ডিব্ৰুগড়ত ছাত্ৰ ছাত্ৰীৰ পাঠ্যপুথি যোগানৰ দাবীত বিক্ষোভ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ

ডিব্ৰুগড়ত ছাত্ৰ ছাত্ৰীৰ পাঠ্যপুথি যোগানৰ দাবীত বিক্ষোভ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা– ছাত্ৰ ছাত্ৰীৰ অনিয়মীয়া পাঠ্য পুথি যোগানৰ প্ৰতিবাদত আৰু অতি শীঘ্ৰেই পাঠ্যপুথি যোগানৰ দাবীত আজি (২৮ মে’ )সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী বিক্ষোভ অনুষ্ঠিত হয় ডিব্ৰুগড়ৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয় সন্মুখত।নতুন শিক্ষা বৰ্ষৰ দুমাহ অতিক্ৰম কৰাৰ পাছতো ছাত্ৰ ছাত্ৰীক পাঠ্যপুথি যোগান ধৰাত শিক্ষা বিভাগ ব্যৰ্থ হৈছে। শিক্ষা বিভাগৰ অসম ৰাজ্যিক পাঠ্যপুথি প্ৰনয়ন আৰু প্ৰকাশন নিগম লিমিটেডে এতিয়ালৈকে পাঠ্যপুথি প্রস্তুত আৰু ছপা কৰিব পৰা নাই।এইয়া ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ বাবে দুৰ্ভাগ্যজনক ।অনভিজ্ঞ প্ৰতিষ্ঠানক পাঠ্যপুথি ছপাৰ নিবিদা প্ৰদান কৰি ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনক লৈ হেতালি খেলিছে।শিক্ষা বিভাগৰ এনে কাণ্ডজ্ঞানহীনতাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে জীয়াতু ভুগিব লগীয়া হৈছে।নতুন শিক্ষানীতি ৰূপায়নৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসম প্ৰথম বুলি শিক্ষামন্ত্ৰীয়ে গৌৰৱ কৰি থকা শিক্ষা বিভাগত ছাত্ৰ ছাত্ৰীয়ে পাঠ্যপুথি অবিহনে কেনেদৰে শিক্ষা গ্ৰহণ কৰিছে তাৰ প্ৰতি অসম চৰকাৰৰ শিক্ষা বিভাগে কোনো গুৰুত্ব প্ৰদান কৰা দেখা নাই বুলি অভিযোগ কৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই। তেওঁলোকে অসম চৰকাৰ হায় হায় , শিক্ষামন্ত্ৰী মুৰ্দাবাদ, অসম চৰকাৰ লেইলেই চেই চেই আদি বিভিন্ন শ্লোগান দি উত্তাল কৰি তোলে। এই বিক্ষোভ কাৰ্যসূচীৰ যোগেদি অতি শীঘ্ৰেই ছাত্ৰ ছাত্ৰীৰ মাজত বিনামূলীয়া পাঠ্যপুঠি যোগানৰ দাবী জনায় ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাই।