ডিব্ৰুগড়ত জনজাতীয় সমাজৰ সৰ্বাংগীন উন্নয়নৰ অৰ্থে আদি কৰ্মযোগী অভিযান
এম হাছিম আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- আৰ্থ-সামাজিক সুৰক্ষাজনিত চৰকাৰী আঁচনিসমূহৰ সফল ৰূপায়নৰ জৰিয়তে জনজাতীয় সমাজখনৰ সর্বাংগীন উন্নয়নৰ লক্ষ্যৰে ভাৰত চৰকাৰৰ জনজাতীয় পৰিক্ৰমা বিভাগে “আদি কর্মযোগী অভিযান” নামেৰে এটি অভিলাসী তথা দূৰদৰ্শী আচঁনি হাতত লৈছে। এই আচঁনিৰ দ্বাৰা চৰকাৰী কৰ্মচাৰীসকলক উপযুক্ত প্ৰশিক্ষণ প্ৰদানৰ জৰিয়তে আদি কর্মযোগী হিচাপে সবলীকৰণ কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে আৰু গ্রামীন পর্যায়ত ৰাইজক অংশীদাৰ কৰি ২০৩০ চন পর্যন্ত ৰূপায়িত কৰিব পৰা ভিশ্ব্যন প্লেন বা পৰিকল্পনা প্ৰস্তুত কৰাৰ প্ৰয়াস কৰা হৈছে। এই আঁচনিখনে প্ৰাৰম্ভিক পৰ্যায়ত দেশৰ ৩২৪ খন জিলাৰ মুঠ ৬১,৮৪১ খন গাঁও সামৰি লৈছে। সামগ্রিকভাৱে এই আঁচনিখনে মুঠ এক লাখ জনজাতীয় গাঁৱৰ ১০.৫ কোটি নাগৰিকৰ জীৱনত ইতিবাচক পৰিৱর্তন আনিব। সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড় জিলাত এই আদি কৰ্মযোগী আভিযানৰ প্ৰথম পৰ্যায়ৰ ৰূপায়নৰ বাবে সাজু হৈছে। ইতিমধ্যে ন’ডেল বিষয়া আৰু প্ৰশিক্ষক বিষয়াসকলক চিনাক্ত কৰি অধিসূচনা জাৰী কৰা হৈছে। ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণৰ পিছতেই এই আঁচনিখনৰ অধীনত বিস্তাৰিতভাৱে কাৰ্যক্ৰমনিকা আৰম্ভ কৰা হ’ব। এই আচঁনিখনে ভাৰতৰ ৩০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলকে ধৰি ৫৫০ৰ অধিক জিলা আৰু ৩,০০০ ব্লকৰ ১ লাখ জনজাতীয় প্ৰধান গাঁৱৰ মাজৰ পৰা ২০ লাখ উদয়ীমান যুৱক-যুৱতীক বাছনি কৰিব যি প্ৰায় ১০.৫ কোটি জনজাতীয় নাগৰিকক তৃণমূল পৰ্য্যায়ত নেতৃত্ব প্ৰদান কৰিব। ইয়াত আদি কর্মযোগীসকলে জনজাতীয় সমাজৰ আগৰণুৱা তথা নেতৃস্থানীয় ব্যক্তিসকল আৰু যুৱ স্বেচ্ছাসেৱক সকলক আদি-সহযোগী আৰু আদি-সাথী হিচাপে লগত লৈ কাম কৰিব। ইতিমধ্যে ১৫ আগষ্ট তাৰিখে ডিব্ৰুগড় জিলাৰ আটাইকেইটা উন্নয়নখণ্ডত অনুষ্ঠিত হোৱা বিশেষ গাওঁ সভাসমূহত আদি কর্মযোগী অভিযানৰ কাৰ্যকৰীকৰণৰ সন্দৰ্ভত সবিষ্টাৰে আলোচনা কৰা হয়। বিশেষকৈ বিভিন্ন চৰকাৰী সা-সুবিধা একে স্থানতে উপলব্ধ কৰি গাঁওসমূহত প্ৰতিষ্ঠা কৰিবলৈ লোৱা আদি সেৱা-কেন্দ্র, সাপ্তাহিক জনজাতীয় সেৱা-ঘণ্টা তথা অংশীদাৰিত্বৰ মাধ্যমেৰে গ্ৰামীন কাৰ্য-পৰিকল্পনা যুগুত কৰাৰ ক্ষেত্ৰত অনুষ্ঠিত হোৱা আলোচনাত ৰাইজে আগ্ৰহেৰে অংশগ্ৰহণ কৰে।