন সন্দৰ্ভত সভা

ডিব্ৰুগড়ত জনস্বাস্থ্য-কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত চাহ বাগিচাত স্বচ্ছ ভাৰত মিছন-গ্ৰামীণ আৰু জলজীৱন মিছন সন্দৰ্ভত সভা

এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ জনস্বাস্থ্য- কাৰিকৰী, দক্ষতা বিকাশ আৰু পৰ্যটন ইত্যাদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত যোৱা ৭ চেপ্টেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ দুখনকৈ ধ্বজাবাহী আচঁনি ‘জল জীৱন মিছন’ আৰু ‘স্বচ্ছ ভাৰত মিছন-গ্ৰামীণ’ৰ সঠিক ৰূপায়ণ সন্দৰ্ভত চাহবাগিচা কৰ্তৃপক্ষ আৰু আন অংশীদাৰী সংস্কাৰৰ সৈতে বিতং আলোচনাৰ বাবে এখনি গুৰুত্বপূৰ্ণ সভা ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। জনস্বাস্থ্য- কাৰিকৰী বিভাগৰ উচ্চ পদস্থ বিষয়াসকলে ডিব্ৰুগড় জিলাৰ চাহ বাগিচা এলেকাত ৰূপা‌য়ন হৈ থকা জলজীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছন-গ্ৰামীণৰ ওপৰত বিতং তথ্য সম্বলিত পাৱাৰ প্ৰেজেন্টেচন আগবঢ়ায়। জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উপস্থিত চাহ বাগিচা কৰ্তৃপক্ষক নিজ নিজ চাহ বাগিচাত জলজীৱন মিছনৰ অধীনত পানী যোগান আচঁনি নিৰ্মাণৰ কাম সূচাৰুৰূপে সম্পাদন কৰাত বিভাগীয় কৰ্তৃপক্ষক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱাৰ লগতে স্বচ্ছ ভাৰত মিছনৰ অধীনত চাহ বাগিচা এলেকাত ব্যক্তিগত শৌচালয় নিৰ্মাণৰ কাম তৰান্বিত কৰিবলৈয়ো আহ্বান জনায়। এই সভাতে লাহোৱাল উন্নয়নখণ্ডৰ অন্তৰ্গত ইকৰাতলি গাঁও পঞ্চায়তৰ গনেশবাৰী চাহবাগিচা পানী যোগান আচঁনিত কৰ্মৰত জলমিত্ৰ ৰুমী কৰ্মকাৰ আৰু টিংখাং উন্নয়নখণ্ডৰ অন্তৰ্গত পিঠাগুটি গাওঁ পঞ্চায়তৰ দিৰৈ চাহ বাগিচা ‘ক’ ৩ নং দৰ্খাস্ত পানী যোগান আচঁনিৰ জলমিত্ৰ চুমন নাগ হৰপালক আগবঢ়োৱা অতুলনীয় সেৱাৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জল সেৱা বটাঁ প্ৰদান কৰে। সভাত চাহ জনজাতি কল্যাণ আৰু শ্ৰমিক কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিশান, ডিব্ৰুগড় বিধানসভাৰ সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা, খোৱাং বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰচ গোৱালা, নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈ, জিলা আয়ুক্ত বিক্ৰম কৈৰী প্ৰমূখ্যে জনস্বাস্থ্য কাৰীকৰি বিভাগৰ উচ্চ পদস্থ বিষয়া তথা কৰ্মচাৰীসকল উপস্থিত থাকে।