ডিব্ৰুগড়ত ছাত্ৰ সংগঠনকে ধৰি ৩০ টা জনগোষ্ঠীয় সংগঠন “কা”ৰ বিৰুদ্ধে অনশন

ডিব্ৰুগড়ত ছাত্ৰ সংগঠনকে ধৰি ৩০ টা জনগোষ্ঠীয় সংগঠন “কা”ৰ বিৰুদ্ধে অনশন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- নাগৰিকত্ব সংশোধনী আইন কা’ৰ বিৰুদ্ধে আৰু এই আইন বাতিল নোহোৱা পৰ্যন্ত সংগ্ৰাম অব্যাহত ৰখা হুংকাৰ সদৌ অসম ছাত্ৰ সন্থাৰ। দেওবাৰে( ১০-৩-২৪) সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বানত চহৰৰ মাজ মাজমজিয়াত থানা চাৰিআলিত ৩০ টাকৈ জনগোষ্টীয় সংগঠনৰ আহ্বানমৰ্মে পুৱা ছয় বজাৰ পৰা সন্ধিয়া ছয় বজালৈকে ১২ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে। সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰাৰ বাবে কেন্দ্রীয় চৰকাৰ তৎপৰ হোৱাৰ সময়তে বিতর্কিত আইনখন বাতিলৰ দাবীত পুনৰবাৰ প্ৰতিবাদমুখৰহৈ পৰিছে সমগ্ৰ ৰাজ্য। ইয়াৰে অংশ হিচাপে ডিব্ৰুগড়তো ছাত্ৰ সংগঠনকে আদি কৰি কেইবাটাও সংগঠনে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আইনখনৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে অনাগত সময়ত ইয়াৰ বিৰুদ্ধে তীব্র প্রতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে। আনহাতে অনশন কাৰ্যসূচীত উপস্থিত থকা নেতাসকলে পুলিচ আৰু চৰকাৰে যিমানে ভয় ভাবুকি দিয়ক প্রয়োজন হ’লে বুকুত গুলী খাম, কিন্তু এই আইনৰ বিৰোধিতা কৰি আহিছো আৰু কৰি যাম আৰু মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাচতো বিজেপি চৰকাৰে অসমীয়া মানুহৰ মতামতক আওকাণ কৰি “নাগৰিকত্ব সংশোধনী আইন” কা’ বলৱৎ কৰিবলৈ চেষ্টা কৰা কাৰ্য কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ সদৌ অসম ছাত্ৰ সন্থাৰ নেতা-কৰ্মীসকলৰ। প্ৰতিবাদকাৰীসকলে ‘জয় আই অসম’ ‘কা আমি নামানো’, ‘কা বাতিল কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰে। অনশন কাৰ্যসূচীত অংশ গ্ৰহণ কৰে সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ সভাপতি তনুজ হালৈ আৰু সাধাৰণ সম্পাদক পাপু শইকীয়াৰ লগতে ডিব্ৰুগড় ছাত্ৰ সন্থাৰ সদস্য বৃন্দই এই ১২ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে।