ডিব্ৰুগড়ত জনগোষ্ঠীয় পৰ্যটনৰ উন্নয়নৰ আলোচনা চক্ৰ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত বিশ্ব পৰ্য্যটন দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড় চহৰৰ ‘ব্লচম এক্সতিকা’ ৰিজৰ্টত জনগোষ্ঠীয় পৰ্য্যটনৰ উন্নয়নৰ বাবে বিগত ১১ বছৰে প্ৰয়াস কৰি অহা ডo হিৰণমনি বৰগোহাঁইৰ উদ্যোগত জনগোষ্ঠীয় পৰ্য্যটনৰ ওপৰত এখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হয়। প্ৰাক্তন শিক্ষা সঞ্চালক ডo কমল জ্যোতি গগৈৰ বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা চেমিনাৰ খনৰ আঁত ধৰে আয়োজক ডo হিৰণমনি বৰগোহাঁয়ে।সভাত সভাপতিত্ব কৰে বকতাৰ সমাজকৰ্মী শৰৎ চন্দ্ৰ বৰুৱাই। ডo কমলজ্যোতি গগৈ, দুৰ্লভ গগৈ, অপৰ্ণা বৰা, অৰ্চনা ৰাজকোঁৱৰ, ডo অতুল বুঢ়াগোহাঁই, সুভাষ দিহিঙ্গীয়া আৰু দুৰ্লভ চেতিয়াই চেমিনাৰ খনত বহুমূলীয়া ভাষণৰ লগতে বহু কেইটা পৰামৰ্শ আগ বঢ়ায় ।অসমৰ বিভিন্ন ঠাইৰ জনগোষ্ঠীয় পৰ্য্যটনৰ সৈতে জৰিত সকলৰ এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰি জনগোষ্ঠীয় পৰ্য্যটনক নতুন গতি দিবলৈ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে।